বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী জন-ধন যোজনা (পিএমজেডিৱাই) – বিত্তীয় অন্তৰ্ভুক্তিৰ অৰ্থে ৰাষ্ট্ৰীয় অভিযানৰ সফল ৰূপায়ণৰ ছয় বছৰ পূৰ্তি

মোদী চৰকাৰখনৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক ব্যৱস্থাৰ আধাৰশিলা হৈছে পিএমজেডিৱাই –বিত্তমন্ত্ৰী

আৰম্ভণিৰে পৰা পিএমজেডিৱাইৰ অধীনত ৪০.৩৫ কোটিৰো অধিক হিতাধিকাৰীৰ একাউন্টত ১.৩১ লাখ কোটি টকা জমা হৈছে

৬৩.৬% গ্ৰামাঞ্চলৰ লোকৰ আছে পিএমজেডিৱাই একাউন্ট; ৫৫.২% মহিলাৰ আছে পিএমজেডিৱাই একাউন্ট

২০২০ৰ এপ্ৰিল-জুনৰ ভিতৰত পিএম গৰীৱ কল্যাণ যোজনাৰ অধীনত মহিলা পিএমজেডিৱাই একাউন্টধাৰীৰ একাউন্টত সোমাল মুঠ ৩০,৭০৫ কোটি টকা

ভিন্ন আঁচনিৰ অধীনত চৰকাৰখনৰপৰা প্ৰায় ৮ কোটি পিএমজেডিৱাই একাউন্টধাৰীয়ে লাভ কৰিলে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)

Posted On: 28 AUG 2020 7:27AM by PIB Guwahati

প্ৰান্তৱৰ্তী আৰু অদ্যপি আৰ্থ-সামাজিকভাৱে উপেক্ষিত শ্ৰেণীটোলৈ আৰ্থিক অন্তৰ্ভুক্তি আগবঢ়াবলৈ আৰু সহায়তাৰ বাবে বিত্ত মন্ত্ৰণালয় বদ্ধপৰিকৰ। বিত্তীয় অন্তৰ্ভুক্তি হৈছে চৰকাৰখনৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ যাৰ জৰিয়তে সৰ্বব্যাপী বিকাশ সম্ভৱ। ই এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ই দুখীয়া জনতাক আনুষ্ঠানিক বিত্তীয় প্ৰণালীলৈ তেওঁলোকৰ সঞ্চয়ৰ সেতুবন্ধনৰ এটি পথ প্ৰশস্ত কৰে, যি পথে সুতখোৰ মহাজনৰপৰা টকা ধাৰে লৈ নিষ্ঠুৰতাৰ বলি হোৱাৰ বিপৰীতে তেওঁলোকৰ গাঁৱত থকা পৰিয়াললৈ টকা প্ৰেৰণ সম্ভৱ কৰি তোলে। এই অংগীকাৰৰ অৰ্থে এটা মূল ব্যৱস্থা হৈছে প্ৰধান মন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই), যি হৈছে বিশ্বৰ ভিতৰতেই এটা সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি ব্যৱস্থা।

২০১৪ৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত পিএমজেডিৱাই ঘোষণা কৰিছিল। ২৮ আগষ্টত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটিক অসাধু চক্ৰৰপৰা দুখীয়াৰ মুক্তি লাভৰ উৎসৱৰ উদযাপন হিচাপে অভিহিত কৰিছিল।

পিএমজেডিৱাই ৰ ৬ষ্ঠ বাৰ্ষিকীত, কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই আঁচনিখনৰ যথাৰ্থতা দোহাৰে।প্ৰধান মন্ত্ৰী জন ধন যোজনা হৈছে মোদী চৰকাৰখনৰ জন-কেন্দ্ৰিক অৰ্থনৈতিক ব্যৱস্থাৰ আধাৰশিলা। প্ৰত্যক্ষ লাভ হস্তান্তৰ, ক’ভিড-১৯ৰ বাবে আৰ্থিক সাহাৰ্য্য, পিএম-কিষাণ, এমজিএনৰেগা ৰ অধীনত মজুৰি বৃদ্ধি, জীৱন আৰু স্বাস্থ্য বীমা ক’ভাৰ, এই সকলোবোৰ ক্ষেত্ৰতে প্ৰথম পদক্ষেপ আছিল সকলো প্ৰাপ্তবয়স্ক লোকক এটা বেংক একাউন্ট আগবঢ়োৱা, সিয়েই আছিল পিএমজেডিৱাই আৰু ই সম্পূৰ্ণ হোৱাৰ পথততেওঁ কয়।

