পৰ্যটন মন্ত্ৰালয়

কেন্দ্রীয় পর্যটন মন্ত্ৰালয়ৰ উদ্যোগত ‘দেখো অপনা দেশ’ চিৰিজৰ অধীনত স্বাধীনতা দিৱস উপলক্ষে ‘জালিয়ানৱালাবাগঃ স্বাধীনতা সংগ্রামৰ এক টাৰ্ণিং পইণ্ট' শীর্ষক চতুর্থ ৱেবিনাৰ

Posted On: 17 AUG 2020 4:41PM by PIB Guwahati

কেন্দ্রীয় পর্যটন মন্ত্ৰালয়ে স্বাধীনতা দিৱস উদযাপন উপলক্ষে দেখো অপনা দেশ ছিৰিজৰ অধীনত 'জালিয়ানৱালাবাগঃ স্বাধীনতা সংগ্রামৰ এক টাৰ্ণিং পইণ্ট' শীর্ষক স্বাধীনতা দিৱসৰ চতুৰ্থ আৰু সামগ্ৰিকভাৱে ৪৮সংখ্যক ৱেবিনাৰৰ আয়োজন কৰে৷ পর্যটন মন্ত্ৰালয়ৰ এক ৪৮তম ৱেবিনাৰ সংখ্যা৷ এই চিৰিজটো উপস্থাপন কৰে দ্য পার্টিচন মিউজিয়াম তথা 'জালিয়ানৱালাবাগ, ১৯১৯গ্ৰন্থৰ লেখক তথা কলা আৰু সাংস্কৃতিক ঐতিহ্য ন্যাসৰ অধ্যক্ষ শ্রীমতী কেশৰী দেশায়ে৷ অনুষ্ঠানত দেশায়ে জালিয়ানৱালাবাগত নিৰীহৰ হত্যাৰ কাহিনী দাঙি ধৰে৷ ব্রিটিছ ৰাজত্বৰ বিৰুদ্ধে যুঁজত চামিল হোৱা লোকসকলক কিদৰে নৃশংসভাৱে হত্যা কৰা হৈছিল তথা সেই ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল আদিৰ সুন্দৰ বর্ণনা কৰে৷ 'এক ভাৰত শ্রেষ্ঠ ভাৰত' কাৰ্যসূচীৰ অধীনত ভাৰতৰ সমৃদ্ধশালী বৈচিত্র্যকে তোলা ধৰাৰ বাবেই পর্যটন মন্ত্ৰালয়ে এই ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে৷

অধ্যক্ষ দেশায়ে অনুষ্ঠানত প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ভাৰতীয় সেনাই কিদৰে ব্রিটিছ বিৰুদ্ধে যুঁজ দিছিল তথা এই দেশত ব্রিটিছ ঔপনিৱেশিকতাৰ কাহিনী দাঙি ধৰে৷ একেদৰে, ১৯১৮ৰ পৰা ১৯২০চনৰ ভিতৰত ভাৰতত ইনফ্লুয়েঞ্জা মহামাৰীৰ বাবে লাখ লাখ লোকৰ প্রাণহানিৰ ঘটনাও ব্যাখ্যা কৰে৷

১৯১৯ চনৰ ১৩ এপ্ৰিলৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পূৰ্বে অমৃতসৰ আৰু ভাৰতৰ অন্যান্য ঠাইত ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি সম্পর্কেও ব্যাখ্যা আগবঢ়ায় শ্ৰীমতী দেশায়ে৷ তেওঁ ৰাওলাত আইন বা ক’লা আইন সম্পর্কেও বিভিন্ন ঘটনা দাঙি ধৰে৷ সেইসময় ব্রিটিছ আৰক্ষী বাহিনীয়ে কিদৰে সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাইছিল সেই ঘটনাৱলীৰ সন্দৰ্ভতো ৱেবিনাৰত অৱগত কৰে৷ গান্ধীজী এই ধৰণৰ নিপীড়ক আইনৰ বিৰুদ্ধে সাধাৰণ মানুহক লৈ যি সত্যাগ্ৰহ আন্দোলনৰ আহ্বান জনাইছিল সেই বিষয়েও উল্লেখ কৰে শ্রীমতী দেশায়ে৷ অনুষ্ঠানত তেওঁ কয় যে জালিয়ানৱালাবাগত সেই সময়ত বহু মানুহে শান্তিপূর্ণ প্ৰতিবাদৰ উদ্দেশ্যে সমবেত হৈছিল৷ কিন্তু ব্রিটিছ শাসক এই কথা উদ্বিগ্ন হৈ সাধাৰণ জনতাৰ ওপৰত নির্বিচাৰে গুলি বৰ্ষণ কৰে৷ এই ঘটনাৰ পাছত সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰবীন্দ্ৰনাথ ঠাকুৰে এই ঘটনাৰ প্ৰতিবাদত 'নাইটহুড' উপাধি ত্যাগ কৰিছিল৷

ৱেবিনাৰত কেন্দ্রীয় পর্যটন মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক শ্রীমতী ৰুপিন্দৰ ব্রাৰে অমৃতসৰৰ দর্শনীয় স্থান ভ্ৰমণ সম্পর্কে ব্যাখ্যা আগবঢ়ায়৷ এই স্থানসমূহ ভ্ৰমণৰ বাবে বিমান, ৰে’ল আৰু পথ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নয়ন সাধন কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ শ্রীমতী ব্রাৰে কয় যে সূর্যাস্তৰ পূৰ্বে প্ৰতিদিনে ৱাঘা সীমান্তত আয়োজিত 'বিটিং ৰিট্রিট' অনুষ্ঠান সকলোৰে বাবে বিশেষ আকর্ষণৰ কেন্দ্ৰবিন্দু৷

কেন্দ্রীয় পর্যটন মন্ত্ৰালয়ে দেশৰ পর্যটনেৰ বিকাশত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। দর্শকসকলৰ সুবিধার্থে বিভিন্ন সা-সুবিধাৰো ব্যৱস্থা কৰিছে। এই উপলক্ষে জালিয়ানৱালাবাগৰ ঘটনা প্ৰদৰ্শন কৰা হয়৷ বর্তমান জালিয়ানৱালাবাগত সংস্কাৰৰ কাম কৰা হৈছে। তাত সংগ্ৰহালয়, গেলেৰী নিৰ্মাণ কৰা হৈছে। জালিয়ানৱালাবাগৰ স্মৃতিসৌধত শব্দ আৰু পোহৰৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।


দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত আয়োজন কৰা অনুষ্ঠানসমূহ এতিয়াৰে পৰা পর্যটন মন্ত্ৰালয়ৰ বিভিন্ন ছ’চিয়েল মিডিয়াত চাব পৰা যাব. পর্যটন মন্ত্ৰালয়ৰ ইউটিউব চেনেলৰ লিংকটো হ’ল - https://www.youtube.com/channel/UCbzIbBmMvtvH7d6Zo_ZEHDA/featured

 

*****

NB/AKJ/OA/DB



(Release ID: 1646646) Visitor Counter : 184