প্ৰতিৰক্ষা মন্ত্ৰালয়

এনচিচি প্ৰশিক্ষণৰ বাবে ম’বাইল এপৰ শুভাৰম্ভ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

Posted On: 27 AUG 2020 12:11PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি ৰাষ্ট্ৰীয় কেডেট কৰ্পচৰ সঞ্চালকালয়ৰ (ডিজিএনচিচি)এক ম’বাইল এপৰ শুভাৰম্ভ কৰে৷ এই এপে দেশজুৰি আৰম্ভ হ’বলগীয়া এনচিচি কেডেটৰ প্ৰশিক্ষণ কাৰ্যসূচীত সহায় কৰিব৷

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিভিন্ন নিষেধাজ্ঞাৰ ফলত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচ)ৰ কেডেটসকলৰ প্ৰশিক্ষণত সমস্যাৰ সৃষ্টি হৈছে৷ বিদ্যালয়-মহাবিদ্যালয়সমূহত যিহেতু এনে প্ৰশিক্ষণ কাৰ্যসূচী হয় আৰু বৰ্তমান সেইসমূহ বন্ধ থকাৰ বাবে ডিজিটেল ব্যৱস্থাৰে প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত এনচিচি কেডেটসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷ তেওঁ তেওঁলোকৰ সফলতা কামনা কৰি সমাজৰ প্ৰতি সৰ্বস্ব উজাৰি দিবলৈ অনুপ্রাণিত কৰে৷

প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে এই এপৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদানত যথেষ্ট সুবিধাজনক হ’ব৷ কোনোৱে যদি তেওঁৰ লক্ষ্য পূৰণত আত্মবিশ্বাসীস তেতিয়াহ’লে সেই সকলো বাধা নেওচি সফল হ’ব পাৰিব৷ মন্ত্ৰীগৰাকীয়ে ক’ৰোনা মহামাৰীৰ সময়ত লাখতকৈ অধিক এনচিচি কেডেটে ক’ভিড যোদ্ধা হিচাপে আগবঢ়োৱা সেৱাৰ প্ৰশংসা কৰে৷ এনচিচি একতা, নিয়মানুৱৰ্তী, দেশৰ প্ৰতি কর্তব্য নিষ্ঠাৰ আদর্শত বিশ্বাসী। প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী, বায়ু সেনাৰ মাৰ্শ্বাল অর্জন সিং, ক্রীড়াবিদ অঞ্জলি ভাগৱত, প্রাক্তন বিদেশমন্ত্রী সুষমা স্বৰাজ আৰু প্রাক্তন প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰো এনচিচিৰ কেডেট আছিল৷ প্ৰতিৰক্ষা মন্ত্রীগৰাকী নিজেও এসময়ত এনচিচিত যোগদান কৰিছিল৷

ডিজিএনচিচি ম’বাইল এপৰ জৰিয়তে এনচিচি কেডেটসকলৰ প্ৰশিক্ষণৰ পাঠক্ৰম, প্ৰশিক্ষণৰ ভিডিঅ’ আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া হ’ব৷ এই এপৰ সহায়ত এজন কেডেটে তেওঁৰ কোনো প্ৰশ্নৰ বিষয়ে জানিব বিচাৰিলে সেই প্ৰশ্ন কৰিব পাৰিব৷ প্ৰশিক্ষকসকলৰ এক পেনেলে সেই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব৷ এনচিচি প্ৰশিক্ষণক স্বয়ংক্রিয় কৰি তোলাৰ বাবে এয়া এক ইতিবাচক পদক্ষেপ। প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ভাৰত নিৰ্মাণৰ সপোনক ইয়াৰ জৰিয়তে আৰু এখোজ আগুৱাই নিয়া হ’ব৷

অনুষ্ঠানত প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ, এনচিচিৰ মহানির্দেশক লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চোপ্ৰাকে ধৰি মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

***

ABB/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1649083) Visitor Counter : 209