এই উপলক্ষে বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰেও পিএমজেডিৱাই সন্দৰ্ভত তেওঁৰ ভাৱ ব্যক্ত কৰে। তেওঁ কয়প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, পিএমজেডিৱাই এ বেংকৰে জড়িত নোহোৱা লোকসকলক বেংকিং প্ৰণালীত অন্তৰ্ভুক্ত কৰিলে, ভাৰতৰ বিত্তীয় স্থাপত্য সম্প্ৰসাৰিত কৰিলে তথা ৪০ কোটিতকৈয়ো অধিক একাউন্টধাৰীলৈ বিত্তীয় অন্তৰ্ভুক্তিৰ পথ প্ৰশস্ত কৰিলে। হিতাধিকাৰীসকলৰ গৰিষ্ঠসংখ্যকেই হ’ল মহিলা আৰু অধিকাংশ একাউন্টধাৰীয়েই গ্ৰাম্য ভাৰতৰ। আজিৰ ক’ভিড-১৯ৰ সময়ত, আমি সমাজৰ দুৰ্বল শ্ৰেণীটোলৈ আৰ্থিক সুৰক্ষা প্ৰদান আৰু ডিবিটিৰে শক্তিশালীকৰণৰ লক্ষ্যণীয় ক্ষীপ্ৰতা আৰু নিৰ্বিঘ্নতা প্ৰত্যক্ষ কৰিছো। এটা গুৰুত্বপূৰ্ণ দিশ এয়ে যে পিএম জন ধন একাউন্টৰ জৰিয়তে ডিবিটিয়ে প্ৰতিটো টকা অভীষ্ট হিতাধিকাৰীৰ হাতত পৰা আৰু ‘ছিষ্টেমেটিক লিকেজ’ প্ৰতিৰোধ কৰাটো নিশ্চিত কৰিছে।

আমি এই আঁচনিখনৰ সফল ৰূপায়ণৰ ৬ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত, আমি এতিয়ালৈকে এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ দিশ আৰু সফলতাসমূহৰ সম্পৰ্কে অৱলোকন কৰিব খুজিছো।

পৃষ্ঠপট (Background)

প্ৰধান মন্ত্ৰী জন-ধন যোজনা (পিএমজেডিৱাই) হৈছে সাশ্ৰয়ী পদ্ধতিৰে বেংকিং/ছেভিং আৰু ডিপ’জিট একাউন্ট, ৰেমিটেন্স, ক্ৰেডিট, ইঞ্চুৰেন্স, পেঞ্চন আদি বিত্তীয় সেৱাসমূহ লাভ কৰাটো নিশ্চিতৰ অৰ্থে বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ৰাষ্ট্ৰীয় অভিযান।

  1. উদ্দেশ্য (Objectives):
    • ব্যয় সাধ্যভাৱে বিত্তীয় প্ৰডাক্ট আৰু সেৱা লাভ নিশ্চিত কৰা
    • ব্যয় নিম্ন আৰু বিস্তৃত লাভৰ অৰ্থে প্ৰযুক্তিৰ ব্যৱহাৰ
  2. আঁচনিখনৰ প্ৰাথমিক নীতি (Basic tenets of the scheme)
    • বেংকৰে জড়িত নোহোৱাক বেংকিং প্ৰণালীত অন্তৰ্ভুক্ত ন্যূনতম কাগজপত্ৰ, শিথিলীকৃত কেৱাইচি, ই-কেৱাইচিৰে বেছিক ছেভিং বেংক ডিপজিট (BSBD) খোলা, কেম্প ম’ড, শূন্য জমা আৰু শূন্য মাচুলেৰে একাউন্ট খোলা
    • অসুৰক্ষিতক সুৰক্ষিত কৰা ২ লাখ টকাৰ বিনামূলীয়া দুৰ্ঘটনা বীমা কভাৰেজৰ সৈতে মাৰ্চেন্ট লোকেশ্যনত কেচ উইড্ৰল আৰু পেমেন্টৰ অৰ্থে ঘৰুৱা ডেবিট কাৰ্ড জাৰি কৰা
    • ফাণ্ডিং নকৰাক পুঁজি যোগান ধৰা কনজাম্পশ্যন, মাইক্ৰ-পেঞ্চন আৰু মাইক্ৰ-ক্ৰেডিটৰ অৰ্থে মাইক্ৰ-ইঞ্চুৰেন্স, অভাৰড্ৰাফট আদিৰ দৰে আন বিত্তীয় প্ৰডাক্ট
  3. প্ৰাৰম্ভিক বৈশিষ্ট্য (Initial Features)

 

