প্ৰতিৰক্ষা মন্ত্ৰালয়

ইন্দ্ৰ নেভী-২০

Posted On: 04 SEP 2020 12:46PM by PIB Guwahati

০৪ ৰপৰা ০৫ ছেপ্টেম্বৰ, ২০২০লৈকে বংগোপসাগৰত ভাৰতীয় নৌ সেনা আৰু ৰাছিয়ান নৌ সেনাৰ দ্বি-বাৰ্ষিক দ্বি-পাক্ষিক সামুদ্ৰিক অনুশীলন ইন্দ্ৰ নেভী ৰ ১১ সংখ্যক সংস্কৰণৰ আয়োজন কৰা হৈছে। ২০০৩ ত আৰম্ভ হোৱা, এই অনুশীলনে উভয় নৌ সেনাৰ মাজৰ দীৰ্ঘ-ম্যাদী সুকৌশলী সম্পৰ্ককে প্ৰতিফলিত কৰি আহিছে। যদিও বংগোপসাগৰত এই অনুশীলনৰ ইতিমধ্যে আৰম্ভণি হৈছে, ভাৰতৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ছাৰ্গেই ছৈগোৰ আমন্ত্ৰণমৰ্মে দ্বি-পাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থৰ প্ৰসংগ আৰু II বিশ্ব যুদ্ধত জয়ৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিৰক্ষা অনুষ্ঠান সন্দৰ্ভত আলোচনাৰ অৰ্থে ০৩ ছেপ্টেম্বৰ, ২০২০ৰপৰাই মস্কো ভ্ৰমণত আছে।

এই অনুশীলনে যোৱা বছৰসমূহত সুযোগ বৃদ্ধি, অভিযানত জটিলতা হ্ৰাস আৰু অংশগ্ৰহণৰ স্তৰ বৃদ্ধিত পূৰ্ণতা প্ৰদান কৰি আহিছে। ইন্দ্ৰ নেভী-২০ অনুশীলনৰ মূল লক্ষ্য হৈছে যোৱা বছৰসমূহত দুয়োটা নৌ সেনাৰদ্বাৰা নিৰ্মাণ কৰা আন্তঃব্যৱহাৰ্যতা ৰ পৰৱৰ্তী দৃঢ়তা সুনিশ্চিত কৰা আৰু বহুমুখী সামুদ্ৰিক অভিযানৰ অৰ্থে বুজাবুজি আৰু কাৰ্যপ্ৰণালী উন্নত কৰি তোলা। এই সংস্কৰণৰ লক্ষ্যই সামুদ্ৰিক অভিযানৰ প্ৰেক্ষাপটত বিস্তৃত-পৰিসৰৰ আৰু বিভিন্ন ক্ৰিয়া-কলাপক সাঙুৰি লৈছে। ক’ভিড-১৯ মহামাৰীৰ বাবে বলবৎ কৰা বাধ্য-বাধকতাৰ বাবে, ‘নন-কনটেক্ট, এট ছী অনলি’ ধৰেণেৰে ইন্দ্ৰ নেভী-২০ অনুষ্ঠিত কৰা হৈছে।

ইয়াত ভাৰতীয় নৌ সেনাই পৰিচালিত মিছাইল ধ্বংসকাৰী ৰণবিজয়, ঘৰুৱা ৰণতৰী সহাদ্ৰী আৰু বহৰ টেংকাৰ শক্তি ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰিব, লগতে থাকিব তেওঁলোকৰ অবিচ্ছেদ্য হেলিকপ্টাৰ। শ্ৰী লংকা বন্দৰত অগ্নিসংযোগ ঘটা এমটি নিউ ডায়মণ্ডক সহায় আগবঢ়াবলৈ বৰ্তমানে সহাদ্ৰী ক পুনৰ নিয়োজিত কৰা হৈছে।

ৰাছিয়ান ফেডাৰেশ্যন নেভীয়ে ধ্বংসকাৰী এডমিৰেল বিনোগ্ৰাদৱ, ধ্বংসকাৰী এডমিৰেল ট্ৰিবিউট আৰু বহৰ টেংকাৰ বৰিছ বুটমা ৰ দ্বাৰা প্ৰতিনিধিত্ব কৰিব।

এই অনুশীলনৰ লক্ষ্য হৈছে আন্তঃব্যৱহাৰ্যতা বৃদ্ধি, দুই নৌ সেনাৰ মাজত উৎকৃষ্ট অনুশীলন আৰু বুজাবুজি ত্বৰান্বিত কৰা আৰু এন্টি-এয়াৰক্ৰাফট ড্ৰিল, ফায়াৰিং অনুশীলন, হেলিকপ্টাৰ অভিযান, সমুদ্ৰশৈলীৰ বিৱৰ্তন ইত্যাদিত অংশগ্ৰহণ। এই অনুশীলনৰ অন্তিম সংস্কৰণটি অনুষ্ঠিত হৈছিল ২০১৮ ৰ ডিচেম্বৰত বিশাখাপট্টনমত।

ইন্দ্ৰ নেভী-২০ অনুশীলনে দুই নৌ বাহিনীৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতা বৃদ্ধি কৰিব আৰু ৰাষ্ট্ৰদুখনৰ মাজৰ বন্ধুত্বৰ দীৰ্ঘ-দিনীয়া বান্ধোন সুদৃঢ় কৰি তুলিব।

***

VM/ MS/SB



(Release ID: 1651474) Visitor Counter : 205