ৰেল মন্ত্ৰালয়

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ২১ আগষ্ট, ২০২০ পৰ্যন্ত ৬,৪০,০০০ ৰোধিক কামৰ দিন সৃষ্টি ভাৰতীয় ৰেলৰ

৬ ৰাজ্য যথাঃ বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত এয়া সৃষ্টি

এই আঁচনিৰ অধীনত উক্ত ৰাজ্যকেইখনৰ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কামৰ সুযোগ সৃষ্টি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতি নিৰীক্ষণ ৰেল মন্ত্ৰণালয়ৰ

২১ আগষ্ট, ২০২০ পৰ্যন্ত ৰূপায়ণ কৰা প্ৰকল্পৰ অৰ্থে ঠিকাদাৰসকললৈ ১,৪১০.৩৫ কোটি টকাৰ পেমেন্ট মুকলি

৬ ৰাজ্যৰ ১১৬ জিলাত গৰীৱ কল্যাণ ৰোজগাৰ অভিযান ৰূপায়ণ কৰা হৈছে

এই ৰাজ্যকেইখনত প্ৰায় ১৬৫ ৰেলৱে আন্তঃগাঁথনিমূলক প্ৰকল্প সম্পন্ন কৰা হয়

Posted On: 23 AUG 2020 5:10PM by PIB Guwahati

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ভাৰতীয় ৰেলে ৬ খন ৰাজ্য যথাঃ বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ৬,৪০,০০০ ৰোধিক কামৰ দিন সৃষ্টি কৰিছে।

ৰেল আৰু উদ্যোগ-বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে এই আঁচনিৰ অধীনত উক্ত ৰাজ্যকেইখনৰ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কামৰ সুযোগ সৃষ্টি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতি মনোযোগেৰে নিৰীক্ষণ কৰি আছে। এই ৰাজ্যকেইখনত প্ৰায় ১৬৫ টা ৰেল আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

২১ আগষ্ট, ২০২০ লৈকে, এই অভিযানৰে ১২,২৭৬ শ্ৰমিক জড়িত হৈছে আৰু ৰূপায়ণ কৰা প্ৰকল্পৰ অৰ্থে ঠিকাদাৰসকললৈ ১,৪১০.৩৫ কোটি টকাৰ পেমেন্ট মুকলি কৰি দিয়া যায়।

মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ লেখীয়াকৈ প্ৰতিখন জিলাতে ন’ডেল বিষয়া নিযুক্তি দিছে যাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহৰ সৈতে নিকট সমন্বয় সাধন হয়।

এই আঁচনিৰ অধীনত সম্পন্ন কৰা কামসমূহৰ ধৰণ মন্ত্ৰণালয়ে নিৰ্ণয় কৰি উলিয়াইছে। এই কামসমূহ (i) লেভেল ক্ৰছিঙৰ বাবে সংযোগী পথৰ নিৰ্মাণ আৰু মেৰামতি, (ii) ট্ৰেকৰ কাষত থকা বন্ধ হৈ পৰা নলা, নলা আৰু নৰ্দমাৰ উন্নয়ন আৰু পৰিষ্কৰণ, (iii) ৰেল ষ্টেচনলৈ সংযোগী পথৰ নিৰ্মাণ আৰু মেৰামতি, (iv) বৰ্তমানে থকা ৰেল বান্ধ/কাটিঙসমূহৰ মেৰামতি আৰু বহল কৰা,(v) ৰেলৰ মাটিৰ সীমাত গছপুলি ৰোপণ কৰা আৰু (vi) বৰ্তমানে থকা বান্ধ/কাটিং/দলংসমূহৰ সুৰক্ষামূলক কাম।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০ জুন, ২০২০ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হৈ যিসমূহ এলেকা/গাঁৱলৈ বৃহৎ সংখ্যক প্ৰব্ৰজিত শ্ৰমিক ঘূৰি আহিছে সেইসকলক সবল আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰিবলৈ গৰীৱ কল্যাণ ৰোজগাৰ অভিযান শীৰ্ষক বিস্তৃত নিয়োগ-ও-গ্ৰাম্য ৰাজহুৱা কৰ্ম অভিযানৰ শুভাৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীজনে ঘোষণা কৰে যে গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত মজবুত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৫০,০০০ কোটি টকা ব্যয় কৰা হ’ব।

১২৫ দিনীয়া এই অভিযান, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু উৰিষ্যা এই ৬ ৰাজ্যৰ উলটি অহা প্ৰব্ৰজিত শ্ৰমিকসকলক বিশেষ গুৰুত্বৰে ১১৬ জিলাত ২৫ টা পৰ্যায়ৰ কাম/ক্ৰিয়া-কলাপ সম্পন্নৰ লক্ষ্যৰে যুদ্ধকালীনভাৱে ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ সময়ছোৱাত ৰূপায়ণ কৰা ৰাজহুৱা কৰ্মই ৫০,০০০ কোটি টকাৰ সম্পদ সৃষ্টি কৰিব।

এই অভিযানটো হৈছে ১২ টা ভিন্ন মন্ত্ৰণালয়/বিভাগ যথাঃ গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ, পথ পৰিবহণ আৰু ৰাজপথ, খনি, পেয় জল আৰু অনাময়, পৰিবেশ, ৰেল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, নতুন আৰু নৱীকৰণযোগ্য শক্তি, সীমান্ত পথ, টেলিকম আৰু কৃষিৰ মাজৰ এক কেন্দ্ৰাভিমুখী প্ৰচেষ্টা যিয়ে ২৫ ৰাজহুৱা আন্তঃগাঁথনিমূলক কাম আৰু জীৱিকাৰ সুযোগ প্ৰবৰ্ধন সম্পৰ্কীয় কামৰ ৰূপায়ণ কৰিব।

*****

DJN/MKV/SB



(Release ID: 1648107) Visitor Counter : 198