নিম্ন উল্লেখিত ৬ টা স্তম্ভৰ ভিত্তিত এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিলঃ

 

  1. বেংকিং সেৱাত সাৰ্বজনীন প্ৰৱেশ  – শাখা আৰু বিচি
  2. প্ৰতিঘৰ গৃহস্থীলৈ ১০,০০০/- টকাৰ অ’ভাৰড্ৰাফট সুবিধাৰ সৈতে বেছিক ছেভিং বেংক একাউন্ট
  3. বিত্তীয় সাক্ষৰতা কাৰ্যক্ৰমসঞ্চয় কৰা, এটিএমৰ ব্যৱহাৰ, ক্ৰেডিটৰ অৰ্থে সাজু, বীমা আৰু পেঞ্চন লাভ, বেংকিঙৰ অৰ্থে বেছিক ম’বাইল ফোনৰ ব্যৱহাৰৰ প্ৰতি প্ৰোৎসাহন
  4. ক্ৰেডিট গ্যাৰেন্টী ফাণ্ডৰ সৃষ্টিডিফল্টৰ বিপৰীতে বেংকক কিছু গ্যাৰেন্টী আগবঢ়াবলৈ
  5. বীমা১৫ আগষ্ট, ২০১৪ ৰপৰা ৩১ জানুৱাৰী, ২০১৫ৰ মাজত খোলা একাউন্টৰ ক্ষেত্ৰত ১,০০,০০০ টকালৈকে দুৰ্ঘটনা ক’ভাৰ আৰু ৩০,০০০ টকালৈকে লাইফ ক’ভাৰ
  6. অসংগঠিত খণ্ডৰ অৰ্থে পেঞ্চন আঁচনি

 

  1. পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত পিএমজেডিৱাই ত গুৰুত্বপূৰ্ণ পদ্ধতি অৱলম্বনঃ

 

    1. ভেণ্ডৰৰে প্ৰযুক্তি ৰুদ্ধ কৰি অফলাইন একাউন্ট খোলাৰ পূৰ্বৰ পদ্ধতিৰ ঠাইত খোলা একাউন্টসমূহ বেংকৰ ক’ৰ বেংকিং চিষ্টেমত অনলাইন একাউন্ট
    2. ৰুপে’ ডেবিট কাৰ্ড বা আধাৰ এনাবলড পেমেন্ট চিষ্টেম(AePS)ৰ জৰিয়তে ইন্টাৰ-অপাৰেবিলিটি
    3. ফিক্সড-পইন্ট বিজনেছ কৰেছপনডেন্ট
    4. অসুবিধাজনক কেৱাইচি আনুষ্ঠানিকতাৰ ঠাইত সৰল কেৱাইচি/ই-কেৱাইচি

 

  1. নতুন বৈশিষ্ট্যৰে পিএমজেডিৱাই ৰ সম্প্ৰসাৰণ চৰকাৰখনে কিছু সাল-সলনিৰ জৰিয়তে বিস্তৃত পিএমজেডিৱাই কাৰ্যক্ৰমক ২৮-৮-২০১৮ লৈকে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল

v প্ৰতিঘৰ গৃহস্থী ৰপৰা ‘বেংকৰে জড়িত নোহোৱা প্ৰতিজন প্ৰাপ্তবয়স্ক’লৈ মনোযোগ সলনি

v ৰুপে’ কাৰ্ড ইঞ্চুৰেন্স ২৮-৮-২০১৮ৰ পাছত খোলা পিএমজেডিৱাই একাউন্টৰ বাবে ৰুপে’ কাৰ্ডত বিনামূলীয়া দুৰ্ঘটনাজনিত বীমা ক’ভাৰ ১ লাখ টকাৰপৰা ২ লাখ টকালৈ বৃদ্ধি।

v ’ভাৰড্ৰাফট সুবিধা বৃদ্ধি -

  • ৫,০০০/- টকাৰপৰা ১০,০০০/- টকালৈ অ’ডি সীমা দুগুণ কৰা হৈছে; ২,০০০/- টকা পৰ্যন্ত অ’ডি (বিনা চৰ্তে)।
  • ’ডিৰ অৰ্থে বয়সৰ উৰ্ধ সীমা ৬০ ৰপৰা ৬৫ বছৰলৈ বৃদ্ধি

