PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 AUG 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

এদিনত সৰ্বাধিক আৰোগ্য লাভৰ ক্ষেত্ৰত ভাৰতৰ নতুন অভিলেখ সৃষ্টি, যোৱা ২৪ ঘন্টাত ৬২,২৮২ৰ আৰোগ্য লাভ

এদিনতে ক’ভিড-১৯ৰ পৰা সৰ্বাধিক আৰোগ্য লাভৰ ক্ষেত্ৰত ভাৰতে নতুন শিখৰত আৰোহণ কৰিলে। যোৱা ২৪ ঘন্টাত ৬২,২৮২ এ আৰোগ্য লাভ কৰে আৰু ডিচাৰ্জ দিয়া হয়। অধিক ৰোগীয়ে আৰোগ্য লাভ কৰা আৰু চিকিৎসালয় আৰু হ’ম আইছ’লেশ্যন (নৰম আৰু মধ্যমীয়া ঘটনাসমূহৰ ক্ষেত্ৰত)ৰপৰা অব্যাহতি দিয়াৰ পৰিপ্ৰেক্ষিতত, আজি মুঠ আৰোগ্য লাভৰ সংখ্যাই ২১.৫ লাখৰ সীমা অতিক্ৰম (২১,৫৮,৯৪৬) কৰে। আৰোগ্য লাভ কৰা ৰোগী আৰু ক’ভিড-১৯ ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ ব্যৱধান বৃদ্ধি পাই আৰু আজি ১৪,৬৬,৯১৮ স্পৰ্শ কৰে।

অধিক বিৱৰণৰ বাবে

 

ভিডৰ যথাযথ আচৰণৰ প্ৰোৎসাহনৰ অৰ্থে ইন্টাৰেক্টিভ গেম আৰু আইইচি কন্টেন্ট উন্মোচন ডাঃ হৰ্ষ বৰ্ধনৰ

কালি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ক’ভিডৰ মূল যথাযথ আচৰণবিধি পালনৰ আহ্বানেৰে প্ৰস্তুত কৰি উলিওৱা ক’ভিড-১৯ সন্দৰ্ভত প্ৰথম গেম দ্য ৰোনা ফাইটাৰ্ছ (www.thecoronafighters.in) আৰু দুটা নতুন ভিডিঅ’ উন্মোচন কৰে। বিশেষভাৱে ডিজাইন কৰা গেমটো উন্মোচন কৰি সন্তোষ ব্যক্তৰে, ডাঃ হৰ্ষ বৰ্ধনে কয় যে এই গেমটোৱে’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সঠিক আহিলা আৰু আচৰণবিধি সন্দৰ্ভত জনসাধাৰণক জ্ঞাত কৰিবলৈ এটা নতুন আৰু অতিশয় সৃষ্টিমূলক পথ দাঙি ধৰিছে।তেওঁ লগতে কয় যে ইয়াৰে সৈতে দুটা প্ৰম’শ্যনেল ভিডিঅ’সাধাৰণভাৱে ডিজাইন কৰা হৈছে আৰু বিস্তৃত পৰিসৰত গভীৰ বাৰ্তা লাভৰ বাবে ই উপভোগ্য মাধ্যম।ডাঃ হৰ্ষ বৰ্ধনে তদুপৰি জন ভাগিদাৰী (জনসাধাৰণৰ অংশগ্ৰহণ) আৰু চলচ্চিত্ৰ উদ্যোগটোৰ বহু ব্যক্তিৰ সমৰ্থন আৰু বৰঙণিৰ জৰিয়তে জন আন্দোলনলৈ ৰূপান্তৰিত হোৱা পলিঅ’ অভিযানৰ অভিজ্ঞতাও স্মৰণ কৰে।

অধিক বিৱৰণৰ বাবে

 

’ভিড-১৯ৰ সময়ছোৱাত সাধাৰণ নিৰ্বাচন/উপ নিৰ্বাচন অনুষ্ঠিতৰ বাবে নীতি-নিৰ্দেশনা

’ভিড-১৯ৰ সময়ছোৱাত সাধাৰণ/উপ নিৰ্বাচন অনুষ্ঠিতৰ অৰ্থে ভাৰতৰ নিৰ্বাচন আয়োগে বিস্তৃত নীতি-নিৰ্দেশনাত অনুমোদন জনাইছে। আয়োগে মনোনয়নৰ সময়ত প্ৰাৰ্থীৰ সৈতে থকা লোকৰ সংখ্যা আৰু বাহনৰ সংখ্যাৰ নিয়মত সংশোধন ঘটাইছে। তদুপৰি ই প্ৰৱৰ্তন কৰা বিকল্প সুবিধা অনুসৰি অনলাইনৰ জৰিয়তে মনোনয়ন প্ৰ-পত্ৰ আৰু শপতনামা পূৰণ আৰু জমা দিব পৰা যাব। প্ৰথম বাৰৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ অৰ্থে প্ৰাৰ্থীয়ে আমানত ধন জমা দিবলৈ অনলাইন বিকল্প পদ্ধতিৰ প্ৰৱৰ্তন কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

