বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

১-৯-২০২০ ৰপৰা ৩১-১২-২০২০ লৈ ৰপ্তানিৰ ক্ষেত্ৰত ৰপ্তানিকাৰীসকলৰ বাবে উপলব্ধ হ’ব এমইআইএছ ত চিলিং/কেপৰ লাভালাভ

Posted On: 02 SEP 2020 11:17AM by PIB Guwahati

মাৰ্চেণ্ডাইজ এক্সপ’ৰ্ট ফ্ৰম ইণ্ডিয়া স্কিম (এমইআইএছ)ৰ অধীনত মুঠ প্ৰতিশোধৰ ওপৰত এটা সীমা আৰোপ কৰা হৈছে। যোৱা সন্ধিয়া ডাইৰেক্টৰেট জেনেৰেট অৱ ফৰেইন ট্ৰেড (ডিজিএফটি)ৰদ্বাৰা জাৰি কৰা এখন অধিসূচনাত কয় যে ১-৯-২০২০ ৰপৰা ৩১-১২-২০২০ লৈ সময়ছোৱাত হোৱা ৰপ্তানিৰ ক্ষেত্ৰত এই আঁচনিখনৰ অধীনত এগৰাকী আইইচি হ’ল্ডাৰলৈ অনুমোদন জনোৱা মুঠ প্ৰতিশোধ প্ৰতি আইইচিত ২ কোটি টকাৰ বেছি হ’ব নোৱাৰিব। তদুপৰি, এইটো কথাও অৱগত কৰা হয় যে ১-৯-২০২০ ৰ পূৰ্ববৰ্তী এবছৰ সময়ৰ কাৰণে কোনো আইইচি হ’ল্ডাৰে কোনো ৰপ্তানি সম্পন্ন নকৰিলে বা ১ ছেপ্টেম্বৰ বা তাৰ পাছত কোনো নতুন আইইচি লাভৰ ক্ষেত্ৰত এমইআইএছ ৰ অধীনত কোনো ক্লেইম দাখিলৰ বাবে যোগ্য বিবেচিত নহ’ব। ইয়োৰোপৰি, ১-১-২০২১ ৰপৰা কাৰ্যকৰী হোৱাকৈ এমইআইএছ আঁচনি প্ৰত্যাহাৰ কৰা হ’ব। উক্ত চিলিং পৰৱৰ্তী সময়ত নিম্নাভিমুখী সংশোধনী কৰা হ’ব পাৰে যাৰ জৰিয়তে ১-৯-২০২০ ৰপৰা ৩১-১২-২০২০ লৈ সময়ছোৱাৰ বাবে এমইআইএছ ৰ অধীনত মুঠ ক্লেইম যাতে চৰকাৰখনৰদ্বাৰা নিৰ্ধাৰিত কৰা আবন্টন ৫,০০০ কোটি টকা অতিক্ৰম নকৰে সেয়া নিশ্চিত কৰা হ’ব।

এইটো অনুমান কৰা হৈছে যে এই সলনিৰ দ্বাৰা ৯৮ শতাংশ ৰপ্তানিকাৰীৰে এমইআইএছ ৰ ক্লেইম প্ৰভাৱিত নহয়। এমইআইএছত ইতিমধ্যে উৎপাদিত পণ্যৰ মূল্যৰ বাবে ফেক্টৰ হৈ পৰা অপ্ৰভাৱিত ৰপ্তানিকাৰীসকলে পণ্যৰ ক’ভাৰেজ নাইবা এমইআইএছ ৰ মূল্য সলনি কোনোটোৰে পৰিৱৰ্তন বা অনিশ্চয়তাৰ সন্মুখীন নহয়। ভৱিষ্যতে মূল্যৰ সিদ্ধান্তৰ অৰ্থে এমইআইএছ ৰ অন্তিম তাৰিখৰ ৪ মাহৰ অগ্ৰিম জাননী নিশ্চিতভাৱে আগবঢ়োৱা হয়।

*****

YB/AP/SB



(Release ID: 1650589) Visitor Counter : 179