PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 AUG 2020 7:00PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

ভাৰতত এদিনতে অভিলেখ সংখ্যক সৰ্বাধিক লোকে আৰোগ্য লাভ কৰিছে; বিগত ২৪ ঘণ্টাত ৫৭,৩৮১ জন লোকে আৰোগ্য লাভ কৰিছে; ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত ৫০%ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে; ভাৰতত এদিনতে ৮.৬ লাখ ক’ভিডৰ নমুনা পৰীক্ষণ হৈছে

ভাৰতত এদিনতে সৰ্বাধিক সংখ্যক লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰি অভিলেখ ৰচনা কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫৭,৩৮১ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০%ত কৈও অধিক হৈছে৷ ৩২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত আৰোগ্যৰ হাৰ হ’ল ৫০%ত কৈও অধিক৷ দেশত এই পৰ্যন্ত ১৮,০৮,৯৩৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,৬৮,২২০ জন৷ দেশত এই মুহূৰ্তত ১৪৬৫ টা গৱেষণাগাৰত পৰীক্ষণসমূহ সম্পন্ন হৈ আছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণত  ক’ভিডৰ সৈতে দেশবাসীৰ সংগ্ৰামক অভিবাদন জনায়; ভাষণত তেওঁ ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ বিষয়ে ঘোষণা কৰে

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে৷ তেওঁ কয় যে ভাৰতৰ ক’ৰোনা যোদ্ধাসকলে ‘সেৱাই পৰম ধৰ্ম’ আপ্ত বাক্যশাৰীক মহিমামণ্ডিত কৰি তুলিছে৷  ভাষণ প্ৰসংগত তেও ‘‘ভকেল ফ’ৰ ল’কেল’’ৰ বিষয়েও আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণৰ উদ্ধৃতি

 

অধিক বিৱৰণৰ বাবে

 

১৫ আগষ্ট ২০২০ তাৰিখে ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

ভাৰতৰ স্বাধীনতা সংগ্ৰামে সমগ্ৰ বিশ্বখনকে অনুপ্ৰাণিত কৰি আহিছে। সম্প্ৰসাৰণবাদৰ ধাৰণাই বহু দেশক দাসত্বত পৰিণত কৰিলে। আনকি ভয়াৱহ যুদ্ধৰ মাজতো, ভাৰতে ইয়াৰ স্বাধীনতা আন্দোলনক ক্ষতি হ’বলৈ নিদিছিল।

ক’ভিড মহামাৰীৰ মাজত, ১৩০ কোটি ভাৰতীয়ই আত্ম-নিৰ্ভৰ হোৱাৰ পণ লৈছে আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ ভাৰতৰ মনত প্ৰোথিত হৈছে। এই সপোন সংকল্পলৈ ৰূপান্তৰিত হৈছে। আজি ১৩০ কোটি ভাৰতীয়ৰ বাবে আত্মনিৰ্ভৰ ভাৰত এফাঁকি ‘মন্ত্ৰ’ হৈ পৰিছে। মই মোৰ দেশবাসীৰ সামৰ্থ্য, বিশ্বাস আৰু সম্ভাৱনীয়তাক লৈ বিশ্বাসী। আমি কিবা এটা কৰিবলৈ সিদ্ধান্ত ল’লে, আমি লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত ৰ’ব নালাগিব।

আজি, সমগ্ৰ বিশ্বখনেই হৈ পৰিছে আন্তঃসংযোজিত আৰু আন্তঃনিৰ্ভৰশীল। ভাৰতৰ বাবে এই সময় হৈছে বিশ্ব অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা। ইয়াৰ কাৰণে, ভাৰত আত্ম-নিৰ্ভৰশীল হ’ব খুজিছে। কৃষি, মহাকাশৰপৰা স্বাস্থ্যসেৱালৈ, আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ ভাৰতে বহু পদক্ষেপ গ্ৰহণ কৰিছে। মই বিশ্বাসী, মহাকাশৰ দৰে খণ্ডসমূহৰ মুকলিৰ ব্যৱস্থাই আমাৰ যুৱ সমাজৰ অৰ্থে বহু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকৰ দক্ষতা আৰু সম্ভাৱনীয়তা বৃদ্ধি কৰিবলৈ পৰৱৰ্তী পথ প্ৰশস্ত কৰি তুলিব।

