নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়
বিস্তৃত কাৰ্যসূচীৰে ‘প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি শীৰ্ষ সন্মিলন’ৰ প্ৰস্তুতি সম্পূৰ্ণ
‘নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়’, ‘বিশ্ব বেংক’ আৰু ‘আইএছএ’ৰ মাজত হ’বললগীয়া চুক্তিৰ লগতে স্বাক্ষৰিত হ’ব মুঠ চাৰিখন সহযোগিতা চুক্তি
সৌৰ প্ৰযুক্তি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেল উন্মোচিত হ’ব
Posted On:
07 SEP 2020 12:24PM by PIB Guwahati
‘আন্ত্ঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’(আইএছএ)ই আয়োজন কৰা ‘প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি শীৰ্ষ সন্মিলন’(ডব্লিউএছটিএছ)খন কাইলৈ বিয়লি(৮ছেপ্টেম্বৰ, ১৬.৩০বজাত) আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হ’ব। ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিতব্য শীৰ্ষ সন্মিলনখনত ১৪৯ খন দেশৰ ২৬,০০০ৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণৰ বাবে ইতিমধ্যে নাম পঞ্জীয়ণ কৰিছে। সন্মিলনত ব্যয়সাপেক্ষ, বহনক্ষম নিকা আৰু সেউজ শক্তি উত্পাদনৰ বিভিন্ন দিশৰ লগতে সৌৰ শক্তি উত্পাদনৰ বাবে নৱ-প্ৰজন্মৰ কলা সুলভ প্ৰযুক্তিৰ উদ্ভাৱনী সম্ভাৱনীয়তা সন্দৰ্ভত বিস্তৃত আলোচনাত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ‘আইএছএ’-ৰ সভাপতিদ্বয় ক্ৰমে ভাৰতৰ ‘শক্তি তথা নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগ’ৰ মন্ত্ৰী শ্ৰী আৰ কে সিং আৰু ফ্ৰান্সৰ ‘ইক’ল’জীকেল ট্ৰেনজিশ্যন’ বিভাগৰ মন্ত্ৰী শ্ৰীমতী বাৰবাৰা পম্পিলিৰ লগতে আফ্ৰিকা, এছিয়া পেচিফিক, লেটিন আমেৰিকান আৰু কেৰিবীয়ান অঞ্চলৰ ‘আইএছএ’ৰ উপ সভাপতিসকল উপস্থিত থাকিব। ইফালে, ভাৰত চৰকাৰৰ ‘প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা’ অধ্যাপক কে বিজয় ৰাঘাৱনে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে সন্মিলনত অনুষ্ঠিতব্য আলোচনাৰ বিষয়বস্তু উপস্থাপন কৰিব।
শীৰ্ষ সন্মিলনখনৰ বিভিন্ন কাৰ্যসূচীত ‘আইএছএ’-ৰ বিভিন্ন সদস্য ৰাষ্টসমূহৰ উচ্চ-পৰ্যায়ৰ প্ৰতিনিধি মণ্ডলীয়ে অংশ গ্ৰহণ কৰাৰ লগতে ‘ৰাষ্ট্ৰীয় কেন্দ্ৰীয় গোটসমূহ’ আৰু চৰকাৰসমূহৰ বিষয়ববীয়া, কূটনৈতিক মিছনসমূহৰ প্ৰতিনিধি, ‘আইএছএ’-ৰ অংশীদাৰসকল, বাণিজ্য আৰু উদ্যোগখণ্ডৰ নেতৃত্ববহণকাৰীসকল, সৌৰ প্ৰকল্প বিকাশক, সৌৰ উপকৰণ নিৰ্মাতা, গৱেষণা তথা বিকাশ প্ৰতিষ্ঠানসমূহ, বৌদ্ধিক আৰু চিন্তানায়কসকল, সামজিক সংস্থা, আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা দানকৰোতাসকল, অনা চৰকাৰী আৰু সমূহীয়া সংগঠন, বুদ্ধিজীৱি, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম, বহু পাক্ষিক আৰু দ্বিপাক্ষিক এজেন্সীসমূহে অংশগ্ৰহণ কৰাৰ কথা।
ন’বেল বিজয়ী ড০ এম ষ্টানলী হুটিনঘাম( জন বি গুডএনাফ আৰু আকিৰা য়’শ্বিনৰে ২০১৯বৰ্ষত যুটীয়া ভাবে ৰসায়ণ বিজ্ঞানৰ নবেল প্ৰাপক)য়ে উদ্বোধনী অনুষ্ঠানৰ মূল ভাষণ প্ৰদান কৰিব। অনুষ্ঠানত চুইজাৰলেণ্ডৰ ‘ছ’লাৰ ইমপালছ ফাউণ্ডেশ্যন’ৰ প্ৰতিস্থাপক তথা অধ্যক্ষ শ্ৰী বাৰ্ণাৰ্ড পিকাডেও বক্তব্য প্ৰদান কৰিব।
উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাষণ দিব।
শীৰ্ষ সন্মিলনখনৰ সামৰণি সমাৰোহত অন্যান্যসকলৰ লগতে উপস্থিত থাকিব ‘আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থা’(আইআৰইএনএ) আৰু ‘আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা’(আইইএ)ৰ প্ৰতিনিধিসকলো।
ইফালে, সন্মিলনত ‘নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়’, ‘বিশ্ব বেংক’ আৰু ‘আইএছএ’ৰ মাজত হ’বললগীয়া এখন চুক্তিৰ লগতে স্বাক্ষৰিত হ’ব মুঠ চাৰিখন সহযোগিতা চুক্তি। তদুপৰি সৌৰ প্ৰযুক্তি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেল এখনো উন্মোচিত হ’ব।
শীৰ্ষ সন্মিলনখন আয়োজন কৰাৰ বাবে ‘আইএছএ’ৰ সৈতে ‘ফেডাৰেশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ’(ফিকি)য়ে কাম কৰি আছে।
সন্মিলনৰ সকলো কাৰ্যসূচী চাৰিটা ভাষা : ইংৰাজী, স্পেনিছ, ফৰাচী আৰু আৰৱীত সম্প্ৰচাৰিত হ’ব। ইফালে, সম্পূৰ্ণ কাৰ্যসূচী ‘আইএছএ’ আৰু ‘ফিকি’ৰ ইউটিউব চেনেলতো উপলব্ধ কৰা হ’ব।
Click here to see Provisional Agenda_WSTS
RCJ/ M/KB
(Release ID: 1651996)
Visitor Counter : 223