গৃহ মন্ত্ৰালয়

আজি 71RR বেটছৰ ইণ্ডিয়ান পুলিছ চাৰ্ভিছ(আই পি এছ) ৰ বিষয়াসকলৰ দীক্ষান্ত পেৰেড অনুষ্ঠানলৈ শুভেচ্ছা শুভেচ্ছা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

আই পি এছ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শ্ৰদ্ধা জনাই গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় – প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা উৎসাহজনক ভাষণা আমাৰ যুৱ বিষয়াসকলক যথেষ্ট মানসিক শক্তি প্ৰদান কৰিব আৰু কেনেদৰে আৰক্ষী আৰু জনতাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰি সেই সন্দৰ্ভত পথ দেখুৱাব

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখি এইসকল আইপিএছ বিষয়াই অনবদ্য ঐকান্তিকতাৰে দেশৰ প্ৰতি সেৱা আগবঢ়াব।”

মই বিশ্বাসী যে কৰ্তব্যৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাই আমাৰ যুৱ প্ৰজন্মক ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে উদ্বুদ্ধ কৰিব।” – কেন্দ্ৰীয় গৃহ মন্ত্ৰী

কেন্দ্ৰীয় গহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ভাল্লাই ভিডিঅ’ কনফাৰেন্সযোগে পেৰেডত অংশগ্ৰহণ কৰে

Posted On: 04 SEP 2020 3:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে হায়দৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল নেশ্যনেল পুলিচ একাডেমীত আইপিএছসকলৰ দীক্ষান্ত পেৰেডত অংশগ্ৰহণকাৰী ২০১৮ চনত নিয়োগ লাভ কৰা 71 RR বেটছৰ ইণ্ডিয়ান পুলিছ চাৰ্ভিছ (আই পি এছ) বিষয়াসকলৰৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহেও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী অমিত শ্বাহে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা উৎসাহজনক ভাষণা আমাৰ যুৱ বিষয়াসকলক যথেষ্ট মানসিক শক্তি প্ৰদান কৰিব আৰু কেনেদৰে আৰক্ষী আৰু জনতাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰি সেই সন্দৰ্ভত পথ দেখুৱাব"

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, এই যুৱ আইপিএছ বিষয়াসকলৰ দীক্ষান্ত পেৰেডলৈ শুভেচ্ছা জনাই এক টুইটযোগে কয়, আইপিএছ বিষয়াসকলে জাতিৰ সেৱাৰ প্ৰতি সহায় আগবঢ়াব আৰু দেশৰ সাৰ্বভৌমত্ব তথা নিৰাপত্তা নিশ্চিত কৰিব। গৃহমন্ত্ৰীয়ে লগতে কয়, "মই বিশ্বাসী যে কৰ্তব্যৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাই আমাৰ যুৱ প্ৰজন্মক ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে উদ্বুদ্ধ কৰিব।"

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী শ্ৰী জি, কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ভাল্লাও আজিৰ এই দীক্ষান্ত পেৰেড অনুষ্ঠানত উপস্থিত থাকে।

 

বিগত বৰ্ষৰ ৭ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত এই শিক্ষানবিশ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ এই যুৱ বিষয়াসকলক সাহস প্ৰদান কৰি কয়, তেওঁলোক এতিয়া এনে এক কামৰ সৈতে জড়িত হৈছে, যিটো কামৰ যোগেদি দেশৰ নাগৰিকৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিয়োজিত। আৰক্ষী সম্পৰ্কে মানুহৰ মনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বিষয়েও গুৰুত্ব আৰোপ কৰে তেওঁ।

 

এই একাডেমিত ২৮ জন মহিলাসহ ১৩১ জন বিষয়াই তেওঁলোকৰ ৪২ সপ্তাহৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে। এই বেটছৰ বিষয়াসকলে এই প্ৰতিষ্ঠানত যোগ দিছিল ২০১৮ চনৰ ১৭ ডিচেম্বৰত। ইয়াৰ পূৰ্বে অন্যান্য আই এ এছ আৰু আই এফ এছ বিষয়াসকলৰ সৈতে তেওঁলোকৰ প্ৰাথমিক প্ৰশিক্ষণ হয় মুছৌৰিৰ লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমী অৱ এডমিনিষ্ট্ৰেশ্যন আৰু হায়দৰাবাদৰ ড: মেৰী চান্না ৰেড্ডী এইচআৰডি ইনষ্টিটিউশ্যন অৱ তেলেঙ্গানাত।

 

এছ ভি পি এন পি এত বিষয়াসকলক প্ৰাথমিকভাৱে ভালেমান আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়ে প্ৰশিক্ষণ দিয়া হয়। যাৰ ভিতৰত উল্লেখযোগ্য হ’ল আইন, তদন্ত, বিচাৰ সহায়ক বিজ্ঞান, নেতৃত্ব প্ৰদান, ব্যৱস্থাপনা, অপৰাধ বিজ্ঞান,আভ্যন্তৰীণ নিৰাপত্তা, মানৱাধিকাৰ আৰু নীতিশাস্ত্ৰ, আধুনিক ভাৰতৰ নীতি, কৌশল, অস্ত্ৰ প্ৰশিক্ষণ ইত্যাদি।

*****

NW/RK/AD/DDD/RD



(Release ID: 1651486) Visitor Counter : 127