মাত্ৰ কেইমাহমানৰ পূৰ্বে, আমি বিদেশৰপৰা এন-৯৫ মাস্ক, পিপিই কিট আৰু ভেন্টিলেটৰ আমদানি কৰিছিলো। কিন্তু মহামাৰীটোৰ সময়ত আমি এন-৯৫ মাস্ক, পিপিই কিট আৰু ভেন্টিলেটৰ কেৱল প্ৰস্তুত কৰাই নহয়, বৰঞ্চ এইবোৰ সমগ্ৰ বিশ্বলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছো।

 ‘মেক ইন ইণ্ডিয়া’ৰ উপৰিও, আমি ‘মেক ফৰ ৱৰ্ল্ড’ মন্ত্ৰফাঁকিও হৃদয়ংগম কৰিব লাগে।

১১০ লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনিমূলক পাইপলাইন প্ৰকল্পই আমাৰ সামগ্ৰিক আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহকে ত্বৰান্বিত কৰিব। আমি এতিয়া মাল্টি-মডেল যোগযোগ আন্তঃগাঁথনিত মনোনিৱেশ কৰিছো। আমি আৰু একঘেয়ামিতাৰে কাম কৰিব নোৱাৰো; আমি ব্যাপক আৰু সংহত আন্তঃগাঁথনিত মনোনিৱেশ কৰিব লাগে। ভিন্ন খণ্ডসমূহৰ প্ৰায় ৭,০০০ টা প্ৰকল্পও চিনাক্ত কৰি উলিওৱা হৈছে। ই আন্তঃগাঁথনি ক্ষেত্ৰখনত নৱ বিপ্লৱৰ সূচনা কৰিব।

কিমান আৰু আমাৰ দেশৰপৰা কেঁচা সামগ্ৰী তৈয়াৰী পণ্য হৈ থাকিব আৰু ভাৰতলৈ ঘূৰি আহিব। এটা সময়ত আমাৰ কৃষি প্ৰণালী অতি পিছপৰি আছিল। তেতিয়া দেশৰ নাগৰিকক কেনেকৈ খাদ্যৰ যোগান ধৰিব পৰা যাব সেয়া আছিল বিৰাট উদ্বেগৰ কথা। আজি, আমি মাত্ৰ ভাৰতকে খাদ্যৰ যোগান ধৰিব পৰাই নহয় বৰঞ্চ বিশ্বখনৰেই বহু দেশক ইয়াৰ যোগাৰ কৰি দিছো। আত্ম-নিৰ্ভৰ ভাৰতে কেৱল মাত্ৰ আমদানি হ্ৰাসকে সূচিত কৰাই নহয়, বৰঞ্চ আমাৰ দক্ষতা আৰু আমাৰ সৃষ্টিশীলতা বৃদ্ধিতো গুৰুত্ব আৰোপ কৰিছে।

ভাৰতত সাধন হৈ থকা সংস্কাৰ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আহিছে। যাৰ ফলশ্ৰুতিত, এফডিআইৰ অন্তঃপ্ৰৱাহে সকলোবোৰ অভিলেখ ভংগ কৰিলে। আনকি ক’ভিড মহামাৰীৰ সময়ছোৱাতো এফডিআইত ১৮% অগ্ৰগতিৰ সাক্ষী হৈ ৰৈছে ভাৰত।

দেশখনৰ দুখীয়া লোকৰ জন ধন একাউন্টলৈ যে লক্ষ-লক্ষ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰিত হ’ল সেয়া কোনোবাই কল্পনা কৰিব পাৰিছিলনে? কৃষকৰ লাভালাভৰ অৰ্থে এপিএমচি আইনত যে এটা বৃহৎ পৰিৱৰ্তন সাধন হ’ল সেয়া কোনোৱে ভাবিব পাৰিছিল নে? আজি দেশত এখন ৰাষ্ট্ৰ-এখন ৰেচন কাৰ্ড, এখন ৰাষ্ট্ৰ-এটা কৰ, অৰ্থশূন্যতা আৰু দেউলিয়া অৱস্থা গূঢ়লেখ (Insolvency and Bankruptcy Code), আৰু বেংকসমূহৰ চামিল বাস্তৱায়িত হৈছে।

