স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

পৰীক্ষণৰ ক্ষেত্ৰত অভূতপূৰ্ব জোৱাৰ, ৪ কোটি পৰীক্ষণৰ সীমা অতিক্ৰমী ভাৰতৰ নতুন অভিলেখ

একেৰাহে তিনদিন ধৰি প্ৰতিদিনে ৯ লাখৰো অধিক নমুনাৰ পৰীক্ষণ

Posted On: 29 AUG 2020 12:29PM by PIB Guwahati

২০২০চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা কভিড-১৯ বিৰোধী যুঁজখনত ভাৰতে আন এক শিখৰ অতিক্ৰমণৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত দেশত কভিড পৰীক্ষণৰ অভুতপূৰ্ব জোৱাৰ উঠা পৰিলক্ষিত হৈছে আৰু সামগ্ৰিক ভাবে ৪ কোটি পৰীক্ষণৰে ভাৰতে আজি অন্য এক অভিলেখ ৰনা কৰিবলৈ সক্ষম হৈছে।

দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে আজি ৪,০৪,০৬,৬০৯গৰাকী লোকৰ ক’ভিড-১৯ পৰীক্ষা সম্পন্ন কৰি সাফল্যৰ নতুন ইতিহাস ৰচনা কৰিলে। ২০২০চনৰ জানুৱাৰী মাহত পুনেৰ পৰীক্ষাগাৰত মাত্ৰ এটা পৰীক্ষা সম্পন্ন কৰা ভাৰতে আজি ৪ কোটিৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।

ইফালে, দিনটোৰ ভিতৰত সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যাৰ ক্ষেত্ৰতো বিশেষ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। দিনটোৰ ভিতৰতে ১০ লাখ পৰীক্ষণৰে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ  কৰাৰ পিচত বিগত ২৪ ঘণ্টাত দেশত ৯,২৮,৭৬১টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে।

এই সাফল্যই দেশৰ প্ৰতি নিযুত মানুহৰ বিপৰীতে নমুনা পৰীক্ষা (টিপিএম)ৰ হাৰ ২৯,২৮০লৈ বৃদ্ধি কৰিলে। বহু সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নমুনা পৰীক্ষাৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত ব্যক্তিৰ হাৰো দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে। শেহতীয়া ভাবে দেশত সামগ্ৰিক ভাবে এই হাৰ ৮.৫৭ পৰ্যন্ত অৱনমিত হোৱাই নহয় এই হাৰ আৰু কমাৰ সম্ভাৱনা প্ৰকট হৈছে।

সতৰ্ক নিৰীক্ষণ, আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহোতাসকলৰ ঘৰে ঘৰে গৈ অনুসন্ধানচলোৱা, অবিলম্ব নিৰ্ণয়, ক্ষীপ্ৰ আচুতীয়াকৰণৰ দৰে কাৰ্যপন্থা অৱলম্বনেৰে গ্ৰহণ কৰা তত্পৰতাৰ সুবাদতে এনে সুফল লাভ কৰিব পৰা গৈছে।

আজিৰ তাৰিখত দেশত ১৫৭৬টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ১০০২টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ৫৭৪টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ-৮০৬টা(চৰকাৰী-৪৬২টা+ব্যক্তিগত খণ্ডত-৩৪৪টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৬৫০টা(চৰকাৰী-৫০৬টা+ব্যক্তিগত-১৪৪টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ-১২০টা (চৰকাৰী-৩টা+ব্যক্তিগত-৮৬টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SJ/KB



(Release ID: 1649596) Visitor Counter : 181