       6. ১৯ আগষ্ট, ২০২০ সাপেক্ষে পিএমজেডিৱাই ৰ অধীনত লাভ কৰা সফলতাঃ

       a) পিএমজেডিৱাই একাউন্ট

  • ১৯ আগষ্ট, ২০২০ সাপেক্ষে মুঠ পিএমজেডিৱাই একাউন্টৰ সংখ্যাঃ ৪০.৩৫ কোটি; গ্ৰামাঞ্চলৰ লোকৰ পিএমজেডিৱাই একাউন্টঃ ৬৩.৬%, মহিলাৰ পিএমজেডিৱাই একাউন্টঃ ৫৫.২%
  • আঁচনিখনৰ প্ৰথম বছৰটোত ১৭.৯০ কোটি পিএমজেডিৱাই একাউন্ট খোলা হৈছিল
  • পিএমজেডিৱাই ৰ অধীনত একাউন্টৰ সংখ্যা একেৰাহে বৃদ্ধি পাই আহিছে

 

     b) সক্ৰিয় পিএমজেডিৱাই একাউন্ট

  • আৰবিআইৰ প্ৰচলিত নীতি-নিৰ্দেশনা অনুসৰি, যদি দুই বছৰৰো অধিক সময়ৰ বাবে পিএমজেডিৱাই একাউন্টটোৰ বিপৰীতে গ্ৰাহকে লেন-দেন সম্পন্ন নকৰে, তেন্তে একাউন্টটোক নিষ্ক্ৰিয় হিচাপে গণ্য কৰা হয়
  • আগষ্ট, ২০২০ সাপেক্ষে, মুঠ ৪০.৩৫ কোটি পিএমজেডিৱাই একাউন্টৰ ভিতৰত, ৩৪.৮১ কোটি (৮৬.৩%) সক্ৰিয়
  • সক্ৰিয় একাউন্টৰ % ত একেৰাহে বৃদ্ধিয়ে সূচাইছে যে গ্ৰাহকৰদ্বাৰা নিয়মিতভাৱে এই একাউন্টসমূহৰ অধিকতৰ ব্যৱহাৰ কৰা হৈছে

 

     c) পিএমজেডিৱাই একাউন্টৰ অধীনত জমা -

  • পিএমজেডিৱাই একাউন্টৰ অধীনত মুঠ জমা ৰাশি হৈছে ১.৩১ লাখ কোটি টকা
  • ২.৩ গুণ একাউন্ট বৃদ্ধি তথা ৫.৭ গুণ জমা বৃদ্ধি পাইছে  (আগষ্ট, ২০২০ / আগষ্ট, ২০১৫)

    d) প্ৰতি পিএমজেডিৱাই একাউন্টত গড় জমা -

  • একাউন্টে প্ৰতি গড় জমা হৈছে ৩২৩৯ টকা
  • আগষ্ট, ২০১৫ ৰপৰা প্ৰতি একাউন্টত গড় জমা ২.৫ গুণ অধিক বৃদ্ধি পাইছে
  • গড় জমা বৃদ্ধিয়ে একাউন্টৰ ব্যৱহাৰ বৃদ্ধি আৰু একাউন্টধাৰীসকলৰ মাজত সঞ্চয়ৰ অভ্যাস বৃদ্ধি পোৱাটোকে সূচিত কৰে

 

    e) পিএমজেডিৱাই একাউন্টধাৰীলৈ ৰুপে’ কাৰ্ড জাৰি

 

  • পিএমজেডিৱাই একাউন্টধাৰীলৈ জাৰি কৰা মুঠ ৰুপে কাৰ্ডঃ ২৯.৭৫ কোটি
  • সময়ৰ লগে-লগে ৰুপে’ কাৰ্ডৰ সংখ্যা আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাই আহিছে

 

    7. জন ধন দৰ্শক এপ

দেশখনত বেংকৰ শাখা, এটিএম, বেংক মিত্ৰ, ডাক ঘৰ ইত্যাদিৰ দৰে বেংকিং টাচ পইন্টৰ অৱস্থান নিৰ্ধাৰণৰ অৰ্থে জন কেন্দ্ৰিক মাধ্যম আগবঢ়াবলৈ এটা ম’বাইল এপ্লিকেশ্যনৰ শুভাৰম্ভ কৰা যায়। এই জিআইএছ এপটোত ৮ লাখৰো অধিক বেংকিং টাচপইন্ট মানচিত্ৰণ কৰা হৈছে। সাধাৰণ লোকৰ প্ৰয়োজন আৰু সুবিধা অনুসৰি জন ধন দৰ্শক এপৰ অধীনস্থ সা-সুবিধাসমূহ লাভ কৰিব পাৰি। এই এপ্লিকেশ্যনটোৰ ৱেব ভাৰ্চনটো http://findmybank.gov.in লিংকটোৰ জৰিয়তে লাভ কৰিব পাৰি।

