কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

ক’ভিড-১৯ ৰ প্ৰভাৱৰ বাবে আৰ্থিক বোজা লাঘব কৰিবলৈ বিদ্যুৎ ক্ষেত্ৰৰ বকেয়াৰ বাবদ নগদ ধন আগঢ়াবৰ বাবে এলানি ব্যৱস্থা গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

प्रविष्टि तिथि: 19 AUG 2020 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক বিষয় সংক্ৰান্তীয় কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত উজ্জ্বল ডিছকম এছুৰেন্স যোজনাৰ অধীনত বিগত বছৰৰ কাৰ্যকৰী মূলধনৰ সৰ্বোচ্চ সীমাৰ ২৫ শতাংশৰ ওপৰত বিদ্যুৎ যোগানকাৰী সংস্থাবোৰক ঋণ সহায়তা প্ৰদান কৰাৰ বাবে বিদ্যুৎ ধন সাহায্য নিগম আৰু গ্ৰামীণ বৈদ্যুতিকীকৰণ নিগমক এককালীন ৰেহাই দিয়াৰ এক প্ৰস্তাৱ অনুমোদিত হৈছে।

এই এককালীন ৰেহাই দিয়াৰ প্ৰস্তাৱ কাৰ্যকৰী হ’লে বিদ্যুৎ ক্ষেত্ৰত নগদ ধনৰ যোগান বৃদ্ধি কৰাৰ বাবে সাহায্য আগবঢ়োৱা হ’ব আৰু বিদ্যুৎ আবন্টন সংস্থাবোৰৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাচুল পৰিশোধ কৰাৰ বাবেও সহজ হৈ পৰিব।

উল্লেখ্য যে দেশত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে লকডাউনৰ ব্যাপক প্ৰভাৱে বিদ্যুৎ ক্ষেত্ৰত নাগৰিকসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে। আনকি, বিদ্যুৎ যোগান সংস্থাবোৰৰ ৰাজহো লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে। কাৰণ, সাধাৰণ মানুহে নিজৰ বিদ্যুৎ খৰচৰ মাচুল সময় মতে পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই। তৎসত্ত্বেও জৰুৰী সেৱা হিচাপে বিদ্যুৎ যোগান সংস্থাবোৰে সৰবৰাহ অব্যাহত ৰাখিছে। তাৰ লগতে, জৰুৰী চাহিদা হ্ৰাস পোৱাৰ ফলশ্ৰুতিত বিদ্যুৎ খৰচো হ্ৰাস পাইছে। এইবোৰ কাৰণতে বিদ্যুৎ ক্ষেত্ৰত নাগৰিকসকলৰ মাজত অভাব দেখা দিছে।

অৰ্থনৈতিক কাম কাজ আৰু বিদ্যুৎৰ চাহিদা বৃদ্ধি পাবলৈ যিহেতু কিছু সময়ৰ প্ৰয়োজন হ’ব, গতিকে হ্ৰস্বম্যাদী ব্যৱস্থা হিচাপে বিদ্যুৎ ক্ষেত্ৰৰ বাবে নাগৰিকসকলৰ অভাৱ পূৰণ কৰাটো সম্ভৱপৰ হৈ উঠিব। এই পৰিপ্ৰেক্ষিততেই নিৰন্তৰ বিদ্যুৎ সৰবৰাহ অব্যাহত ৰাখিবলৈ বিদ্যুৎ ক্ষেত্ৰৰ বাবে সমাধান ব্যৱস্থা হিচাপে নগদ যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

****

VRRK/RD


(रिलीज़ आईडी: 1647277) आगंतुक पटल : 313
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam