বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

সপ্তদশ আছিয়ান-ভাৰত অৰ্থনীতিৰ মন্ত্ৰী পৰ্যায়ৰ পৰামৰ্শমূলক বৈঠক

Posted On: 30 AUG 2020 10:19AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল আৰু ভিয়েটনামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ট্ৰাণ টুৱেন আঁহে যুটীয়াভাৱে কালি অনুষ্ঠিত সপ্তদশ আছিয়ান-ভাৰত অৰ্থনীতিৰ মন্ত্ৰীপৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই বৈঠকত আছিয়ানৰ ১০খন দেশ ক্ৰমে-ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ বাণিজ্য মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে৷ বৈঠকত মন্ত্ৰীসকলে ক’ৰোনা মহামাৰীৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে সামূহিক পদক্ষেপৰ লগতে সমষ্টিগত অৰ্থনীতি আৰু বিত্তীয় সুস্থিৰতা আৰু যোগান শৃংখলাৰ স্থিতিস্থাপকতা, বিশেষকৈ অঞ্চলটোত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ নিৰ্বিঘ্নে অনা-নিয়া কৰাৰ দৰে দিশত বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম মানি সহযোগিতাৰে কাম কৰিবলৈ পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয়৷

মন্ত্ৰীসকলৰ আলোচনাত সামগ্ৰী চুক্তিৰ ক্ষেত্ৰত আছিয়ান ভাৰতৰ বাণিজ্য(এআইটিআইজিএ)ৰ পৰ্যালোচনাই বিশেষ প্ৰাধান্য লাভ কৰে৷ মন্ত্ৰীসকলে দুয়োপক্ষৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু অৰ্থনৈতিক নিৰ্ভৰশীলতা বৃদ্ধিক প্ৰশংসা কৰে৷ এই উপলক্ষে আছিয়ান ভাৰত ব্যৱসায়িক পৰিষদ(এআইবিচি)ৰ প্ৰতিবেদনো মন্ত্ৰীসকলৰ আগত দাখিল কৰা হয়৷ মন্ত্ৰীসকলে জ্যেষ্ঠ বিষয়াসকলক মুক্ত বাণিজ্য চুক্তিক অধিক সুলভ, সৰল আৰু সুবিধাসম্পন্ন কৰি তোলাৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷

আলোচনাৰ আঁত ধৰি মন্ত্ৰী গোৱেলে মুক্ত বাণিজ্য চুক্তিয়ে সকলো পক্ষকে লাভান্বিত কৰিব বুলি সদৰি কৰে৷ ভাৰত আৰু আছিয়ানৰ মাজত নিবিড় সম্পৰ্ক, এক শক্তিসালী ঐতিহাসিক, সাংস্কৃতিক আৰু পৰম্পৰাগত সম্বন্ধ থকা বুলি উল্লেখ কৰি মন্ত্ৰী গোৱেলে এই সম্পৰ্কই ভাৰত আৰু আছিয়ানৰ লোকসকলক সমৃদ্ধিশালী কৰিব বুলি কয়৷ তেওঁ ভাৰতৰ হৈ এআইবিচিক অধিক শক্তিশালী কৰাৰ পৰামৰ্শ আগবঢ়ায়, যাতে উভয় পক্ষৰ মাজত অৰ্থনৈতিক কাম-কাজ অধিক সুদৃঢ় হয়৷

*****

YB/AP/DB



(Release ID: 1649922) Visitor Counter : 234