স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত আৰোগ্যৰ হাৰৰ উথ্থান অব্যাহত : ২৪ঘণ্টাত ৭৩,৬৪২গৰাকী আৰোগ্যৰে এদিনত সৰ্বাধিক আৰোগ্যৰ অভিলেখ

একেৰাহে দুদিন ধৰি প্ৰতিদিনে ৭০,০০০ৰো অধিক ব্যক্তিয়ে লাভ কৰিলে আৰোগ্য

Posted On: 06 SEP 2020 1:40PM by PIB Guwahati

দেশত কভিড-১৯ আক্ৰন্ত ৰোগীৰ আৰোগ্য লাভৰ দৈনিক হাৰৰ দ্ৰুত উথ্থান অব্যাহত আছে। একেৰাহে দুটা দিন ধৰি প্ৰতিদিনে ৭০,০০০ৰো অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে ভাৰতত। 

শেহতীয়া ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে মুঠ ৭৩,৬৪২গৰাকী। এইসকল ব্যক্তিয়ে হোম কোৱাৰিণ্টাইন, আইছলেশ্যন কিম্বা চিকিত্সালয়ৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতাৰ অনুমতি লাভ কৰিছে।

ইয়াকে ধৰি আজি পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ প্ৰায় ৩২ লাখ(৩১,৮০,৮৬৫)। এই উথ্থানৰ ফলত দেশত আৰোগ্য লাভৰ শতকৰা হাৰ হৈছেগৈ ৭৭.৩২%

দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আক্ৰান্তৰ  সংখ্যা দিনে দিনে কমিবলৈ ধৰিছে। ৰোগ নিৰ্ণয়ৰ বাবে সম্পন্ন কৰা পৰীক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ ফলত পোণতে আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়া ভাবে এই হাৰ দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে।

এনে প্ৰয়াসৰ পৰিণতিতে ভাৰতত কভিড আক্ৰান্তৰ মৃত্যুৰ শতকৰা হাৰ আজি ১.৭২শতাংশলৈ অৱনমিত হৈছে। তদুপৰি মুঠ আক্ৰন্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা আজিৰ তাৰিখত ৮,৬২,৩২০গৰাকী আৰু এয়া দেহত কভিডৰ উপস্থিতি নিশ্চিত হোৱা মুঠ ব্যক্তিৰ মাত্ৰ ২০.৯৬শতাংশ বুলি ঠাৱৰ কৰা হৈছে।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf.

 

****

MV/SJ



(Release ID: 1651890) Visitor Counter : 145