প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰেণী কোঠাত এগৰাকী নিৰীক্ষক থকাৰ দৰে পুষ্টিৰ ক্ষেত্ৰতো এগৰাকী নিৰীক্ষক থকা উচিত; ৰিপ’ৰ্ট কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো থকা উচিত বুলি মন কী বাতত কয় প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 AUG 2020 3:16PM by PIB Guwahati

মন কী বাতৰ শেহতীয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হ’ব৷ তেওঁ কয় যে দেশ আৰু পুষ্টিৰ মাহত ওতঃপ্ৰোত সম্পৰ্ক আছে৷ তেওঁ ‘যথা অন্নম, তথা মান্নম’ শীৰ্ষক প্ৰবাদৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ অৰ্থ হৈছে মানসিক আৰু বৌদ্ধিক বিকাশ প্ৰত্যক্ষভাৱে আমাৰ মানসম্পন্ন খাদ্যৰ সৈতে সম্পৰ্ক আছে৷ তেওঁ কয় যে উপযুক্ত পুষ্টিয়ে শিশু আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুক্ষ্মতা প্ৰদৰ্শনৰ বাবে সৰ্বোত্তম সম্ভাৱনা গঢ়ি তোলাত ডাঙৰ ভূমিকা পালন কৰে৷ তেওঁ শিশুৰ পুষ্টিৰ বাবে মাতৃগৰাকীয়েও উপযুক্ত পুষ্টিকৰ খাদ্য পোৱাটো দৰকাৰ বুলি গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে কয় যে পুষ্টি মানে কেৱল অত্যাৱশ্যকীয় পুষ্টি, নিমখ আৰু ভিটামিন ইত্যাদিকে নুবুজায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰত দেশত বিশেষকৈ গাঁওসমূহত জনসাধাৰণৰ সহযোগত পুষ্টি সপ্তাহ আৰু পুষ্টি মাহ পালনেৰে পুষ্টি সজাগতাক এক জন আন্দোলনত পৰিণত কৰিলে৷ তেওঁ লগতে কয় যে বিদ্যালয়সমূহক এই জন আন্দোলনত একত্ৰিত কৰি শিশুসকলৰ মাজত পুষ্টি সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা শ্ৰেণীকোঠা এগৰাকী নিৰীক্ষক থকাৰ দৰে পুষ্টিৰ ক্ষেত্ৰতো এগৰাকী নিৰীক্ষক থকা উচিত৷ একেদৰে ৰিপ’ৰ্ট কাৰ্ডৰ দৰে পুষ্টি কাৰ্ডো থকা উচিত বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে পুষ্টি কাৰ্ড আৰম্ভ কৰিবলৈ কয়৷ তেওঁ উল্লেখ কৰে যে পুষ্টি মাহৰ লগত সংগতি ৰাখি মাই গভ প’ৰ্টেলত এক খাদ্য আৰু পুষ্টি কুইজৰ লগতে মিম প্ৰতিযোগিতা আয়োজন কৰা হ’ব৷ তেওঁ তাত আগ্ৰহীসকলক অংশগ্ৰহণৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে ষ্টেচু অব্ ইউনিটীৰ সমীপত এখন ব্যতিক্ৰমী পুষ্টি পাৰ্ক গঢ় দিয়া হৈছে৷ এই পাৰ্কত খেলৰ মাজেৰে পুষ্টিৰ শিক্ষা আনন্দ-প্ৰমোদৰ সৈতে তাত দৰ্শকসকলে উপভোগো কৰিব পাৰিব বুলি কয়৷

ভাৰতৰ বৈতিত্ৰপূৰ্ণ খাদ্য আৰু পানীয়ৰ সন্দৰ্ভত সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ক্ষেত্ৰৰ জলবায়ু অনুসৰি ভিন্ন ভিন্ন শস্য পাদন হয়৷ সেয়ে এয়া অতিশয় গুৰুত্বপূৰ্ণ যে প্ৰতিটো অঞ্চলৰ জলবায়ু সেই স্থানৰ স্থানীয় ভোজন আৰু তাত পাদিত অন্ন, ফল, শাক-পাচলি অনুসৰি পোষক, পুষ্টিসমৃদ্ধ খাদ্যাভ্যাস গঢ়ি উঠক৷ তেওঁ ভাৰতীয় কৃষি কোষপ্ৰস্তুত কৰাৰ সন্দৰ্ভত সদৰি কৰি ইয়াত এখন জিলাত কি কি ফচল পাদন হয়, সেইসমূহৰ পুষ্টিগত মূল্য কেনে এই সকলোবোৰ তথ্য থাকিব বুলি কয়৷ তেওঁ শ্ৰোতাসকলক  পোষণ মাহত পুষ্টিদায়ক খাদ্য খোৱা আৰু সুস্থ হৈ থকাৰ  আহ্বান জনায়৷

******

AP/SH/DB



(Release ID: 1649862) Visitor Counter : 290