উপ-ৰাষ্ট্ৰপতি সচিবালয়

সৰ্বশ্ৰেষ্ঠ হোৱটোৱেই নিয়ম, শ্ৰেষ্ঠতাৰ বাবে প্ৰয়াস কৰক, মধ্যমীয়া হ’ব নালাগেঃ উপ-ৰাষ্ট্ৰপতি

মহামাৰীৰ সময়ত শিক্ষকসকলৰ অভিনৱ প্ৰয়াসক অভিনন্দন

ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ মহান অৱদানক সন্মান কৰাটো আমাৰ কৰ্তব্যঃ উপ-ৰাষ্ট্ৰপতি

জীৱনজুৰি শিক্ষা গ্ৰহণ কৰি থকা, সৰ্বোত্তমক আহৰণ কৰা, এয়াই ভাৰতীয় জীৱনশৈলীৰ আদৰ্শঃ উপ-ৰাষ্ট্ৰপতি

প্ৰাচীন কালৰে পৰা ভাৰতত শিক্ষাক সাত্বিক আৰু পবিত্ৰ বৃত্তি হিচাপে জ্ঞান কৰা হয়ঃ উপ-ৰাষ্ট্ৰপতি

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি নিবেদন

Posted On: 05 SEP 2020 3:04PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি কয় যে সৰ্বোত্তম হোৱাটোৱেই আমাৰ নিয়ম হোৱা উচিত, মধ্যমীয়া অৱস্থাতে সন্তুষ্ট থাকিব নালাগে৷ শিক্ষক দিৱস উপলক্ষে তেওঁৰ ফেচবুক পোষ্টত নিজৰ চিন্তাধাৰা ব্যক্ত কৰি শ্ৰী নাইডুৱে সোঁৱৰাই দিয়ে ইতিহাসৰ এটা সময়ত ভাৰত বিশ্বগুৰু আছিল, যি বিশ্ব বৌদ্ধিক আৰু আধ্যত্মিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷

তেওঁ কয় যে নালন্দা, তক্ষশীলা, পুষ্পগিৰিৰ দৰে শিক্ষা ব্যৱস্থা আমাৰ উকৃষ্টতাৰ প্ৰতীক৷ ভাৰতীয় সমাজত বিদ্যা আৰু অধ্যয়নে সন্মানীয় স্থান লাভ কৰিছিল আৰু অধ্যাপনাক সাত্বিক পবিত্ৰ বৃত্তি হিচাপে সন্মান প্ৰদান কৰা হৈছিল৷

নিজৰ ফেচবুক পোষ্টত শ্ৰী নাইডুৱে নিজৰ শিক্ষাগুৰুসকলক সশ্ৰদ্ধ স্মৰণ কৰে, যিসকলে তেওঁৰ ব্যক্তিত্বত অবিস্মৰণীয় চাপ বহুৱাইছিল৷ আচাৰ্য দেৱ ভৱৰ ভাৰতীয় অৱধাৰণাক স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিয়ে লিখে যে গুৰুজনৰ মাজত দেৱত্বক পৰিলক্ষিত হয়, কাৰণ তেওঁ এক সম্পূৰ্ণ ব্যক্তিত্ব গঢ় দিয়ে, নতুন চিন্তাধাৰাৰ প্ৰয়োগ কৰাৰ প্ৰতি উসাহিত কৰাৰ লগতে ভাল চিন্তাধাৰাৰ সংৰক্ষণ সংবৰ্ধন কৰে, সংশয়ৰ সমাধান কৰি উকৃষ্টতা গঢ় দিয়ে৷

তেওঁ কয় যে নতুন শিক্ষা নীতি ২০২০ত শিক্ষকবৃন্দক শিক্ষা পদ্ধতিৰ হূদয় হিচাপে অভিহিত কৰা হৈছে৷ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকৰ মহান অৱদানক সন্মান কৰা উচিত৷

একবিংশ শতিকাক পুনৰ নিৰ্মাণ আৰু উদ্ভাৱনৰ যুগ বুলি অভিহিত কৰি তেওঁ কয় যে এক কথাত আমি এখন বিশ্বজনীন গাঁৱত বসবাস কৰো৷ তেওঁ একবিংশ শতিকাৰ শিক্ষকসকলৰ প্ৰতি আহ্বান জনায় যে তেওঁলোকে ভৱিষ্যতে এনে নাগৰিক গঢ় দিয়ক, যাৰ দৃষ্টি বিশ্বব্যাপি হওক, কিন্তু মুল সংস্কাৰ ভাৰতীয় হওক৷

ক’ৰোনা মহামাৰীৰ সময়ত শিক্ষকসকলৰ অভিনৱ প্ৰয়াসক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিয়ে কয় যে কৌশলৰ জৰিয়তে শিক্ষকসকলে শিক্ষাক ৰুচিসন্মত, সুগম আৰু বন্ধুসুলভ কৰি তুলিছে৷ তেওঁলোকেৰ নতুন প্ৰযুক্তি শিকা আৰু গ্ৰহণ কৰাৰ সাহস দেখুৱাৰ লগতে বিশ্বাসযোগ্যতা বৃদ্ধি কৰিলে৷

জীৱনজুৰি শিক্ষা গ্ৰহণ কৰি থকা, সৰ্বোত্তমক আহৰণ কৰা, এয়াই ভাৰতীয় জীৱনশৈলীৰ আদৰ্শ বুলি সদৰি কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে আমি আনুষ্ঠানিক শিক্ষাৰ উপৰি পৰিয়াল তথা সমনীয়া আৰু চুবুৰীয়াৰ পৰা বিভিন্ন কথা শিকো৷

ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নাইডুৱে কয় যে তেওঁ এগৰাকী সুবিখ্যাত ৰাষ্ট্ৰনেতা, পণ্ডিত আৰু লেখক আছিল, যি দৰ্শন, তৰ্কশাস্ত্ৰ, মনোবিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ দিশত গভীৰ জ্ঞান আছিল৷

*****

VRRK/MS/MSY/DP/DB



(Release ID: 1651806) Visitor Counter : 134