’ভিড-১৯ সম্পৰ্কীয় উদ্ভাৱনৰ বাবে আইটিআই, বেৰহামপুৰৰ ৩ টা পেটেন্ট দাখিল

’ভিড-১৯ৰ সংক্ৰমণ ৰোধত সহায়ক হোৱাকৈ কাৰিকৰী অভিজ্ঞতা ব্যৱহাৰৰ অব্যাহত থকা প্ৰক্ৰিয়াটোত, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই), বেৰহামপুৰে ইয়াৰ তিনিটা উদ্ভাৱনী সামগ্ৰীৰ পেটেন্ট জাৰ্ণেলত পঞ্জীয়ন কৰিছে। এই সামগ্ৰী তিনিটা ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত সহায়ক হোৱাকৈ উদ্ভাৱন কৰা হৈছিল। এই তিনিটা উদ্ভাৱন হৈছে বাইল স্বাৱ কালেকশ্যন কিয়স্ক, ইউভিচি ছল ছেনিটাইজাৰ আৰু ইউভিচি ৰ ৱাৰিঅৰ।

অধিক বিৱৰণৰ বাবে

 

গ্ৰামাঞ্চলৰ কম কঠোৰ চৰ্তাৱলী সাপেক্ষে মজুতৰ সুচলতাৰ অৰ্থে নিম্ন ব্যয়ৰ কভিড-১৯ ডিটেকশ্যন কিটৰ বাবে অধ্যয়ন আৰম্ভ

’ভিড-১৯ মহামাৰীয়ে যথাযথ আন্তঃগাঁথনি নথকা অনগ্ৰসৰ অঞ্চলসমূহত ৰেপিড ডায়েগনিষ্টিক ব্যৱস্থাৰ প্ৰৰ্ৱতনৰ প্ৰত্যাহ্বান দূৰ কৰিলে। এইবাৰ নিম্ন ব্যয়ৰ ডিভাইচৰ কথা চিন্তা কৰা হৈছে যাৰ বাবে অতি কটকটীয়া মজুতৰ প্ৰয়োজনীয়তাৰ আৱশ্যক নহয়। এই জৰুৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিজ্ঞানীসকলে গৱেষণা পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে।

অধিক বিৱৰণৰ বাবে

 

ইএছআইচিৰ অটল বিমিট ভক্তি কল্যাণ যোজনাৰ অধীনত যোগ্যতাৰ মাপকাঠিত শিথিলকৰণ আৰু আনএমপ্লইমেন্ট বেনিফিটৰ পেমেন্ট বৃদ্ধি

ইএছআই নিগমে ইয়াৰ সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতিসাধনৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ক’ভিড-১৯ মহামাৰীত প্ৰভাৱিত শ্ৰমিক সকললৈ সাহাৰ্য্য আগবঢ়াইছে। ইএছআইচি এ অটল বিমিট ভক্তি কল্যাণ যোজনা ৰূপায়ণ কৰি আছিল যাৰ অধীনত ইএছআই আঁচনিৰ অধীনত সামৰি লোৱা শ্ৰমিকসকলক আনএমপ্লইমেন্ট বেনিফিট আগবঢ়োৱা হয়। ২০২১ ৰ ৩০ জুন অৰ্থাৎ আৰু এবছৰলৈ এই আঁচনিখন সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত ইএছআইচিয়ে গ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবে

 

২০২০ ত পিএমইজিপি প্ৰকল্পৰ ৰূপায়ণত ৪৪% অগ্ৰগতিৰে অভিলেখ সৃষ্টি

’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত কাৰ্যকৰী কৰা লকডাউনৰ বাবে এফালে দেশৰ অৰ্থনীতি প্ৰভাৱিত হোৱাৰ সময়তে, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ(কেভিআইচি)ৰদ্বাৰা ৰূপায়ণ কৰা ধ্বজাবাহী প্ৰধান মন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যক্ৰম (পিএমইজিপি) ই ক্ষীপ্ৰভাৱে অগ্ৰগতি লাভ কৰিছে। চলিত বিত্তীয় বৰ্ষটোৰ প্ৰথম পাঁচটা মাহত প্ৰকল্পৰ অনুমোদন, যথাঃ ২০২০ৰ ১ এপ্ৰিলৰপৰা ২০২০ৰ ১৮ আগষ্টলৈকে লক্ষ্যণীয় ৪৪% বৃদ্ধি পাইছে। যোৱা বৰ্ষৰ একে সময়ছোৱাত ৭১,৫৫৬ প্ৰকল্পৰ বিপৰীতে চলিত বৰ্ষটোত কেভিআইচিয়ে ফাইনেন্সিং বেংকলৈ ১.০৩ লাখ প্ৰকল্প আৱেদনত অনুমোদন জনাইছে আৰু প্ৰেৰণ কৰিছে।

অধিক বিৱৰণৰ বাবে

 

২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৮ লাখৰো অধিক নিৰ্গুট ক্ৰেতা সংযোজিতঃ ইপিএফঅ পেৰুল ডাটা

২০২০ ৰ ২০ আগষ্টত ইপিএফঅ’ৰদ্বাৰা প্ৰকাশিত প্ৰভিশ্যনেল পে’ৰুল ডাটাত প্ৰকাশ পাইছে যে ২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ইপিএফঅ’ৰ চাবছক্ৰাইবাৰ বেছ প্ৰায় ৮.৪৭ লাখ সদস্যৰে বৃদ্ধি পাইছে। ২০২০ ৰ এপ্ৰিল আৰু মে’ত ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱে অন্তুৰ্ভুক্তিত প্ৰভাৱ পেলাইছিল। অৱশ্যে লকডাউন সত্বেও, ২০২০ৰ এপ্ৰিল আৰু মে’ মাহত ইপিএফঅ’ৰ সামাজিক সুৰক্ষা আঁচনিত ক্ৰমে প্ৰায় ০.২০ লাখ আৰু ১.৭২ .লাখ নিৰ্গুট নতুন ক্ৰেতা সংযোজিত হয়।

অধিক বিৱৰণৰ বাবে

 

ষ্টাৰ্ট-আপ বাতাবৰণ সম্প্ৰসাৰণৰ অৰ্থে ভাৰত-চুইডেন হেল্থকেয়াৰ ইনভেশ্যন চেন্টাৰৰে চামিল অটল ইনভেশ্যন অভিযান

সমগ্ৰ দেশখনতে স্পন্দনশীল ষ্টাৰ্ট-আপ বাতাবৰণটো ত্বৰান্বিত আৰু ভাৰতীয় উদ্যোগীসকলৰ সুপ্ত প্ৰতিভা জগাই তোলাত সহযোগিতাৰ অৰ্থে ভাৰত-চুইডেন হেল্থকেয়াৰ ইন’ভেশ্যন চেন্টাৰৰ হৈ অটল ইন’ভেশ্যন মিছন (এআইএম), নিটি আয়োগ আৰু বিজনেছ চুইডেন একত্ৰিত হৈছে। কালি এআইএম আৰু ভাৰত-চুইডেন হেল্থকেয়াৰ ইন’ভেশ্যন চেন্টাৰৰ মাজত উদ্দেশ্যৰ এখনি ভাৰ্চুৱেল ষ্টেটমেন্টত স্বাক্ষৰ হৈ যায়। উল্লেখযোগ্য যে এইমছ দিল্লী, এইমছ, যোধপুৰ আৰু বিজনেছ চুইডেনৰ মাজৰ এটি সমন্বয় হৈছে ভাৰত-চুইডেন হেল্থকেয়াৰ ইন’ভেশ্যন চেন্টাৰ।

অধিক বিৱৰণৰ বাবে

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • মহাৰাষ্ট্ৰঃ বৃহৎ মুম্বাই পৌৰ নিগম (বিএমচি)এ ইয়াৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দশনা আকৌ সংশোধন কৰিছে। শেহতীয়াকৈ ৩২৬ মৃত্যুৰে মহাৰাষ্ট্ৰত মৃতকৰ সংখ্যা ২১,৩৫৯ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা ১.৬২ লাখ।
  • গুজৰাটঃ যোৱা ২৪ ঘন্টাত নতুনকৈ ১১৭৫ ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা যায়। ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে আৰু বৰ্তমান এই হাৰ ৭৯.২১%।
  • ৰাজস্থানঃ ক’ভিড কেয়াৰ হাস্পতালত কৰ্মৰত চিকিৎসক আৰু নাৰ্ছিং ষ্টাফলৈ অতিৰিক্ত  অনাৰিয়াম ঘোষণা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ। ৰাজ্যখনত এতিয়ালৈকে ৬৬,৬১৯ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১,১৯০ জনে আৰোগ্য লাভ কৰিছে।
  • চত্তীশগড়ঃ ’ভিড-১৯ৰ লক্ষণে দেখা দিয়া লোকসকলক ২৪ ঘন্টাৰ ভিতৰত টেষ্ট কৰাৰ নিৰ্দেশনা দিছে চত্তীশগড়ৰ স্বাস্থ্য বিভাগে।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত, যোৱা ২৪ ঘন্টাত নতুনকৈ ১১৬ জনক পজিটিভ বুলি চিনাক্ত কৰা যায়। শেহতীয়াকৈ ৭১ জনে আৰোগ্য লাভৰ বিপৰীতে সক্ৰিয় ঘটনা ৯৬৮।
  • অসমঃ অসমত, কালি ১৭৩৫ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে আৰু আৰোগ্য লাভ কৰে ২৭৭২ জনে, ৰাজ্যখনত মুঠ ঘটনা হৈছেগৈ ৮৬,০৫২। মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৬৩,১২০ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৭০৮ জন আৰু ২২১ জনৰ মৃত্যু হয়।
  • মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ৪৯ জন লোক আক্ৰান্ত হৈছে, আৰোগ্য লাভ কৰে ১১৭ জনে। ৰাজ্যখনৰ মুঠ সক্ৰিয় ঘটনা ১৯০৫ আৰু আৰোগ্য লাভৰ হাৰ ৬০%।
  • মেঘালয়ঃ মেঘালয় চৰকাৰে ৰাজ্যখনলৈ সকলো প্ৰৱেশ পথ পৰৱৰ্তী ৩ মাহলৈ প্ৰতি মাহত ১ সপ্তাহলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে আৰু ২০২০ ৰ ছেপ্টেম্বৰৰপৰা আৰম্ভ হ’ব।
  • মিজোৰামঃ আজি ১৫ জন লোকে আৰোগ্য লাভ কৰে। মুঠ ঘটনা ৮৯৫ আৰু সক্ৰিয় ঘটনা ৪৭৮।
  • নাগালেণ্ডঃ ক’ভিড-১৯ পজিটিভ ঘটনা চিনাক্তকৰণৰ পাছত ক’হিমাৰ আৰু তিনিখন কলনী ছীল কৰা হৈছে।
  • ছিকিমঃ শেহতীয়াকৈ ৰাজ্যখনত ৪৬ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ৮৩৪ জনে আৰোগ্য লাভৰ বিপৰীতে সক্ৰিয় ঘটনা ৪৯৮।
  • কেৰেলাঃ আজি চাৰিজন কৰোনা ৰোগীৰ মৃত্যুৰে মৃতকৰ সংখ্যা ১৯৫ লৈ বৃদ্ধি।
  • তামিল নাডুঃ পুডুচেৰীত নতুনকৈ ৩১৩ জনৰ দেহত কভিড-১৯ ধৰা পৰিছে আৰু ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০ জনে আৰোগ্য লাভ কৰিছে।
  • কৰ্ণাটকঃ কন্টেইনমেন্ট জনৰ নীতি-নিৰ্দেশনাত ৰাজ্য চৰকাৰৰ সংশোধনী অনুসৰি ইয়াত শিথিলতা অনাৰ স্দ্ধান্ত গ্ৰহণ কৰিছে বিবিএমপিয়ে।
  • অন্ধ্ৰ প্ৰদেশঃ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে সদৰী কৰা অনুসৰি ক’ভিড-১৯ চিকিসালয়ৰ সংখ্যা ১৩৮ ৰপৰা ২৮৭ লৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনত মুঠ ঘটনা ৩,২৫,৩৯৬ আৰু সক্ৰিয় ঘটনা ৮৭,১৭৭ ৰ বিপৰীতে মৃত্যু হৈছে ৩০০১ জনৰ।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত নতুনকৈ ১৯৬৭ জন আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ১৭৮১ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ০৮ জনৰ মৃত্যু হৈছে।

ফেক্ট চেক



(Release ID: 1647770) Visitor Counter : 186