বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

শ্ৰী পীয়ুষ গোৱেলে কয় যে দেশৰ ৰপ্তানি আৰু আমদানিত ইতিবাচক গতি পৰিলক্ষিত হৈছে; বাণিজ্য ঘাটি সামান্য

এমইআইএছৰ বাবে ২ কোটি টকাৰ কেপিঙে আমদানিকাৰকৰ ৯৮% ক্ষতি নকৰেঃ শ্ৰী গোৱেলে ৰপ্তানি বৃদ্ধি পৰিষদৰ সৈতে বৈঠক মন্ত্ৰীৰ

Posted On: 04 SEP 2020 10:00AM by PIB Guwahati

আমদানিকাৰকসকলে দেশৰ বিশ্ব বাণিজ্য, তৃণমূল পৰ্যায়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি ৰপ্তানি বৃদ্ধি পৰিষদ(ইপিচি)সমূহৰ পদাধিকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল৷ উল্লেখ্য যে লকডাউনৰ পৰা ৰপ্তানি বৃদ্ধি পৰিষদসমূহৰ সৈতে এলানি আলোচনাত মিলিত হৈ আহিছে মন্ত্ৰী গোৱেল৷ বৈঠকত মন্ত্ৰালয়ৰ বাণিজ্য সচিব ড০ অনুপ ৱৰ্ধাৱান, জিডিএফটি অমিত যাদৱৰ লগতে একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

এই উপলক্ষে উদ্বোধনী মন্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ৰপ্তানিৰ লগতে আমদানিয়েও ইতিবাচক গতি লাভ কৰিছে৷ মহামাৰীৰ ফলত এপ্ৰিলত ব্যাপক নিম্নগামী হোৱাৰ পাছত বৰ্তমান যোৱা বছৰৰ ৰপ্তানি পৰ্যায়ত উপনীত হৈছে৷ আমদানিৰ ক্ষেত্ৰত মুলধনী সম্পদৰ আমদানি নিম্নগামী হোৱা নাই, কেৱল সোণ, খনিজ পদাৰ্থ আৰু সাৰৰ ৰপ্তানিহে হ্ৰাস পাইছে৷ আমাৰ যোগান শৃংখলাৰ স্থিতাৱস্থা আৰু আমাৰ ৰপ্তানিকাৰকসকলৰ কঠোৰ পৰিশ্ৰমক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয় যে দেশত বাণিজ্য ঘাটি অভূতপূৰ্ব হাৰত হ্ৰাস পাইছে৷
মন্ত্ৰীগৰাকীয়ে কয় যে ২৪টা অতি সম্ভাৱনাপূৰ্ণ, মানসম্পন্ন তথা বিশ্ব বাণিজ্য আৰু মূল্য শৃংখলাত ভাৰতৰ শ্বেয়াৰ বৃদ্ধি কৰিব পৰা নিৰ্মাণ খণ্ড চিনাক্ত কৰা হৈছে৷

ভাৰতৰ সামগ্ৰী ৰপ্তানি আঁচনি(এমইআইএছ)ত শেহতীয়া সাল-সলনিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ২ কোটি টকাৰ কেপিঙে আমদানিকাৰকৰ ৯৮% ক্ষতি নকৰে, যিটো লাভ তেওঁলোকে এই আঁচনিখনৰ অধীনত দাবী কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ইতিমধ্যে ৰপ্তানি সামগ্ৰী শুল্ক আৰু কৰৰ ৰেহাই(আৰঅ’জিটিইপি) ঘোষণা কৰিছে৷ এই নতুন আঁচনিৰ জৰিয়তে ৰপ্তানিকাৰকসকলে পৰিশোধ কৰা অতিৰিক্ত কৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

মন্ত্ৰী গোৱেলে ৰপ্তানিকাৰকসকলক যিমান পাৰি সহায় কৰাৰ আশ্বাস দিয়ে৷ তেওঁ লগতে ভাৰতৰ নিৰ্মাণ খণ্ডত উদ্গনি যোগোৱাৰ বাবে তদৰ্থ কমিটীৰ সৈতে ইপিচিক সম্পৰ্ক ৰক্ষা কৰাৰ আহ্বান জনায়৷

************

YB/AP/DB



(Release ID: 1651319) Visitor Counter : 145