বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

আমাৰ মেডিকেল ফ্ৰেটাৰনিটিয়ে ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিলে আৰু ভাৰত যে বিশ্বস্ত অংশীদাৰ হ’ব পাৰিলে সেয়া বিশ্বক দেখুৱালেঃ শ্ৰী পীয়ূষ গোয়েল

লাভ, সজাগতা আৰু উপলব্ধতাৰ ক্ষমতাৰে আমাৰ স্বাস্থ্য প্ৰণালীক অধিক গতি প্ৰদানৰ অৰ্থে প্ৰযুক্তিৰ উপকৰণসমূহৰ উত্তোলনৰ আহ্বান শ্ৰী গোয়েলৰ

प्रविष्टि तिथि: 20 AUG 2020 1:29PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে কয় যে আমাৰ সকলো মেডিকেল ফ্ৰেটাৰনিটিয়ে ৰাষ্ট্ৰখনক গৌৰৱান্বিত কৰিলে আৰু বিশ্ব ব্যস্ততা আৰু বাণিজ্যৰ সময়ত ভাৰত যে বিশ্বস্ত অংশীদাৰ হ’ব পাৰে সেয়া বিশ্বৰ আগত প্ৰদৰ্শন কৰিলে। আজি ইয়াত চিআইআই ৰ ১২ সংখ্যক মেডটেক গ্ল’ৱেল ছামিটৰ উদ্বোধনত ভাষণ প্ৰদান কৰি, তেওঁ কয় যে ভাৰত আৰু বিশ্বৰ বাবে ঔষধৰ যথাযথ যোগান নিশ্চিত কৰিবলৈ ফাৰ্মাচিউটিকেল উদ্যোগ যত্নশীল হৈছে।’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় মেডিকেল ডিভাইচসমূহ আমাক ঘৰুৱাভাৱে প্ৰস্তুত কৰিবলৈ উদ্যোগসমূহ সচেষ্ট হৈছে আৰু সহায় কৰিছে। আমাৰ চিকিৎসক, পেৰামেডিক্স আৰু মেডিকেল ফ্ৰেটাৰনিটিয়ে ভাৰতৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ তেওঁলোকৰ অংগীকাৰৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে সাধাৰণ লোকক সেৱা আগবঢ়াই ৰাষ্ট্ৰখনকে গৌৰৱান্বিত কৰিলে।

শ্ৰী গোয়েলে কয় যে আমি আজি গৌৰৱেৰে ক’ব পাৰো যে কঠোৰ লকডাউন কি সেয়া ভাৰতে বিশ্বখনক দেখুৱাবলৈ সক্ষম হৈছে আৰু দ্ৰুত আৰোগ্য লাভ কি সেয়াও প্ৰদৰ্শন কৰিব পাৰিছে।আমাৰ ক’ভিড-১৯ৰপৰা আৰোগ্য লাভৰ সংখ্যা অতিশয় উৎসাহজনক, যিয়ে ৭০% আৰোগ্য লাভৰ সীমা অতিক্ৰম কৰিছে। এই সময়ছোৱা আমাৰ সকলোৰে বাবে উপযুক্ত শিক্ষা আছিল।

প্ৰধানমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ ভাষণৰ উদ্ধৃতিৰে, ’ত তেওঁ এখনি আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে লক্ষ্য প্ৰোথিত কৰিছিল আৰু চিকিৎসক-চিকিৎসাকৰ্মীসকলে পালন কৰি থকা ভূমিকাৰ বাবে তেওঁলোকৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল, শ্ৰী গোয়েলে কয় যে বৰ্তমান সময় হৈছে আমি ৩ টা A যথাঃ লাভ (Access), সজাগতা (Awareness) আৰু উপলব্ধতা (Availability)ৰ ক্ষমতাৰে স্বাস্থ্য প্ৰণালীটোক অধিক গতি প্ৰদান কৰিবলৈ প্ৰযুক্তিৰ উপকৰণসমূহৰ উত্তোলনৰ সময়। শ্ৰী গোয়েলে কয় যে আমাৰ ফাৰ্মা, মেডিকেল ডিভাইচ আৰু চিকিৎসা বৃত্তিটো জনসাধাৰণৰ জীৱনৰ যতন ল’বলৈ আত্ম-নিৰ্ভৰ হোৱাৰ আৱশ্যকতাৰ ভাৱনাৰে বিবৰ্ধিত হ’ব।

