প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আত্মনিৰ্ভৰ ভাৰত এপ্ ইনভেশ্যন চেলেঞ্জ’ কাৰ্যক্ৰমৰ অধীনত ‘এপ্’ বিকশিত কৰাসকলক ‘মন কী বাত’-ত প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 AUG 2020 3:11PM by PIB Guwahati

শেহতীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰ ভাৰত এপ্ ইনভেশ্যন চেলেঞ্জ কাৰ্যক্ৰমৰ অধীনত এপ্ বিকশিত কৰা সকলক ভূয়সী প্ৰশংসা কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে প্ৰতিযোগিতাখনত যুৱ-প্ৰজন্মই উত্সাহৰেই অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ প্ৰায় দুই-তৃতীয়াংশই দ্বিতীয় অথবা তৃতীয় পৰ্যায়ৰ নগৰৰ বুলিও তেওঁ উল্লেখ কৰে। বিভিন্ন শ্ৰেণীভুক্ত এপ্-ৰ ভিতৰৰ পৰা প্ৰায় দুই ডজন এপ্-লৈ শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে। তেওঁ শ্ৰোতা-দৰ্শকক এইসমূহ এপ্-ৰ সৈতে চিনাকী হৈ ইয়াৰ ব্যৱহাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কুটুকী কিডছ লাৰ্ণিং এপ্-কে ধৰি বহুকেইটা এপ্-ৰ বিষয়ে বহলাই আলোচনা কৰিছে। কুটুকী এপ্-টো মূলতঃ শিশুসকলক উদ্দেশ্যি বিকশিত কৰা হৈছে। ইফালে কু-কু-কু, চিংগাৰী আদি এপ্-য়ে যুৱচামৰ মাজত বিসেষ জনপ্ৰিয়তা লাভ কৰিছে। শংকৰ এপ্-য়ে চৰকাৰী আঁচনিসমূহৰ তথ্য আগবঢ়ায়। সেইদৰে ষ্টেপ ছেট গ শীৰ্ষক এপ্-টো এটা ফিটনেছ এপ্

আজিৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহেই কাইলৈ একোটা বিয়াগোম কোম্পানীলৈ ৰূপান্তৰিত হব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰি এইসমূহেই এদিন পৃথিৱীত ভাৰতৰ নাম উজলাব বুলি মন্তব্য কৰে। তেওঁ কয়, পৃথিৱীৰ সকলোবোৰ বৃহত্ প্ৰতিষ্ঠানেই এদিন ষ্টাটআপ প্ৰতিষ্ঠান হিচাপেই জন্মগ্ৰহণ কৰিছিল।

*******

AP/SH/KB


(रिलीज़ आईडी: 1649860) आगंतुक पटल : 317
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Punjabi , English , Urdu , Marathi , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam