স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত এদিনতে সৰ্বাধিক ৬৩,৬৩১গৰাকী ৰোগী আৰোগ্যৰে অভিলেখ

মুঠ আৰোগ্যৰ সংখ্যা ২২লাখৰ সীমা অতিক্ৰম

চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ১৫লাখতকৈ অধিক হৈছে

Posted On: 22 AUG 2020 3:33PM by PIB Guwahati

আজিৰ দিনটোত ভাৰতৰ দৈনিক নমূনা পৰীক্ষা ১০লাখ ২৩ হাজাৰেৰে নতুন উচ্চতাত উপনীত হোৱাৰ লগতে বিগত ২৪ ঘণ্টাত ৬৩,৬৩১গৰাকী ৰোগী আৰোগ্যৰে এটা দিনত সৰ্বাধিক লোক আৰোগ্যৰ অভিলেখ ৰচনা কৰিছে ভাৰতে৷

এই সৰ্বাধিক ক’ভিড-১৯ ৰোগী আৰোগ্য আৰু হাস্পতালৰ পৰা ডিছচাৰ্জ দিয়া তথা হোম আইছ’লেচনত ৰখা লোকৰ সৈতে দেশত আৰোগ্যৰ হাৰ ৭৪.৬৯%লৈ উন্নীত হৈছে৷ এই ব্যৱস্থাই মৃত্যুৰ হাৰো নিম্নগামী হোৱাত সহায় কৰিছে, যাৰ ফলত আজিৰ দিনটোত এই হাৰ ১.৮৭% হৈছে৷

ভাৰতত চিকিসাধীন(৬,৯৭,৩৩০জন) ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ১৫লাখতকৈ অধিক হৈছে৷ এই অভিলেখপূৰ্ণ আৰোগ্যৰ হাৰে দেশত হাস্পতালত চিকিসাধীন ৰোগীৰ বোজা হ্ৰাস কৰিছে৷ বৰ্তমান মুঠ আক্ৰান্ত লোকৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ ২৩.৪৩% হৈছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে “পৰীক্ষা, চিনাক্ত, চিকিৎসা” কৌশলৰ অৱলম্বন কৰি ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে আক্ৰান্ত ৰোগী দ্ৰুতগতিত আৰোগ্য হৈছে৷ আগ্ৰাসী পৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে ৰোগীক আগতীয়াকৈ চিনাক্তকৰণ কৰাৰ উপৰি চিকিৎসা আন্তঃগাঁথনিও দ্ৰুতগতিত বৃদ্ধি কৰি আক্ৰান্ত লোকসকলক ৰখা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SJ/DB



(Release ID: 1647958) Visitor Counter : 154