ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বেংগল ৰসায়ন আৰু ফাৰ্মাচিউটিকেল লিমিটেডে এদিনতে

অভিলেখ সংখ্যক ৫১,৯৬০ ফেনল বটল উৎপাদন কৰিলে

ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ৰে পৰা মাহিলী ৪.৫ কোটিৰ পৰা ৬ কোটি টকালৈ ফেনলৰ বিক্ৰী হৈছে

Posted On: 25 AUG 2020 1:09PM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত বেংগল কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড (বিচিপিএল) শীৰ্ষক ৰাজহুৱা প্ৰতিষ্ঠানটোৱে ক’ভিড মহামাৰীৰ সময়ৰে পৰা তেওঁলোকৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিছে৷ তেওঁলোকে এদিনতে ৫১,৯৬০ টা ফেনলৰ বটল উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে৷ এই কৃতিত্বৰ অধিকাৰী হৈছে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা ইউনিটৰ বিচিপিএল পানিহাটি৷

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়ই উদ্যোগটোৰ পৰিচালন মণ্ডলী আৰু কৰ্মচাৰীসকলক এই বৃহৎ উৎপাদনৰ বাবে অভিনন্দন জনায়৷

বিচিপিএলৰ তৰফৰ পৰা কোৱা হয় যে  ক’ভিডৰ পূৰ্বে উদ্যোগটোৱে প্ৰতিদিনে ১৫,০০০ বটল উৎপাদন কৰিছিল৷ তেতিয়া মাহিলী বিক্ৰীৰ পৰিমাণ আছিল ৩ৰ পৰা ৩.৫ কোটি টকা৷ এতিয়া এই পৰিমাণ মাহে  ৪.৫ কোটিৰ পৰা ৬ কোটিলৈ বৃদ্ধি পাইছে৷

কৰ্মচাৰীসকলে ২০ অক্টোবৰলৈ দেওবাৰকে ধৰি অন্য বন্ধৰ দিনতো দুটা শ্বিফ্টত কাম কৰিব৷

উল্লেখ্য, বেংগল কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড হ’ল ভাৰতৰ প্ৰথমটো ফাৰ্মাচিউটিকেল উদ্যোগ যিয়ে ফাৰ্মা আৰু ঔদ্যোগিক সামগ্ৰী উৎপাদন কৰে৷

*****

 

RCJ/RKM/MANN



(Release ID: 1648590) Visitor Counter : 134