স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডাঃ হৰ্ষ ৱৰ্ধনে ডিজিটেলী মুকলি কৰিলে কৰ্ণাটকৰ বাল্লাৰিৰ বিজয়নগৰ ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সেছৰ ছুপাৰ স্পেচিয়েলিটী ট্ৰ’মা কেন্দ্ৰ

ডাঃ হৰ্ষ ৱৰ্ধনে অনুষ্ঠানটোত সোঁৱৰণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজক- "যিসকল লোক সুখী হ’লহেঁতেন তেওঁলোক এতিয়া আমাৰ কাষত নাই"

Posted On: 31 AUG 2020 4:08PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিৰুপ্পাৰ সৈতে ডিজিটেলী বাল্লাৰিৰ বিজয়নগৰ ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সেছৰ ছুপাৰ স্পেচিয়েলিটী ট্ৰ’মা কেন্দ্ৰ মুকলি কৰি দেশবাসীলৈ উৎসৰ্গা কৰে৷  ইয়ৰ পিছতে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে এক্সপ্ৰেছ ফীডাৰ লাইন, আইচিইউ ৱাৰ্ড আৰু ১৩কেএল লিকুইড মেডিকেল অক্সিজেন টেংকৰ সুবিধাও মুকলি কৰে৷

এছএছটিচি প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে৷ ইয়াত জৰুৰীকালীন আৰু ট্ৰ’মা, নিউৰ’ছাৰ্জাৰী তথা অৰ্থপেডিক্সৰ বিভাগো আছো৷ এই নতুন ব্লকটোত ৮টা অপাৰেচন থিয়েটাৰ, ২০০খন ছুপাৰ স্পেচিয়েলিটী বিচনা, ৭২খন আইচিইউ বিচনা, ২০টা ভেণ্টিলেটৰকে ধৰি চিটি স্কেন আৰু ডিজিটেল এক্সৰে’ মেচিনো আছে৷ তাৰোপৰি ইয়াত ৭২ জন স্নাতকোত্তৰ শিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ সুবিধাও আছে৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ২০০৩ চনৰ স্বাধীনতা দিৱসৰ ভাষণৰ কথা স্মৰণ কৰি ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে স্বাধীনতাৰ ৫৬ বছৰৰ পিছত দেশত আন ছয়খন এইমছ স্থাপন হোৱাটো বাজপেয়ীজীৰ সপোন আছিল৷  তেওঁ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজে পিএমএছএছৱাই আঁচনিলৈ আগবঢ়োৱা অৱদানৰ বিষয়েও সোঁৱৰণ কৰে৷

আজিৰ অনুষ্ঠানটোত বন, পৰিবেশ আৰু পৰিবেশতন্ত্ৰৰ কেবিনেট মন্ত্ৰী শ্ৰী আনন্দ সিং, কৰ্ণাটক চৰকাৰ আৰু বাল্লাৰিৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী বি শ্ৰীৰামুলু, কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ বি দেৱানন্দো উপস্থিত আছিল৷

 

****

MV/MANN



(Release ID: 1650239) Visitor Counter : 175