গৃহ মন্ত্ৰালয়

১৫ ছেপ্টেম্বৰ, ২০২০লৈকে খোলা থাকিব পদ্ম সন্মান-২০২১ৰ বাবে মনোনয়ন দাখিলৰ সময়সীয়া

Posted On: 28 AUG 2020 6:13PM by PIB Guwahati

২০২১ৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ অনলাইন মনোনয়ন/পৰামৰ্শৱলী ১ মে’, ২০২০ৰ পৰা আৰম্ভ কৰা হৈছে৷ মনোনয়ৰ দাখিলৰ অন্তিম সময়সীমা চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰ৷ এই মনোনয়ন কেৱল পদ্ম সন্মান প’ৰ্টেল https://padmaawards.gov.in যোগেহে গ্ৰহণ কৰা হ’ব৷ ইতিমধ্যে ৮,০৩৫গৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানৰ নাম পঞ্জীয়ন হৈছে আৰু ইয়াৰে ৬,৩৬১ মনোনয়ন/পৰামৰ্শৱলী ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে৷

পদ্ম সন্মানসমূহ হৈছে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী, যিবোৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান৷ ১৯৫৪চনৰ পৰা প্ৰতিবছৰে গণৰাজ্য দিৱসত এই সন্মান আগবঢ়োৱা হয়৷ কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, মেডিচিন, সামাজিক কাম-কাজ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসমাৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ ইত্যাদি ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য সেৱা আৰু সফলতাৰ স্বীকৃতি স্বৰূপে জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ভাষা নিৰ্বিশেষে এই সন্মান আগবঢ়োৱা হয়৷ চিকিসক আৰু বিজ্ঞানীসকলৰ বাহিৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত তথা চৰকাৰী চাকৰিয়াল এই সন্মানৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা নহয়৷

পদ্ম সন্মানক ‘জনতাৰ পদ্ম’ত পৰিণত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে৷ কোনো এগৰাকী ব্যক্তিক এই সন্মানৰ বাবে মনোনয়ন কৰাৰ বেলিকা তেওঁৰ সকলো তথ্য তথা কি বিশেষ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বা সফলতা লাভ কৰিছে, সেই বিষয়ে ৮০০মান শব্দত লিখি সংশ্লিষ্ট প’ৰ্টেলত প্ৰেৰণ কৰিব লাগিব৷

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো মন্ত্ৰালয়, বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক ভাৰত ৰত্ন আৰু পদ্ম বিভূষণৰ লগতে অন্যান্য সন্মান যাতে মহিলা, সমাজৰ পিছপৰা শ্ৰেণী, এছচি, এছটি, দিব্যাংগ ব্যক্তিৰ লগতে সমাজৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱা আৰু প্ৰকৃত প্ৰতিভাসম্পন্ন যোগ্য ব্যক্তি আৰু প্ৰতিষ্ঠানে লাভ কৰে, সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব দি সেইসকলক চিনাক্তকৰণ কৰিবলৈ আহ্বান জনায়৷

সবিশেষ জানিবলৈ মন্ত্ৰালয়(www.mha.gov.in)ৰ ৱেবছাইটত ‘সন্মান আৰু পদক’ শীৰ্ষক লিংকত চাব পাৰে৷ ইয়াৰ স্থিতি আৰু নিয়মাৱলী সন্দৰ্ভত সংশ্লিষ্ট বেৱছাইটৰ https://padmaawards.gov.in/AboutAwards.aspx লিংক ক্লিক কৰি চাব পাৰে৷

*****

 

NW/RK/PK/SS/AD/DDD/DB



(Release ID: 1649698) Visitor Counter : 186