প্ৰতিৰক্ষা মন্ত্ৰালয়
কলেজ অৱ এয়াৰ ৱাৰফেয়াৰৰ বিষয়াসকলক উদ্দেশ্যি ভাষণ প্ৰদান বায়ুসেনা প্ৰধানৰ
Posted On:
04 SEP 2020 2:11PM by PIB Guwahati
বায়ুসেনা প্ৰধান এয়াৰচীফ মাৰ্শ্বাল আৰ কে এছ ভাদৌৰিয়াই ০৩ ছেপ্তেম্বৰ তাৰিখে কলেজ অৱ এয়াৰ ৱাৰফেয়াৰ (চি এ ডব্লিউ) ভ্ৰমণ কৰে। এই কলেজখন স্থাপন হৈছিল ১৯৫৯ চনত। এই কলেজখনতে বায়ুসেনাৰ সদস্যসকলৰ উচ্চশিক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও তিনিওটা বাহিনীৰ সেনা বিষয়াসকলক সুসংহত পদ্ধতিৰে এয়াৰ ৱাৰফেয়াৰৰ বিষয়ে ইয়াত পাঠদান কৰা হয়।
বায়ুসেনা প্ৰধান চি এ ডব্লিউত তেওঁৰ ভ্ৰমণকালত ৪৪ তম হায়াৰ এয়াৰ কামাণ্ড কোৰ্ছত অংশগ্ৰহণকাৰী তিনিওটা বাহিনীৰ সদস্যসকলৰ উদ্দেশ্যে ভাষণ ৰাখিছে। তেওঁ বিষয়াসকলৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ন ন প্ৰত্যাহ্বানৰ বিষয়ে সংবেদনশীলতাৰে সৈতে আলোচনা কৰে। তেওঁ এই পাঠক্ৰমত অংশগ্ৰহণ কৰা সকলো বিষয়াকে ভৱিষ্যতে যুদ্ধৰ সময় সুসংহত ৰণ কৌশলৰ প্ৰস্তুতি সম্পৰ্কেও বিস্তাৰিতভাৱে জনাইছে।

***
IN/BSK/JP/RD
(Release ID: 1651485)
Visitor Counter : 147