প্ৰতিৰক্ষা মন্ত্ৰালয়

১৭৩ সীমান্ত আৰু উপকূলীয় জিলাক সামৰি এক বৃহৎ সম্প্ৰসাৰণৰ প্ৰস্তুতি এনচিচিৰ

Posted On: 16 AUG 2020 9:47AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সকলো সীমান্ত আৰু উপকূলীয় জিলাৰ যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পুৰণৰ লক্ষ্যৰে নেচনেল কেডেড কৰ্পছৰ এক বৃহ সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰস্তাৱিত আঁচনিখনৰ কথা ঘোষণা কৰে৷

এনচিচিত ১৭৩ সীমান্ত আৰু উপকূলীয় জিলাৰ এক লাখ কেডেটক অন্তৰ্ভূক্ত কৰা হ’ব৷ এই কেডেটৰ এক তৃতীয়াংশই ছোৱালী৷ এনচিচিত অন্তৰ্ভূক্ত হ’বলগীয়া সীমান্ত আৰু উপকূলীয় জিলাসমূহৰ ১,০০০তকৈ অধিক বিদ্যালয় আৰু মহাবিদ্যালয় ইতিমধ্যে চিনাক্ত কৰা হৈছে৷

সীমান্ত আৰু উপকূলীয় এলেকাৰ কেডেটৰ পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ এই সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে ৮৩টা এনচিচি গোট(স্থল সেনা ৫৩, নৌ সেনা ২০, বায়ু সেনা ১০)ৰ উন্নীতকৰণ কৰা হ’ব৷

স্থল সেনাই সীমান্ত এলেকাত স্থাপিত এনচিচি গোটৰ প্ৰশিক্ষণ আৰু প্ৰশাসনিক সমৰ্থন আগবঢ়াব, উপকূলীয় এলেকাত নৌ সেনাই আৰু বায়ু সেনা ছাউনীৰ সমীপত অৱস্থিত এনচিচি ইউনিটৰ প্ৰতি সহায় আগবঢ়াব৷

এই ব্যৱস্থাই কেৱল সীমান্ত আৰু উপকূলীয় এলেকাৰ যুৱক-যুৱতীসকলক সামৰিক প্ৰশিক্ষণ আৰু নিয়মানুৱৰ্তী জীৱনৰ পথ নেদেখুৱাই, বৰঞ্চ সেনা বাহিনীত যোগদানৰ প্ৰতিও তেওঁলোকক প্ৰেৰণা যোগাব৷

এনচিচিৰ এই সম্প্ৰসাৰণ কাৰ্যসূচী ৰাজ্যসমূহৰ সহযোগত ৰূপায়ণ কৰা হ’ব৷

****

ABB/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1646335) Visitor Counter : 160