পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

চলিত বৰ্ষৰ ২০ এপ্ৰিলৰ পৰা তেল আৰু গেছ খণ্ডই ৫.৮৮লাখ কোটি টকা ব্যয়সাপেক্ষ ৮,৩৬৩টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে

এই প্ৰকল্পসমূহৰ জৰিয়তে ৩৩.৮ কোটি মানৱদিন কৰ্ম-সংস্থাপন সৃষ্টিৰ আশা কৰিছে ভাৰত চৰকাৰে

পেট্ৰ’লিয়াম উদ্যোগে ‘সংকটক সুযোগলৈ’ ৰূপান্তৰ কৰাৰ লগতে কৰ্ম-সংস্থাপন সৃষ্টি আৰু বিকাশৰ পুনৰ উত্থানৰ বাবে মিচন মোডত কাম কৰিছে

Posted On: 25 AUG 2020 6:20PM by PIB Guwahati

মহামাৰী সম্পৰ্কীয় সকলো মানসম্পন্ন পৰিচালন পদ্ধতি মানি চলি তেল আৰু গেছ খণ্ডই চলিত ২০ এপ্ৰিলৰ পৰা ৫.৮৮লাখ কোটি টকা ব্যয়সাপেক্ষ ৮,৩৬৩টা অৰ্থনৈতিক কাম-কাজ আৰু প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷

তেল আৰু গেছ খণ্ডৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু যুটীয়া অংশীদাৰিত্ব/ৰাজসাহায্যযুক্ত এই প্ৰকল্পসমূহৰ ভিতৰত শোধনাগাৰ প্ৰকল্প, জৈৱ শোধনাগাৰ, অন্বেষণ আৰু উপাদন প্ৰকল্প, বিপণন, আন্তঃগাঁথনি প্ৰকল্প, পাইপলাইন, চিজিডি প্ৰকল্প, খনন আৰু সমীক্ষাজনিত কাম-কাজ প্ৰকল্প অন্যতম৷ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু যুটীয়া অংশীদাৰিত্বৰ অন্তৰ্গত এই তেল আৰু গেছ খণ্ডই চলিত বৰ্ষত ২৫টা প্ৰকল্পৰ বাবে ১,৬৭,২৪৮ কোটি টকা আনুমানিক ব্যয় ধাৰ্য কৰাৰ লগতে ৭৬,৫৬,৮২৫ মানৱদিন কৰ্ম-সংস্থাপনৰ সৃষ্টি কৰিব৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী্ ধৰ্মেন্দ্ৰ প্ৰধানে ২৪ আগষ্টত তেল আৰু গেছ কোম্পানীসমূহৰ চলিত সকলো প্ৰকল্প গভীৰভাৱে পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীয়ে পেট্ৰ’লিয়াম উদ্যোগক ‘সংকটক সুযোগ’লৈ ৰূপান্তৰ কৰাৰ লগতে কৰ্ম-সংস্থাপন আৰু বিকাশৰ পুনৰ উত্থানৰ বাবে মিচন মোডত কাম কৰিছে৷ তেল আৰু গেছ প্ৰতিষ্ঠানসমূহেও মুল খণ্ড হিচাপে যুদ্ধগতিৰে কাম-কাজ অব্যাহত ৰাখি দেশৰ অৰ্থনৈতিক উত্থানত অৰিহণা যোগাইছে৷ উল্লেখ্য যে তেল আৰু গেছ খণ্ড দেশৰ অৰ্থনৈতিক বিকাশৰ মুল চালিকা শক্তি আৰু সেইবাবে এই প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় অৰ্থনীতিত উদ্গনি যোগোৱাৰ লগতে সংস্থাপন সৃষ্টি আৰু সামগ্ৰীৰ গতিশীলতাও বৃদ্ধি কৰিব৷

এই প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয়ৰ ভিতৰত ২০২০-২১ বিত্তীয় বৰ্ষত ১.২০ লাখ কোটি ব্যয় ধাৰ্য কৰা হৈছে৷ ইফালে, বৰ্তমানলৈকে শ্ৰমিকক ৩,২৫৮ কোটি টকা ইতিমধ্যে প্ৰদান কৰা হৈছে৷ ৮,৩৬৩টা প্ৰকল্পৰ সমাপ্তিত সৰ্বমুঠ ৩৩.৮ কোটি মানৱদিন (প্ৰত্যক্ষ বা পৰোক্ষভাৱে)কৰ্ম-সংস্থাপন সৃষ্টিৰ আশা কৰা এইসমূহ প্ৰকল্পত ২০২০-২১ বৰ্ষত ৯.৭৬ কোটি মানৱদিন কৰ্ম-সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে৷ ১৫ আগষ্টলৈকে এই প্ৰকল্পসমূহৰ অধীনত ২.২ কোটি মানৱদিন কৰ্মসংস্থাপন সৃষ্টি হৈছে৷

তাপৰ্যপূৰ্ণ এই যে নিৰ্ধাৰিত ধন ৰাশিৰ ব্যয়ে বিনিয়োগৰ বিভিন্ন পথ প্ৰশস্ত কৰিব আৰু ই ভাৰতীয় অৰ্থনীতি পুনৰুজ্জীৱিতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে দেশৰ যুৱ-প্ৰজন্মক নিয়োগৰ সুযোগো প্ৰদান কৰিব৷

*********

YB/DB



(Release ID: 1648638) Visitor Counter : 177