প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক্ৰমাৎ এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ ৰূপান্তৰিত হৈছে অ’নাম, ‘মন কী বাত’ত ক’লে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
30 AUG 2020 3:08PM by PIB Guwahati
শেহতীয়া ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অ’নাম মহোৎসৱৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। তেওঁ কয় যে ছিংগম মাহত অনুষ্ঠিত এই মহোৎসৱৰ সময়ছোৱাত ৰাইজে প্ৰত্যেকেই কোনো নতুন সামগ্ৰী ক্ৰয় কৰে, নিজৰ ঘৰবোৰ সজাই তোলে, ঘৰতে পুকালম প্ৰস্তুত কৰে আৰু অ’নাম শদিয়া উপভোগ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইতিমধ্যেই এই অ’নাম মহোৎসৱে বিদেশৰ মাটিও স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু বিদেশতো সমানেই জনপ্ৰিয়তা অৰ্জনৰ যোগেদি এই মহোৎসৱে ক্ৰমাৎ এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ পৰিৱৰ্তিত হ’বলৈ লৈছে।
তেওঁ কয় যে অ’নাম হৈছে এনে এক মহোৎসৱ, যিয়ে কৃষিক একাত্ম কৰি দেসৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক নতুন আৰম্ভণিৰ সূচনা কৰে। তেওঁ লগতে উল্লেখ কৰে যে কৃষকৰ আত্মগাঁথাৰ পৰাই একোখন সমাজৰ আদিমূলৰ সৃষ্টি হয়। বেদতো তেওঁলোকক আমাৰ অন্নদাঁতা হিচাপে উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাৰ এই জটিল সময়তো আমাৰ কৃষকসকলে স্থিতপ্ৰজ্ঞ হৈ থাকি শস্য সিঁচাৰ পৰা আৰম্ভ কৰি শস্য চপোৱালৈকে সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰি গৈছে।
https://youtu.be/TpGRJRhvJiY
*******
AP/SH/RD
(रिलीज़ आईडी: 1649777)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Punjabi
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam