ৰেল মন্ত্ৰালয়

‘ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেড’(ডিএফচিচিআইএল)-ৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ বাবে ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰে ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ সভা

বিহাৰ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ অংশ গ্ৰহণ, সকলো সমস্যা নিৰসনৰ প্ৰতিশ্ৰুতি

কামত বাধা জন্মাব পৰা সমস্যা সমাধানৰ ক্ষেত্ৰত মধ্যস্থতাৰ পোষকতা, প্ৰয়োজনত আইন বলবতকৰণৰ আহ্বান অভিযানৰ ৰূপত সকলো প্ৰসংগৰ খৰটকীয়া সমাধানত গুৰুত্ব

সৰ্বাধিক প্ৰাথমিকতা প্ৰদানৰে কাম সম্পূৰ্ণ কৰাৰ গোঁহাৰি জনাই সংশ্লিষ্ট ৰাজ্যসমূহলৈ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ সপ্তাহে সপ্তাহে কামৰ অগ্ৰগতিৰ খটিয়ান গ্ৰহণৰ নিয়মীয়া ব্যৱস্থা

Posted On: 01 SEP 2020 6:36PM by PIB Guwahati

কেৱল মাল-বস্তু কঢ়িওৱাৰ বাবে আচুতীয়াকৈ নিৰ্মাণ কৰিব খোজা ‘ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ’ (ডিএফচি)পাৰ হৈ যাব লগা ৰাজ্যসমূহৰ বিষয়া-বৰ্গৰ সৈতে ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এক সভাত মিলিত হয়। সভাখনত  ‘ডিএফচিচিআইএল’-ৰ পৰিচালন সঞ্চালককে ধৰি ‘ৰে’লৱে’ ব’ৰ্ড’ আৰু ‘ডিএফচিচিআইএল’-ৰ জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকে।

সভাত মন্ত্ৰী শ্ৰী গোৱেলে পশ্চিম ‘ডিএফচি’(১৫০৪কিলোমিটাৰ) আৰু পূব ‘ডিএফচি’(১৮৫৬ কিলোমিটাৰ) পথ দুটাৰ কাম অধিক খৰটকীয়াকৈ সম্পন্ন কৰাৰ বাবে যাৱতীয় সকলো তত্পৰতা গ্ৰহণ কৰিবলৈ ‘ডিএফচিচিআইএল’ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সভাত প্ৰতিখন ৰাজ্যত সম্পন্ন হোৱা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ খটিয়ান পৃথকে পৃথকে গ্ৰহণ কৰাৰ লগতে কামৰ অগ্ৰগতি ৰোধ কৰিব পৰা  সমস্যাসমূহ আঁতৰাবলৈ প্ৰয়োজন হোৱা ব্যৱস্থাৱলীৰ আলোচনা কৰা হয়।

পৰ্যালোচনা সভাখনত প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা মাটিৰ অধিগ্ৰহণ, পথ নিৰ্মাণ আৰু দলং নিৰ্মাণ আদি প্ৰসংগসমূহ অলোচনা কৰা হয়। ৰাজ্যসমূহৰ বিষয়া-বৰ্গক প্ৰকল্পৰ কাম-কাজত আহিব পৰা বাধা আঁতৰোৱাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা পালনৰ লগতে প্ৰয়োজনত বিধিগত ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ আগবঢ়োৱা হয়।

কামৰ গতি খৰটকীয়া কৰাৰ বাবে নিয়মীয়াকৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰা হয়।

প্ৰকল্পসমূহৰ কাম-কাজত চোকা নজৰ ৰখাৰ লগতে কাম-কাজ সুচাৰুৰূপে অব্যাহত ৰখাৰ বাবে পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।

ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ’(ডিএফচি) ভাৰত চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অন্যতম বৃহত্ আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্প(মুঠ ৩৩৬০কিলোমিটাৰ দৈৰ্ঘ্যৰ)। প্ৰকল্পটোৰ নিৰ্মাণ ব্যয়ৰ বাবে ৮১,৪৫৯ কোটি টকা ধাৰ্য্য কৰা হৈছে। এই প্ৰকল্পৰ পৰিকল্পনা, বিত্তীয় সমলৰ প্ৰবন্ধন, নিৰ্মাণ, তদাৰকী আৰু ডিএফচি-ৰ কৰ্ম পৰিচলনাৰ দায়িত্ববাহী প্ৰতিষ্ঠান হিচাপে ‘ডিএফচিচিআইএল’ স্থাপন কৰা হৈছে।

*****

DJN/MKV/KB



(Release ID: 1650524) Visitor Counter : 166