নিতি আয়োগ

নিটি আয়োগে মুকলি কৰিলে ৰপ্তানি প্ৰস্তুতি সূচকাংক (ইপিআই) ২০২০ৰ প্ৰতিবেদন

Posted On: 26 AUG 2020 1:53PM by PIB Guwahati

নিটি আয়োগে প্ৰতিস্পৰ্ধামূলক সংস্থাৰ সহযোগিতাক আজি ৰপ্তানি প্ৰস্তুতি সূচকাংক (ইপিআই) ২০২০ৰ প্ৰতিবেদন দাখিল কৰিছে৷ ভাৰতীয় ৰাজ্যসমূহৰ ৰপ্তানি প্ৰস্তুতি আৰু দক্ষতা পৰীক্ষণৰ কৰাৰ বাবে এই প্ৰতিবেদনৰ জৰিয়তে ইপিআইৰ উদ্দেশ্য হ’ল প্ৰত্যাহ্বান আৰু অৱকাশসমূহৰ পৰিচয় লাভ কৰা, চৰকাৰী নীতিৰ প্ৰভাৱ বৃদ্ধি কৰা আৰু এক সুবিধাজনক নিয়ামক গাঁথনিক উৎসাহিত কৰা৷

ইপিআইৰ গাঁথনিত চাৰিটা স্তম্ভ- নীতি, ব্যৱসায় পৰিবেশতন্ত্ৰ, ৰপ্তানি পৰিবেশতন্ত্ৰ, ৰপ্তানি দক্ষতা পৰিবেশতন্ত্ৰ তথা ১১টা উপ স্তম্ভ- ৰপ্তানি সংবৰ্ধন নীতি, সংস্থাগত আন্তঃগাঁথনি, ব্যৱসায় ৱাতাৱৰণ, আন্তঃগাঁথনি, পৰিবহণ যোগাযোগ, বিত্তৰ সুবিধা, ৰপ্তানি গাঁথনি, ব্যৱসায় সাহায্য, অনুসন্ধান তথা বিকাশৰ আন্তঃগাঁথনি, ৰপ্তানিৰ বিবিধকৰণ আৰু বিকাশ অনুকূলনো অন্তৰ্ভুক্ত আছে৷

নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে কয়, ‘‘ ভাৰতীয় অৰ্থব্যৱস্থাৰ বিশ্বজনীন পৰ্যায়ত এক শক্তিশালী ৰপ্তানিকাৰী হিচাপে গঢ় লৈ উঠাৰ ক্ষমতা আছে৷ এই ক্ষমতা ব্যৱহাৰ কৰাৰ বাবে এয়া গুৰুত্বপূৰ্ণ যে ভাৰতে নিজৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ তৰফলৈ চাব লাগিব আৰু তেওঁলোকক দেশৰ ৰপ্তানি প্ৰয়াসত সক্ৰিয় অংশীদাৰ হিচাপে গঢ়ি তুলিব লাগিব৷ এই বীক্ষণ বাস্তৱায়িত কৰাৰ এক প্ৰয়াসত ৰপ্তানি প্ৰস্তুতি সূচকাংক ২০২০য়ে ৰাজ্যসমূহৰ সম্ভাৱনা তথা ক্ষমতাক মূল্যায়িত কৰে৷’’

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে কয়, ‘‘ৰপ্তানি প্ৰস্তুতি সূচকাংক হ’ল উপ-ৰাষ্ট্ৰীয় স্তৰত ৰপ্তানিৰ সংবৰ্ধনৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ চিনাক্তকৰণৰ বাবে এক তথ্যকেন্দ্ৰিক প্ৰয়াস৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সেই গুৰুত্বপূৰ্ণ মানদণ্ডসমূহৰ বিচাৰ কৰা হৈছে যি বহনক্ষম ৰপ্তানি বৃদ্ধি অৰ্জিত কৰাৰ বাবে যিকোনো পাৰম্পৰিক আৰ্থিক গোটৰ বাবে নিৰ্ণায়ক হয়৷ এই সূচকাংক ৰপ্তানি সংবৰ্ধনৰ ক্ষেত্ৰত ক্ষেত্ৰীয় দক্ষতাৰ মানদণ্ডৰ বাবে ৰাজ্য চৰকাৰসমূহৰ বাবে এক সহায়ক মাৰ্গদৰ্শক হ’ব৷’’

