ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কাইলৈ প্ৰত্যাশী জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে মহামাৰীৰ সময়ত সু-শাসন প্ৰৱৰ্তন সন্দৰ্ভত এক কৰ্মশালাত অংশগ্ৰহণ কৰিব

ক’ভিড-১৯ৰ এই এদিনীয়া কৰ্মশালাখনৰ যুটীয়াভাৱে আয়োজন কৰিছে নেচনেল চেণ্টাৰ ফ’ৰ গুড গভাৰ্নেন্স (এনচিজিচি), প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ আৰু নেচনেল ইনষ্টিটিউট ফ’ৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়াই (নিটি)

Posted On: 03 SEP 2020 4:42PM by PIB Guwahati

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ তথা পেঞ্চন ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে ৪ ছেপ্টেম্বৰ ২০২০ তাৰিখে এক ৱেবিনাৰৰ জৰিয়তে প্ৰত্যাশী জিলাসমূহত কোনো মহামাৰীত সু-শাসন ব্যৱস্থা সন্দৰ্ভত কাইলৈ ক’ভিড-১৯ৰ ওপৰত এনচিজিচি-এনআইটিআইৰ এদিনীয়া কৰ্মশালাত সমাপন ভাষণ প্ৰদান কৰিব৷ এদিনীয়া এই সন্মিলনত ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ, ৰাজ্য চৰকাৰসমূহৰ অধ্যক্ষ তথা বক্তা আৰু জিলা উপায়ুক্তসমূহ উপস্থিত থাকিব৷ কৰ্মশালাখনত ডিএআৰপিজি, এনআইটিআই, কেন্দ্ৰীয় মন্ত্ৰালয়, প্ৰত্যাশী জিলা কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় প্ৰভাৰী বিষয়াৰ ৰূপত কাৰ্যনিৰ্বাহ কৰি থকা ভাৰত চৰকাৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়া, জিলা উপায়ুক্ত তথা প্ৰত্যাশী জিলাৰ কাম-কাজ চাই থকা জিলা পৰ্যায়ৰ বিষয়াসকলো অন্তৰ্ভুক্ত থাকিব৷ সমাপন অধিৱেশনত ভাৰত চৰকাৰৰ নিটি আয়োগৰ চিইঅ’ শ্ৰী অমিতাভ কান্ত আৰু ডিএআৰপিজি তথা ডিপিপিডব্লিউৰ সচিব ড কে শিৱাজীয়েও প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব৷ এই কৰ্মশালাৰ গাঁথনি যুটীয়াভাৱে ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰ (এনচিজিজি), প্ৰশাসনিক সংস্কাৰ তথা ৰাজহুৱা অভিযোগ বিভাগ তথা ৰাষ্ট্ৰীয় পৰিৱৰ্তনকাৰী ভাৰত সংস্থা (এনআইটিআই)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ জিলা পৰ্যায়ত সুশাসন ব্যৱস্থাৰ জ্ঞানৰ বিস্তাৰ কৰা৷

<><><><><>

SNC/MANN



(Release ID: 1651189) Visitor Counter : 204