ৰেল মন্ত্ৰালয়
তিনিগৰাকী আৰপিএফ জোৱানক জীৱন ৰক্ষা মেডেলেৰে সন্মানিত কৰিলে ৰাষ্ট্ৰপতিয়ে
এগৰাকীক সৰ্বোত্তম জীৱন ৰক্ষা মেডেল আৰু দুগৰাকীক উত্তম জীৱন ৰক্ষা মেডেলেৰে সন্মানিত
Posted On:
02 SEP 2020 4:29PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজি নিম্নোল্লিখিত ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰপিএফৰ তিনিগৰাকীকৈ জোৱানক জীৱন ৰক্ষা পুৰস্কাৰেৰে সন্মানিত কৰে -
১) সৰ্বোত্তম জীৱন ৰক্ষা পদক (মৰণোত্তৰভাৱে) – প্ৰয়াত শ্ৰী জগবীৰ সিং, কনিষ্টবল, উত্তৰ মণ্ডল ৰে’লৱে
প্ৰয়াত শ্ৰী জাঘীৰ সিঙে কৰ্তব্যৰত অৱস্থাতে দিল্লীৰ আদৰ্শনগৰ – আজাদপুৰ ৰে’লৱে খণ্ডৰ কাষৰ ৰে’লৱে প্ৰাঙ্গনত ৪ গৰাকী শিশুৰ প্ৰাণ ৰক্ষা কৰি নিজৰ প্ৰাণাহুতি দিছিল। অপৰিসীম সাহস আৰু ত্যাগৰ নিদৰ্শন দেখুৱাই তেওঁ নিজ কৰ্তব্য পালনৰ উপৰিও নিজৰ জীৱন ত্যাগ কৰি এই শিশুকেইগৰাকীৰ প্ৰাণ ৰক্ষা কৰিছিল।
২) উত্তম জীৱন ৰক্ষা পদক – শ্ৰী শিৱচৰণ সিং, কনিষ্টবল / পশ্চিম মণ্ডল ৰে’লৱে
১০ আগষ্ট, ২০১৯, শ্ৰী শিৱচৰণ সিঙে ১২৯৫৯ নং ৰে’লগাড়ীখনত এছক’ৰ্টিংৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে কিছুসংখ্যক বানাক্ৰান্ত লোকে সহায় বিচাৰি চিঞৰি থকা প্ৰত্যক্ষ কৰে। ৰে’লআলিত যথেষ্ট পানী ভৰি থকাৰ বাবে ৰে’লখন ৰৈ যোৱাত সিঙে নিজৰ জীৱনকো তুচ্ছ কৰি সেই লোককেইগৰাকীক উদ্ধাৰ কৰিবলৈ পানীত জপিয়াই পৰে আৰু ৯ গৰাকীকৈ লোকৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।
৩) উত্তম জীৱন ৰক্ষা পদক – শ্ৰী মুকেশ কুমাৰ মীনা, হেড কনিষ্টবল / উত্তৰ-পশ্চিম ৰে’লৱে
আৰপিএফ, যোধপুৰ ডিভিজনৰ হেড কনিষ্টবল শ্ৰী মুকেশ কুমাৰ মীনাই ১৬ ছেপ্তেম্বৰ, ২০১৮ তাৰিখে ২২৪৭৮ নং ৰে’লগাড়ীখনত এছক’ৰ্টিংৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে এগৰাকী মহিলা যাত্ৰীসহ তেওঁৰ দুই সন্তানৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত অদম্য সাহসিকতাৰ পৰিচয় দেখুৱাইছিল। সেইদিনা মুকেশ মীনাই চলন্ত ৰে’লৰ পৰা জাঁপ মাৰি প্লেটফৰ্ম আৰু ৰে’লৰ মাজৰ ঠাইখিনিৰ পৰা মহিলাগৰাকীৰ লগতে তেওঁৰ দুই সন্তানক টানি উলিয়াইছিল আৰু তিনিওৰে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল।
*****
DJN/MKV/RD
(Release ID: 1650814)
Visitor Counter : 142