এই সংস্কৰণৰ সৈতে ইপিআইয়ে এয়া প্ৰদৰ্শিত কৰিছে যে অধিকাংশ ভাৰতীয় ৰাজ্যই ৰপ্তানিৰ বিবিধকৰণ, পৰিবহণ যোগাযোগ তথা আন্তঃগাঁথনিৰ উপ স্তম্ভত ইচ্ছা প্ৰকাশ কৰিছে৷ এই তিনিটা উপ স্তম্ভত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ স্ক’ৰ ৫০ শতাংশতকৈ অধিক আছে৷

অধিকাংশ উপকূলীয় ৰাজ্যই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে৷ গুজৰাট, মহাৰাষ্ট্ৰ তথা তামিলনাডু ক্ৰমে  শীৰ্ষৰ তিনিটা স্থানত আছে৷ শীৰ্ষৰ ১০ত আঠৰ ছয়খনেই হ’ল উপকূলীয় ৰাজ্য৷  বাকী ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ পিছত তেলেংগানা আৰু হাৰিয়ানাই স্থান দখল কৰিছে৷ হিমালয়ী ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড হ’ল সৰ্বশ্ৰেষ্ঠ আৰু ইয়াৰ পিছত ত্ৰিপুৰা আৰু হিমাচল প্ৰদেশে স্থান দখল কৰিছে৷ কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ ভিতৰত দিল্লী, গোৱা আৰু চণ্ডীগড়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে৷

প্ৰতিবেদনত ভাৰতে ৰপ্তানি সম্বন্ধীয় তিনিটা বুনিয়াদী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেঃ ৰপ্তানি আন্তঃগাঁথনিত ক্ষেত্ৰসমূহৰ ভিতৰত তথা আন্তঃক্ষেত্ৰীয় বিষমতা, ৰাজ্যসমূহৰ মাজৰ নিম্ন ব্যৱসায়িক সাহায্য তথা বিকাশ  অনুকূলন, জটিলতা তথা গুৰুত্বপূৰ্ণ ৰপ্তানিসমূহৰ উত্তৰণৰ বাবে নিম্ন অনুসন্ধান তথা বিকাশৰ আন্তঃগাঁথনি৷

এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ গুৰুত্বপূৰ্ণ কাৰ্যনীতিসমূহৰ ওপৰত জোৰ দিয়াটো আৱশ্যক৷ 

‘আত্মনিৰ্ভৰ ভাৰত’ত গুৰুত্ব প্ৰদানৰ দ্বাৰা ভাৰতক এক বিকশিত অৰ্থব্যৱস্থা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ পৰা ৰপ্তানি বৃদ্ধি কৰাটো আৱশ্যক৷

ইপিআইৰ অন্তিম গাঁথনিত ৰাজ্য, কেন্দ্ৰীয়শাসিত প্ৰদেশ তথা এগজিম বেংক, আইআইএফটিৰ দৰে সংগঠনসমূহৰ অনিবাৰ্য প্ৰতিক্ৰিয়াৰ ওপৰত আধাৰিত আছিল৷ ৰাজ্যসমূহে তথ্যসমূহ প্ৰদান কৰিছে৷ কিছুমান বিষয়ত ভাৰতীয় ৰিজাৰ্ভ বেংত, ডিজিচিআইএছ তথা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হৈছে৷

প্ৰতিবেদন ইয়াত পাওক:

https://niti.gov.in/sites/default/files/2020- 08/Digital_ExportPreparednessIndex2020_0.pdf

অনুষ্ঠান মুকলিৰ লিংকঃ

https://www.youtube.com/watch?v=pQlW73yV4lY

 

*****

VRRK/KP/MANN



(Release ID: 1648829) Visitor Counter : 178