স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৫ কোটি ক’ভিড পৰীক্ষা সম্পন্ন হ’ল ভাৰতত

আজি সম্পন্ন হ’ল ৩৬,৭০৩ টা পৰীক্ষা

Posted On: 08 SEP 2020 12:27PM by PIB Guwahati

আগ্ৰাসী আৰু প্ৰসাৰী ক্ষীপ্ৰতাৰে কৰা ক’ভিড-১৯ ৰ পৰীক্ষাই এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনক শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। ভাৰতে এই ক’ভিড-১৯ পৰীক্ষাৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে ৫ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰী মাহত পুনেস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জীৰ পৰীক্ষাগাৰত সম্পন্ন হোৱা মাত্ৰ এটা পৰীক্ষাৰ পৰা আৰম্ভ কৰি আজিলৈ মুঠ ৫,০৬,৫০,১২৮ টা পৰীক্ষা সম্পন্ন হৈছে সমগ্ৰ ভাৰত। উল্লেখ্য যে বিগত ২৪ ঘণ্টাতে ১০,৯৮,৬২১ টা পৰীক্ষা সম্পন্ন কৰাৰ যোগেদি দেশত পৰীক্ষা সামৰ্থ্য বৃদ্ধি কৰা হৈছে।

প্ৰতিদিনে কৰা গড় পৰীক্ষা (সপ্তাহভিত্তিক)ই এই ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ দিশটো স্পষ্ট কৰি তোলে। উল্লেখ্য যে জুলাই মাহৰ তৃতীয়টো সপ্তাহ (৩,২৬,৯৭১) ৰ পৰা ছেপ্তেম্বৰ মাহৰ প্ৰথমটো সপ্তাহ (১০,৪৬,৪৭০) লৈ ৩.২ গুণ বৃদ্ধি পাইছে।

Public Health Criteria to Adjust Public Health and Social Measures in the Context of COVID-19ত উল্লেখ কৰা ইয়াৰ পৰামৰ্শ টোকাত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ সকলোবোৰ দেশকে প্ৰতিদিনে প্ৰতি দহ লাখ জনসাধাৰণৰ মাজত অন্ততঃ ১৪০ টা পৰীক্ষা সম্পন্ন কৰিবলৈ পৰামৰ্শ দিছে, এনে পৰিপ্ৰেক্ষিততহে সন্দেহজনক ঘটনাৰ ওপৰত সৰ্বাত্মক নিৰীক্ষণ ৰাখিবলৈ সক্ষম হ’ব। ভাৰতত সপ্তাহভিত্তিত সম্পন্ন হোৱা গড় তথ্যই দেখুৱায় যে ভাৰতত ক্ষীপ্ৰতাৰে এই পৰীক্ষা সম্পন্ন হৈছে।

WhatsApp Image 2020-09-08 at 10.54.05 AM.jpeg

ডায়েগ্ন’ষ্টিক লেবৰেট’ৰীৰ পৰিব্যাপ্ত নেটৱৰ্কে প্ৰতি দহ লাখ পৰীক্ষাক ব্যাপকভাৱে উত্তৰণ প্ৰদান কৰিছে। এই টিপিএম বা প্ৰতি মিলিয়নত সম্পন্ন পৰীক্ষাৰ ক্ষেত্ৰত বিগত ১ জুলাইত ৬৩৯৬ থকাৰ বিপৰীতে আজি ৩৬,৭০৩ টালৈ বৃদ্ধি পাইছে। দেশত ধাৰাবাহিকভাৱে পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰি থকা হৈছে আৰু ফলশ্ৰুতিত সম্প্ৰতি দেশত ১৬৬৮ টা পৰীক্ষাগাৰ আছে। ইয়াৰ ভিতৰত চৰকাৰী পৰীক্ষাগাৰক আছে ১০৩৫ টা আৰু বেচৰকাৰী পৰীক্ষাগাৰ আছে ৬৩৩ টা। ইয়াৰ সন্নিৱিষ্ট আছে -

ৰীয়েল টাইম আৰটি পিচিআৰ ভিত্তিক পৰীক্ষাগাৰ – ৮৪৬ (চৰকাৰী ৪৬৭ + ব্যক্তিগত ৩৭৯)

ট্ৰুনেট ভিত্তিক পৰীক্ষাগাৰ –৭০০ (চৰকাৰী ৫৩৪ + ব্যক্তিগত ১৬৬)

CBNAAT ভিত্তিক পৰীক্ষাগাৰ১২২  (চৰকাৰী ৩৪ + ব্যক্তিগত ৮৮)

ক’ভিড-১৯ৰ বিষয়ে বস্তু নিষ্ঠ তথ্যৰ বাবে  আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবৰ বাবে https://www.mohfw.gov.in/ লিংকত ক্লিক কৰক অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰো সহায় ল’ব পাৰে।

ক’ভিড-১৯ ৰ বিষয়ে কোনো পৰামৰ্শ দিবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা ncov2019[at]gov[dot]in - এই দুটাই-মেইলত যোগাযোগ কৰিব পাৰিব।টুইটাৰ হেণ্ডেল@CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬ অথবা ট’লফ্ৰীনম্বৰ ১০৭৫ত ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্যত কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰ সমূহৰ তালিকা লাভ কৰিবলৈ বিচাৰিলে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

****

MV/SJ/RD



(Release ID: 1652265) Visitor Counter : 175