ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
ম’হালি আৰু ৰাইবেৰেলিস্থিত ‘এনআইপিইআৰ’-ৰ কাম-কাজৰ খটিয়ান ল’লে শ্ৰী গৌড়া আৰু শ্ৰী মাণ্ডৱীয়াই
পৰীক্ষণ, পৰামৰ্শদান আৰু পৰিকল্পনা কেন্দ্ৰৰ সেৱাৰে উদ্যোগ, বিশেষকৈ ‘এমএছএমই’ খণ্ডক সহযোগিতা আগবঢ়োৱাটো বৰ্তমান সময়ৰ আহ্বান : শ্ৰী গৌড়া
জন-সাধাৰণৰ কল্যাণক ব্যাপক পৰিসৰত প্ৰভাৱিত কৰিব পৰা গৱেষণাত অধিক মনোযোগী হওক : শ্ৰী মাণ্ডৱীয়া
পোষ্ট কৰা হৈছে:
02 SEP 2020 12:31PM by PIB Guwahati
কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াই কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ম’হালি আৰু ৰাইবেৰেলিত থকা ‘ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান’(এনআইপিইআৰ)দুখনৰ কাম-কাজৰ খটিয়ান লয়।


এই উপলক্ষে আয়োজিত সভাত বিভাগটোৰ সচিব(ফাৰ্মাচিউটিকেল) ড০ পি ডি ৱাঘেলা আৰু ফাৰ্মাচিউটিকেল বিভাগৰ জ্যেষ্ঠ বিষয়া বৰ্গ উপস্থিত থাকে।
সভাত ভাষণ দি শ্ৰী গৌড়াই কয় যে, দেশৰ ঔষধ বিকাশ আৰু চিকিত্সা উপকৰণ নিৰ্মাণ কাৰ্যক্ৰমত ‘এনআইপিইআৰ’সমূহৰ অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ প্ৰয়োজনীয়তা আছে। যক্ষ্মা, মেলেৰীয়া, ক’লাজ্বৰ, কেন্সাৰ, মধুমেহ, মেদবহুলতাৰ দৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য দান কৰিব পৰা ঔষধ আৱিষ্কাৰত বিশেষ গুৰুত্ব প্ৰদানৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ মন্তব্য কৰে। সেইদৰে একেবিধ ঔষধক একে চাৰিত্ৰিক বৈশিষ্ট্য বিশিষ্ট ৰোগৰ নিদানত ব্যৱহাৰৰ প্ৰসংগতো অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ ম’হালিত থকা প্ৰতিষ্ঠানটোৱে গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত এক ‘উত্কৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে পৰিচয় লাভ কৰিব পৰাকৈ নিজকে সক্ষম কৰি তোলাত বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰে।
ভাষণ প্ৰসংগত মন্ত্ৰী গৌড়াই পৰীক্ষণ, পৰামৰ্শদান আৰু পৰিকল্পনা কেন্দ্ৰৰ সেৱাৰে উদ্যোগ, বিশেষকৈ ‘এমএছএমই’ খণ্ডক সহযোগিতা আগবঢ়োৱাটো বৰ্তমান সময়ৰ আহ্বান বুলি উল্লেখ কৰে। তেওঁ ৰাজহ আহৰণ সকলো সম্ভাৱনাকে উচিত ভাবে কামত লগোৱাত গুৰুত্ব প্ৰদান কৰি ‘এনআইপিইআৰ’সমূহে নিজকে দেশৰ স্বচ্ছল আৰু অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচপে গঢ়ি তোলা উচিত বুলি মত প্ৰকাশ কৰে।
সভাত ভাষণ দি ৰাজ্যিক মন্ত্ৰী শ্ৰী মাণ্ডৱীয়াই জন-সাধাৰণৰ কল্যাণক ব্যাপক পৰিসৰত প্ৰভাৱিত কৰিব পৰা গৱেষণাত অধিক মনোযোগী হ’বলৈ দেশৰ ‘এনআইপিইআৰ’সমূহক আহ্বান জনায়।
****
RCJ/RKM/KB
(ৰিলিজ আই ডি : 1650606)
অতিথি কক্ষ : 247