প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইডুক্কিৰ ৰাজামালাইত ভূমিস্খলনত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্রীৰ শোক প্ৰকাশ; ক্ষতিগ্ৰস্তসকলৰ বাবে এককালীন সাহায্য ঘোষণা
Posted On:
07 AUG 2020 7:30PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ইডুক্কিৰ ৰাজামালাইত ভূমিস্খলনত প্রানহানিৰ ঘটনাক শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোবার্তাত প্ৰধানমন্ত্রীয়ে কয়, “ইডুক্কিৰ ৰাজামালাইত ভূমিস্খলনত প্রাণহানিৰ ঘটনাত মই মর্মাহত হৈছো৷ এই দুখৰ সন্ধিক্ষণত যিসকলে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো৷ আহতসকলৰো আশু আৰোগ্য কামনা কৰিলো৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনী আৰু প্ৰশাসনে ঘটনাস্থলীত পীডিতসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে৷”
প্ৰধানমন্ত্রীয়ে ভূমিস্খলনত মৃত্য হোৱা লোকসকলৰ পৰিয়ালবর্গক ‘প্ৰধানমন্ত্রী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ৰ পৰা দুই লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে৷
***
VRRK/KP/DB
(Release ID: 1648357)
Visitor Counter : 186
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam