বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মহাকাশ ইঞ্জিনিয়াৰিঙৰ সৈতে জড়িত ষ্টার্ট-আপসমূহক উৎসাহিত কৰিব এনআৰডিচি আৰু এনএএলে

Posted On: 19 AUG 2020 11:16AM by PIB Guwahati

উদ্ভাৱনী প্ৰচেষ্টাৱলীক মূল সূঁতিৰ সৈতে জড়িত কৰাত ষ্টার্ট-আপসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ তদুপৰি, ষ্টার্ট-আপসমূহে উদ্যোগ  আৰু শিক্ষা প্ৰতিষ্ঠানৰ মাজত সহযোগিতা গঢ়ি তোলাত সহায় কৰে৷ উদ্ভাৱনৰ ক্ষেত্রত এই ধৰণৰ বিষয়বোৰ বিবেচনা কৰি ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন নিগম(এনআৰডিচি) আৰু বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদৰ অধীনস্থ নেচনেল এ’ৰোস্পেচ লেবৰেটৰীয়ে(এনএএল) এক উদ্ভাৱন তথা ইনকিউবেচন চেণ্টাৰ গঢ় দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এই ধৰণৰ প্ৰচেষ্টা গ্ৰহণৰ উদ্দেশ্য হ’ল মহাকাশ প্ৰযুক্তিৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহত আগ্ৰহী ষ্টার্ট-আপ সংস্থাসমূহৰ বাবে ব্যক্তিগত পুঁজিৰ ব্যৱস্থা কৰা৷

এই কাৰ্যসূচীৰ অধীনত মহাকাশ প্ৰযুক্তিৰ ক্ষেত্রত ষ্টার্ট-আপসমূহে পৰমর্শদাতা আৰু সংশ্লিষ্ট ক্ষেত্রত সৃজনশীল উদ্ভাৱনৰ বাবে সাহ যোগোৱাৰ কাম কৰিব৷ এনআৰডিচিৰ পৰিচালন সঞ্চালক ড০ এইচ পুৰুষোত্তমে কয় যে দুয়োটা সংস্থাৰ মাজত এই ধৰণৰ অংশীদাৰিত্বই দেশৰ যুৱ প্ৰজন্মৰ বাবে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব৷ এনআৰডিচি আৰু এনএএল দুয়োটা প্ৰতিষ্ঠানৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ কাৰণ ষ্টার্ট-আপসমূহত উদ্ভাৱনমূলক প্ৰয়াসৰ অংশীদাৰ হিচাপে অন্তৰ্ভূক্ত কৰাৰ এয়াই প্ৰথম প্ৰচেষ্টা৷

এনআৰডিপি আৰু এনএএল প্ৰতিষ্ঠানৰ মাজত চুক্তিপত্রত স্বাক্ষৰ কৰে এনআৰডিচিৰ মুখ্য পৰিচালন সঞ্চালক ড০ এইচ পুৰুষোত্তম আৰু এনএএল প্ৰতিষ্ঠানৰ সঞ্চালক ড০ জিতেন্দ্ৰ যাদৱে৷ নতুন দিল্লীত চিএছআইআৰৰ মুখ্য কাৰ্যলয়ত অনুষ্ঠিত স্বাক্ষৰ প্ৰদান অনুষ্ঠানত দুয়ো প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে চিএছআইআৰৰ সঞ্চালক শ্রী আৰ বৈধীছোৱাৰণনেও অংশগ্ৰহণ কৰে৷

*****

NB/KGS/(NRDC release)/DB


(Release ID: 1647124) Visitor Counter : 169