প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পৰৱৰ্তী সময়ত আপুনি কুকুৰ পোহাৰ কথা ভাবিলে, ঘৰলৈ ভাৰতীয় জাত অনাটো বিবেচনা কৰিব, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়

Posted On: 30 AUG 2020 3:14PM by PIB Guwahati

শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ কুকুৰ ছফি আৰু বিদা সন্দৰ্ভত কয় যাক ছীফ অৱ আৰ্মি ষ্টাফ ‘কামাণ্ডেশ্যন কাৰ্ড’ ৰে পুৰস্কৃত কৰা হৈছে। তেওঁ কয় যে সশস্ত্ৰ আৰু নিৰাপত্তা বাহিনীৰ এনে বহু সাহসী কুকুৰ আছে যিয়ে অসংখ্য বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ আগ্নেয়াস্ত্ৰ আৰু আইইডি উদ্ধাৰত সহায়ক হোৱা আন বহু উদাহৰণ প্ৰদান কৰে আৰু তদুপৰি বীড পুলিছৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াভাৱে তেওঁলোকৰ কাইনিন কলিগ ৰকিক অৰ্পণ কৰিছে, ই ৩০০ ৰোধিক কেছ সমাধান কৰাত আৰক্ষীক সহায় কৰে, সেয়ে সকলো যথাযোগ্য সন্মানেৰে অন্তিম বিদায় জনোৱা হয়।

ভাৰতীয় কুকুৰৰ জাত সন্দৰ্ভত আলোচনা কৰি, প্ৰধানমন্ত্ৰীয়ে কয়, এইসমূহৰ শ্ৰীবৃদ্ধিত খৰচ কম হয় আৰু ভাৰতীয় পৰিবেশ আৰু চৌপাশৰ বাবে অনুকূল আৰু কয় যে আমাৰ নিৰাপত্তা সংস্থাসমূহেও তদুপৰি এই ভাৰতীয় জাতৰ কুকুৰক তেওঁলোকৰ সুৰক্ষা স্কোৱাডত অন্তৰ্ভুক্ত কৰি আছে। ভাৰতীয় জাতৰ কুকুৰক উত্তম আৰু অধিক লাভজনক কৰি তোলাৰ লক্ষ্যৰে ইয়াৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদে গৱেষণাও সম্পন্ন কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ শ্ৰোতাসকলৰ যিয়ে কুকুৰ পোহাৰ কথা ভাবিছে, তেওঁলোকক ভাৰতীয় জাতৰ পুহিবলৈ উৎসাহিত কৰে।

*******

AP/SH/SB



(Release ID: 1649863) Visitor Counter : 143