বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰত-মাৰ্কিন বাণিজ্য সম্পৰ্কক উচ্চতাৰ শিখৰলৈ নিয়াৰ আহ্বান শ্ৰী পিয়ুষ গোৱেলৰ

তেওঁ কয় যে গোলকীয় মূল্য শংখলত দুয়োখন দেশ বিশ্বাসযোগ্য অংশীদাৰ হ’ব পাৰে

মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ সৈতে প্ৰাৰম্ভিক সীমিত বাণিজ্য পেকেজত চুক্তি কৰিবলৈ ভাৰত সাজু আছে

Posted On: 01 SEP 2020 7:49PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে মাৰ্কিন ব্যৱসায় আৰু উদ্যোগক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ জগতৰ সৈতে কাম কৰিবলৈ আমন্ত্ৰণ জনাইছে, যাতে দ্বিপাক্ষিক বাণিজ্যই উচ্চতাৰ শিখৰ স্পৰ্শ কৰিব পাৰে। ভাৰত-মাৰ্কিন কৌশলগত অংশীদাৰিত্ব ফৰাম(ইউএছআইএছপিএফ)ৰ এক অনুষ্ঠান ভাৰ্চুৱেল কনফাৰেন্সৰ মাধ্যমেৰে সম্বোধন কৰি শ্ৰী গোৱেলে কয় যে দুয়োখন গণতন্ত্ৰই প্ৰশাসন, ব্যৱসায় আৰু জনসাধাৰণৰ মাজত পৰস্পৰৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ ভাগ বিনিময় কৰে। উভয় দেশে মুক্ত আৰু স্বচ্ছ বাণিজ্যত বিশ্বাস কৰে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ হল ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সংগী। তেওঁ উল্লেখ কৰে যে বাণিজ্যৰ বাহিৰে, এই আন্তঃসংযুক্ত বিশ্বত ভাৰত আৰু আমেৰিকা গোলকীয় মূল্য শৃংখলত বিশ্বাসযোগ্য সংগী হব পাৰে।

দেশত উদ্যোগ আৰু বিনিয়োগক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত শ্ৰী গোৱেল ইউএছআইএছপিএফৰ সদস্যসকলক জানিবলৈ দিয়ে। তেওঁ কয় যে পাইলট ভিত্তিত জিআইএছ-সমৃদ্ধ লেণ্ড বেংক মুকলি কৰা হৈছে। সম্প্ৰতি ৬খন ৰাজ্যত এই কাম চলি আছে আৰু ই বিনিয়োগকাৰীক ভূমি আৰু স্থান চিনাক্ত কৰাত সহায় কৰিব। আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্য চুক্তি সন্দৰ্ভত শ্ৰী গোৱেলে কয় যে প্ৰাৰম্ভিক সীমিত বাণিজ্য পেকেজত চুক্তিবদ্ধ হবলৈ ভাৰত সাজু আছে আৰু এয়া আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে আগতীয়া আু শক্তিশালী পদক্ষেপ হাতত লোৱাৰ বাবে কৰোনা ভাইৰাছৰ সংক্ৰমণ তুলনামূলকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিছে। দেশত এতিয়া মৃত্যুৰ হাৰ ২ শতাংশৰো কম আৰু সুস্থতাৰ হাৰ ৭৫ শতাংশো অধিক। মন্ত্ৰীগৰাকীয়ে কয় যে বৃহৎ জনসংখ্যাৰ দেশ সত্ত্বেও ভাৰতৰ জনসাধাৰণে দক্ষতাৰে সময়ৰ সৈতে নিজকে খাপ খুৱাই লৈছে। লকডাউনৰ সময়ছোৱাক ভাৰতবৰ্ষই স্বাস্থ্য আন্তঃগাথনি উন্নয়নত ব্যৱহাৰ কৰিছে আৰু চৰকাৰৰ সাহায্য পেকেজ/বৰঙণিয়ে মহামাৰীৰ সময়ত জনসাধাৰণক সহাক দিছে। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে ভাৰতবৰ্ষ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব আৰু পৰৱৰ্তী ৫ বছৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হব পাৰিব।

 

*****

YB/AP/MS



(Release ID: 1650542) Visitor Counter : 188