তদুপৰি এই এপটো ৫ কিমিৰ ভিতৰত বেংকিং টাচপইন্টৰে সমৃদ্ধ নোহোৱা গাঁওসমূহ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেতিয়া এই চিনাক্ত কৰা গাঁওসমূহক বেংকিং আউটলেট খোলাৰ নিমিত্তে সংশ্লিষ্ট এছএলবিচিৰদ্বাৰা ভিন্ন বেংকসমূহলৈ আবন্টন দিয়া যায়। উক্ত প্ৰচেষ্টাৰ ফলশ্ৰুতিত এনে গাঁৱৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে।

8. পিএমজেডিৱাই মহিলা হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ পেকেজ (পিএমজিকেপি)

২৬-৩-২০২০ ত মাননীয় বিত্ত মন্ত্ৰীৰদ্বাৰা কৰা ঘোষণা অনুসৰি, পিএম গৰীৱ কল্যাণ যোজনাৰ অধীনত, প্ৰধান মন্ত্ৰী জন ধন যোজনা (পিএমজেডিৱাই)ৰ মহিলা একাউন্টধাৰীসকলৰ একাউন্টলৈ তিনি মাহ (এপ্ৰিল, ২০২০ ৰপৰা জুন, ২০২০ লৈ)ৰ বাবে প্ৰতি মাহে ৫০০/- টকাকৈ আগবঢ়োৱা যায়। এপ্ৰিল-জুন, ২০২০ ৰ সময়ছোৱাত মহিলা পিএমজেডিৱাই একাউন্টধাৰীৰ একাউন্টত মুঠ ৩০,৭০৫ কোটি টকা আগবঢ়োৱা হয়।

9. সুচল ডিবিটি লেন-দেন নিশ্চিতকৰণৰ দিশেঃ

 

বেংকৰদ্বাৰা অৱগত কৰা অনুসৰি, ভিন্ন আঁচনিৰ অধীনত চৰকাৰখনৰপৰা প্ৰায় ৮ কোটি পিএমজেডিৱাই একাউন্টধাৰীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) লাভ কৰিছে। সঠিক সময়ত যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ ডিবিটি লাভ কৰাটো নিশ্চিত কৰিবলৈ, বিভাগটোৱে ডিবিটি অভিযান, এনপিচিআই, বেংক আৰু আন বহু মন্ত্ৰণালয়ৰ সৈতে আলোচনামৰ্মে ডিবিটি ব্যৰ্থতাৰ পৰিহাৰ্য কাৰণৰ চিনাক্তকৰণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। বেংক আৰু এনপিচিআইৰে নিয়মীয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই সংক্ৰান্তত নিবিড় পৰ্যবেক্ষণৰ জৰিয়তে, পৰিহাৰ্য কাৰণৰ বাবে ডিবিটি ব্যৰ্থতাৰ সংখ্যা এপ্ৰিল, ২০১৯ত ৫.২৩ লাখ (০.২০%)ৰ পৰা জুন, ২০২০ ত ১.১ লাখ (০.০৪%)লৈ লক্ষ্যণীয়ভাৱে হ্ৰাস পায়।

 

10. সন্মুখত থকা পথছোৱা

 

  1. মাইক্ৰ’ ইঞ্চুৰেন্স আঁচনিৰ অধীনত পিএমজেডিৱাই একাউন্টধাৰীসকলৰ ক’ভাৰেজ নিশ্চিতৰ প্ৰচেষ্টা। যোগ্য পিএমজেডিৱাই একাউন্টধাৰীসকলে পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই ৰ অধীনত ক’ভাৰ হোৱাৰ চেষ্টা কৰিব পাৰে। এই সন্দৰ্ভত বেংকে ইতিমধ্যে যোগাযোগ কৰিছে।
  2. সমগ্ৰ ভাৰতত গ্ৰহণীয় আন্তঃগাঁথনি প্ৰৱৰ্তনৰ জৰিয়তে পিএমজেডিৱাই একাউন্টধাৰীসকলৰ মাজত ৰুপে’ ডেবিট কাৰ্ডৰ ব্যৱহাৰকে ধৰি ডিজিটেল পেমেন্টৰ প্ৰোৎসাহন
  3. ফ্লেক্সি-ৰেকাৰিং ডিপ’জিট ইত্যাদিৰ দৰে মাইক্ৰ’-ক্ৰেডিট আৰু মাইক্ৰ’ ইনভেষ্টমেন্টলৈ পিএমজেডিৱাই একাউন্টধাৰীৰ অভিগমনৰ উন্নয়ন সাধন।

*** 



(Release ID: 1649114) Visitor Counter : 333