গ্ৰামোন্নয়ণ মন্ত্ৰালয়

জীৱিকাৰ সুযোগ-সুবিধাসহ গৰীৱ কল্যাণ ৰোজগাৰ অভিযানে গাঁৱত বাস কৰা লোকসকলক সামৰ্থৱান কৰি তুলিছে-সুফলভোগীসকলৰ সাফল্যৰ কাহিনী

Posted On: 01 SEP 2020 3:17PM by PIB Guwahati

কভিড-১৯ মহামাৰীৰ বাবে নিজ নিজ গাঁৱলৈ ওভতি অহা প্ৰব্ৰজিত শ্ৰমিক আৰু গ্ৰামাঞ্চলৰ ক্ষতিগ্ৰস্ত মানুহৰ জীৱন-জীৱিকাৰ সুযোগ-সুবিধা তথা কৰ্মসংস্থাপনৰ উদ্দেশ্যে গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ আৰম্ভ কৰা হয়। এই অভিযানৰ জৰিয়তে সেই সকলো প্ৰবাসী শ্ৰমিক যিসকলে গাঁৱলৈ ওভতি আহিছে তেওঁলোকক মিশ্যন মোড ভিত্তিত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা হৈছে। দেশৰ ৬ ৰাজ্য বিহাৰ,ঝাৰখণ্ড,মধ্য প্ৰদেশ, ওড়িষা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ ১১৬ জিলাত এই অভিযান ৰূপায়িত হৈছে আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ উপৰিও ওভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলক সামৰ্থৱান কৰাত এই অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

 

এই অভিযানৰ সাফল্যৰ সৈতে ১২টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ সৈতে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৰ্বাত্মক প্ৰয়াস সংযুক্ত হৈছে। এই অভিযানৰ সুফল হিচাপে প্ৰব্ৰজিত শ্ৰমিক আৰু গাঁৱত বাস কৰা লোকসকলে জীৱন-জীৱিকাৰ বাবে বিভিন্ন সুবিধা লাভ কৰিছে। গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত দুজন সুফলভোগীৰ দুটি সাফল্যৰ কাহিনী দাঙি ধৰা হল।

 

১.ৰাজ্যঃ ওড়িষা

হিতাধিকাৰীৰ বিতং তথ্য

নামঃ শ্ৰী শশী বাৰিক

 

ওড়িষাৰ বালাংগীৰ জিলাৰ লৈসিংঘা ব্লকৰ হিৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ তেভাডুংৰি গাঁৱৰ শশী বাৰিক এই অভিযানৰ এগৰাকী সুফলভোগী। কভিড-১৯ৰ সময়ত যেতিয়া সমগ্ৰ দেশ লক ডাউনত আছিল তেতিয়া শশী বাৰিকে এটি পকী ঘৰ নিৰ্মাণৰ সিদ্ধান্ত লয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ কৰ্মসূচীৰ অধীনত তেওঁৰ গৃহ নিৰ্মাণৰ বিষয়টি অনুমোদন হয়। শ্ৰীমতী বাৰিকৰ পকী গৃহ নিৰ্মাণৰ স্বপ্ন পূৰণৰ বাবে কৰ্তৃপক্ষই সকলোধৰণৰ সহায় আগবঢ়ায। লকডাউনৰ সময়ত যাৱতীয় কেঁচামাল সৰবৰাহ সহ মানৱ সম্পদৰ বিষয়টিৰ ওপৰত কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰাত তেওঁৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ইয়াৰ ফলত শ্ৰীমতী শশী বাৰিকে ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰাৰ এক মাহৰ ভিতৰতেই সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে।

 

নতুন ঘৰ সন্দৰ্ভত শ্ৰীমতী বাৰিকে কয়, আমি এতিয়া আনন্দ সৈতে পকী ঘৰত বাস কৰিব পাৰিছোঁ। আমাৰ দৰে দৰিদ্ৰ পৰিয়ালসমূহক সকলোধৰণৰ সহায় কৰাৰ বাবে চৰকাৰক ধন্যবাদ। এতিয়া আমি এটি পকী ঘৰৰ গৰ্বিত মালিক। ৮০ বছৰ বয়সীয়া বিধৱা শশী বাৰিকে ইয়াৰ পূৰ্বে এটি জৰাজীৰ্ণ ঘৰত বাস কৰিছিল। শ্ৰীমতী বাৰিকৰ একমাত্ৰ পুত্ৰ এজন দিন মজদুৰ। তেওঁৰ সামান্য আয়ৰে ৫সদস্যযুক্ত পৰিয়ালটোৰ নিতৌ দুবেলা দুমুঠি খাবলৈ সম্ভৱ নহয়। সেয়ে স্বাভাৱিকতেই পকী ঘৰৰ সপোন আছিল অলীক। চৰকাৰে শ্ৰীমতী বাৰিকক তেওঁৰ পকী ঘৰ নিৰ্মাণৰ স্বপ্ন পূৰণৰ বাবে গ্ৰামীণ আৱাসন কাৰ্যসূচীৰ অধীনত ১লাখ ৩০হাজাৰ টকাৰ অৰ্থ সাহায্য দিযে। আনহাতে শ্ৰীমতী বাৰিকে সময়ৰ আগতেই তেওঁৰ ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা আৰু ২০হাজাৰ টকা উদগনি হিচাপে লাভ কৰে।

 

অভিযানৰ দ্বিতীয়গৰাকী সুফলভোগী ঝাৰখণ্ডৰ। হাজাৰিবাগ জিলাৰ কাঠকামদাগ ব্লকৰ বেছ গাঁও পঞ্চায়তৰ অধীনৰ হুৰুদাগ গাঁৱৰ বাসিন্দা দুলাৰি মাছোমাত। তেওঁৰ স্বামীৰ ২০০৮চনত মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছত তিনি কন্যা সন্তানৰ পোহপালৰ দায়িত্ব পৰে দুলাৰি দেৱীৰ ওপৰত। এই দায়িত্ব দৃঢ়ভাৱে কান্ধত তুলি তেওঁ আগবাঢ়ে। দিনমজদুৰ হিচাপে কাম কৰি তেওঁ পৰিয়াল চলোৱাৰ কথা ভাৱে। সেই সময়ত তেওঁৰ ঘৰৰ অৱস্থা আছিল অতি জৰাজীৰ্ণ। ইফালে ২০১৯-২০চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ কৰ্মসূচীৰ অধীনত তেওঁৰ পকী ঘৰ নিৰ্মাণৰ প্ৰস্তাৱত কৰ্তৃপক্ষই অনুমোদন জনায়।গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত দুলাৰি দেৱীয়ে কায়িক পৰিশ্ৰমৰ জৰিয়তে নিজৰ পকী ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পাৰিছে।ইয়াৰ বাবে আজি তেওঁ অত্যন্ত সুখী। নিজৰ পকী ঘৰৰ স্বপ্ন পূৰণ হোৱাৰ বাবে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি দুলাৰি দেৱীয়ে কয়, চৰকাৰ ফালৰ পৰা সহায় লাভৰ লগতে তেওঁ ঘৰতেই এটি শৌচাগাৰ নিৰ্মাণ কৰিছে আৰু এটি ৰন্ধন গেছৰ সংযোগো লাভ কৰিছে। ফলস্বৰূপে এতিয়া তেওঁৰ জীৱন ধাৰণৰ মান উন্নত হৈছে।

    

CG/BD/DM/KG



(Release ID: 1650526) Visitor Counter : 215