পৰমহংস যোগানন্দই “অধ্যৱসায়ে ফলাফল অনিবাৰ্যৰ নিশ্চিতি দিয়ে” বুলি কোৱা কথাষাৰ ব্যক্ত কৰি, তেওঁ আত্মনিৰ্ভৰ ভাৰত বাস্তৱায়িত হোৱাৰ অৰ্থে, ভাৰতক আত্ম-নিৰ্ভৰ কৰি তুলিবলৈ চিকিৎসা আৰু ফাৰ্মা কৰ্মীসকলক তেওঁলোকৰ অধ্যৱসায়, অংগীকাৰ আৰু সংকল্পৰ বাবে ওলগ জনায়।

শ্ৰী গোয়েলে কয় যে জনসাধাৰণক একত্ৰিত কৰি, ডাটাৰ ব্যৱহাৰ আৰু সেই তথ্যৰ প্ৰক্ৰিয়াকৰণে আমাৰ হেল্থকেয়াৰ ডেলিভাৰী চিষ্টেমৰ অগ্ৰগতিত আমাক সহায় কৰিলে আৰু ৰোগীৰ সংযোগী তথ্যৰ নিৰন্তৰ প্ৰৱাহ নিশ্চিত কৰিলে। তেওঁ কয়এই ব্যৱস্থাই আমাৰ চিকিৎসক আৰু সহযোগীসকলক ৰোগীৰ বাবে সঠিক নিদান আৰু সঠিক যত্নত সহায় কৰিলে।

মন্ত্ৰীজনে কয় যে ‘ফাৰ্মাচী অৱ দ্য ৱৰ্ল্ড’ হোৱাৰ লেখীয়াকৈ, আমি ‘হাস্পতাল অৱ দ্য ৱৰ্ল্ড’ও হৈ উঠিম, ’ত ভাৰতে সমগ্ৰ বিশ্বখনলৈ আগবঢ়োৱা সা-সুবিধা, উচ্চ মানদণ্ডৰ মেডিকেল কেয়াৰ আৰু উচ্চ মানবিশিষ্ট চিকিৎসা বিশ্বখনে ব্যৱহাৰ কৰিব পাৰিব। ভাৰতলৈ প্ৰযুক্তি অনা আৰু সা-সঁজুলিৰ বাবে বিশ্ব বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে চিকিৎসালয়সমূহৰে বিশ্ব যোগাযোগত আমাৰ সঠিক স্থান নিশ্চিত কৰিবলৈ মেডিকেল ডিভাইচৰ উদ্যোগটো সমুখৰ শাৰীত থাকিব।

শ্ৰী গোয়েলে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা নিৰ্বাচিত এলেকা হৈছে কল্যাণ কেন্দ্ৰ। তেওঁ কয় যে কল্যাণ কেন্দ্ৰসমূহৰ জৰিয়তে প্ৰতিৰোধী হেল্থকেয়াৰে অগ্ৰগতি লাভ কৰিছে।ফিট হৈ থকাটো আমাৰ চৰকাৰখনৰে মন্ত্ৰ”, তেওঁ লগতে কয়।

মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰীয়ে এটা অতি উজ্জ্বল ভৱিষ্যতৰ অৰ্থে লক্ষ্য প্ৰোথিত কৰিছে য’ত সমগ্ৰ দেশৰ প্ৰয়োজনীয় হেল্থকেয়াৰৰ উন্নয়ন সাধন হ’ব।

YB/AP/SB


(रिलीज़ आईडी: 1647339) आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Telugu , Malayalam