প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰকাশ পূৰব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Posted On: 19 AUG 2020 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰথম প্ৰকাশ পূৰব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘শ্ৰী গুৰু গ্ৰন্থ চাহিব জীয়ে আমাক সেৱা, সমবেদনা আৰু ভ্ৰাতৃত্ববোধৰ শিক্ষা দিয়ে, সমাজত সমতা স্থাপন কৰে৷ তাৰোপৰি আমি কেতিয়াও অন্যায়ৰ সন্মুখত মুৰ দোৱাব নালাগে, এই শিক্ষাও প্ৰদান কৰে৷ শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰথম প্ৰকাশ পূৰব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো৷ ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ শিখসকলে বিশ্বজনীনভাৱে বিভিন্ন দিশত সেৱা আগবঢ়াইছে৷ তেওঁলোকৰ সাহস আৰু দয়াশীলতাৰ গুণ অপূৰ্ব৷ শ্ৰী গুৰু গ্ৰন্থ চাহিব জীয়ে আমাক সদায়েই যেন এইদৰে মানৱতাৰ দিশত আগবঢ়াই নিয়ে৷’’

***

VRRK/SH/MANN



(Release ID: 1647186) Visitor Counter : 111