PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 AUG 2020 6:25PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

বিশ্বৰ ভিতৰতে সবাতোকৈ কম, ভাৰতত মৃত্যুৰ হাৰ ২%ৰ তললৈ অৱনমিত হৈছে; আৰোগ্যৰ হাৰ ঊৰ্ধমুখী হৈছে, আজি এয়া প্ৰায় ৭২% হৈছে; প্ৰায় ৩ কোটি ক’ভিড পৰীক্ষণ হৈছে

ভাৰতত বিশ্বৰ ভিতৰতে ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ ক্ৰমাগত গতিত অৱনমিত হৈ আজি ১.৯৩% হৈছে৷

Image

ভাৰতত আৰোগ্যৰ হাৰ ৭২% হৈছে আৰু অধিক সংখ্যক লোকে আৰোগ্য লাভ কৰি আছে৷ বিগত ২৪ ঘণ্টাত ৫৩,৩২২ জন লোকে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ১৮,৬২,২৫৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা (৬,৭৭,৪৪৪) মুঠ ৰোগীৰ ২৬.১৬% হৈছে৷ এই পৰ্যন্ত ২,৯৩,০৯,৭০৩ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৭,৪৬,৬০৮ টা নমুনা পৰীক্ষণ কৰা হৈছে৷  এই পৰ্যন্ত ১৪৬৯ টা গৱেষণাগাৰত পৰীক্ষণ সম্পন্ন হৈছে৷

অধিক বিৱৰণৰ বাবে

 

৬খন ৰাজ্যত গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ভাৰতীয় ৰে’লৱেত ৫.৫ লাখ কৰ্মদিনৰ সৃষ্টি হৈছে

বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতে ধৰি ৬ খন ৰাজ্যত গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ভাৰতীয় ৰে’লৱেয়ে ৫.৫ লাখ কৰ্মদিনৰ সৃষ্টি কৰিছে৷ প্ৰকল্পটোৰ অধীনত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কৰ্ম নিয়োজনৰ সমগ্ৰ ব্যৱস্থাটো ৰে’লৱে আৰু বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে নিৰীক্ষণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আইচিচিআৰৰ মুখ্য কাৰ্যালয়ত ভাৰ্চুৱেলি মুকৰি কৰিলে শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প’ৰ্ট্ৰেইট

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ এক প’ৰ্ট্ৰেইট মুকলি কৰে৷ বাজপেয়ীৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী হিচাপে আইচিচিআৰৰ মুখ্য কাৰ্যালয়ত এই প’ৰ্ট্ৰেইট মুকলি কৰে ৰাষ্ট্ৰপতিয়ে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২৫.২৫ লাখ হিতাধিকাৰীলৈ ১৯০ কোটি টকাৰ সামাজিক নিৰাপত্তা পেঞ্চনৰ যোগান ধৰা হৈছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত দেশৰ দুখীয়া লোকসকলে ২০২০ চনৰ নৱেম্বৰ মাহলৈ বিনামূলীয়া ৰেচন লাভ কৰিব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত ৫.৯০ লাখ পৰিয়াললৈ প্ৰতি মাহে ৫০০ টকাকৈ বিত্তীয় সাহায্যৰ যোগান ধৰা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে মুম্বাইৰ পৰা যোৱা প্ৰব্ৰজিত শ্ৰমিকৰ ফলত ৰাজ্যখনৰ গ্ৰামাঞ্চলত বৃদ্ধি পোৱা ক’ভিড-১৯ৰ ৰোগীৰ বাবে উদ্বেগ প্ৰকাশ কৰে৷ মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৫.৮৪ লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৫৬ লাখ৷
  • গুজৰাটঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৩৫৯ জন৷
  • ৰাজস্থানঃ শনিবাৰ পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৯,৯৭৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,২৬৫ জন৷
  • মধ্য প্ৰদেশঃ শনিবাৰে ১০৯৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৯৮৬ জন৷
  • চট্টিশগড়ঃ ৪২৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত তথা চাৰিজনৰ মৃত্যু হোৱাৰ জৰিয়তে চট্টিশগড়ত শনিবাৰে মুঠ ৰোগীৰ সংখ্যা হৈছে ১৪,৯৮৭ জন আৰু মুঠ ১৩৪ জন লোকৰ মৃত্যু হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮০৭ জন৷
  • গোৱাঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৭৫৩ জন৷
  • কেৰালাঃ কালি ১৬০৮ জন লোক নতুনকৈ ৰোগক আক্ৰান্ত হৈছে৷ বৰ্তমানে ১৪,৮৯১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু সমগ্ৰ ৰাজ্যতে ১,৬০,১৬৯ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,৩২,১০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪,২১৩ জন৷ ৫৬৪১ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১১,১০৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯,২০১ জন৷ ৩৭১৭ জনৰ মৃত্যু হৈছে৷ ১,২৮,১৮২ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮,১৩৮ জন আৰু ২৫৬২ জনৰ মৃত্যু হৈছে৷ কালি ৮৭৩২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৮৭ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা ৯১,৩৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৫৪২ জন৷ ৬৮৪ জনৰ মৃত্যু হৈছে৷ ৬৮,১২৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ৫১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ সৈতে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮৮২ জন৷
  • অসমঃ অসমত কালি ১৫৯৩ জন ক’ভিড-১৯ ৰোগীক মুকলি কৰি দিয়া হয়৷ এই পৰ্যন্ত ৫৩২৮৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু ৰাজ্যখনত বৰ্তমানে ২২০৮৭ জন সক্ৰিয় ৰোগী আছে৷
  • মণিপুৰঃ ১৯২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৮৯ জন৷ আৰোগ্যৰ হাৰ হ’ল ৫৫%৷
  • মিজোৰামঃ কালি ৬৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ৭৭৭জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪২১ জন৷ ইয়াৰে ৩৫৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • মেঘালয়ঃ ৬৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ কালি ১৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে জুন মাহলৈ ক’ভিড উপকৰ হিচাপে ৬.৮ কোটি টকা সংগ্ৰহ কৰা হৈছে আৰু ইয়াক ৰাজ্যত ক’ভিড-১৯ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে জমা কৰা হৈছে৷
  • ছিক্কিমঃ আজি ১৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯৩ জন৷ এই পৰ্যন্ত ৬৭১ জনক মুকলি কৰি দিয়া হৈছে৷

 

ফেক্ট চেক



(Release ID: 1646333) Visitor Counter : 207