 আমি মহিলা সবলীকৰণৰ অৰ্থে কাম কৰিছো – সংগ্ৰামত নৌ সেনা আৰু বাযু সেনাই মহিলাক অন্তৰ্ভুক্তি কৰিছে, এতিয়া মহিলাসকল হৈ পৰিছে নেত্ৰী আৰু আমি তিনি তালাকক বিলুপ্ত কৰিলো, মাত্ৰ ১ টকাতে মহিলাৰ বাবে ছেনিটেৰী পেড উপলব্ধ কৰাইছো।

অধিক বিৱৰণৰ বাবে

 

 

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়াত  ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণ

নিজৰ সামৰ্থৰ বিশ্বাসৰ বলত আমি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অন্য দেশলৈও সহায়ৰ হাত সম্প্ৰসাৰিত কৰিছো৷ অন্য দেশৰ অনুৰোধত ঔষধৰ যোগান ধৰি আমি পুনৰবাৰ এয়া প্ৰমাণ কৰিছো যে সংকটৰ এই সময়ছোৱাত ভাৰত বিশ্ববাসীৰ সৈতে ঐক্যৱদ্ধ হৈ আছে৷  ক্ষেত্ৰীয় আৰু বিশ্বজনীন স্তৰত মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰভাৱী ৰণনীতিক বিকশিত কৰাত আমি অগ্ৰণী ভূমিকা পালন কৰিছো৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে শেহতীয়াকৈ সম্পন্ন হোৱা নিৰ্বাচনত লাভ কৰা পূৰ্ণ সমৰ্থনে ভাৰতৰ প্ৰতি থকা ব্যাপক আন্তঃৰাষ্ট্ৰীয় সদভাৱনাক প্ৰকট কৰি তুলিছে৷

কেৱল নিজৰ বাবে নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে পদক্ষেপ গ্ৰহণ কৰাটো ভাৰতৰ এক প্ৰাচীন পৰম্পৰা৷ ভাৰতৰ আত্মনিৰ্ভৰতাৰ অৰ্থ হ’ল স্বয়ং সক্ষম হোৱা, বিশ্বৰ পৰা বিচ্ছিন্ন হোৱা নহয়৷ ইয়াৰ অৰ্থ এয়াই যে ভাৰত গোলকীয় বজাৰ ব্যৱস্থাত অন্তৰ্ভুক্তও হ’ব আৰু নিজৰ বিশেষ পৰিচয়ো সাব্যস্ত কৰিব৷

অধিক বিৱৰণৰ বাবে

 

 

প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পৰা এটা টেলিফোন কল লাভ কৰে৷ নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী তথা ভাৰতবাসীক ৭৪তম স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য পদত পুনৰ ভাৰত নিৰ্বাচিত হোৱাৰ বাবেও নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৫.৭৩ লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৫১ লাখ৷
  • গুজৰাটঃ শুকুৰবাৰে ৰাজ্যখনত অভিলেখ সংখ্যক ৫১,২২৫টা ক’ভিড পৰীক্ষণ কৰা হয়৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৫,৫৬৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,২৯৯ জন৷
  • চট্টিশগড়ঃ বিগত ২৪ ঘণ্টাত সৰ্বাধিক ১৩ জন লোকৰ মৃত্যু হৈছে৷ শুকুৰবাৰে ৪৫১জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • অৰুণাচল প্ৰদেশঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৫২ জন৷ ১৭৫০ জনক মুকলি কৰি দিয়া হৈছে৷
  • মণিপুৰঃ ১৩০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ১৩ জন লোকৰ মৃত্যু হৈছে৷
  • মেঘালয়ঃ মেঘালয়ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সাহায্যাৰ্থে ১০,০০০ টকাৰ এককালীন অৰ্থ সাহায্য প্ৰদান কৰা হ’ব আৰু ৫০,০০০ টকা পৰ্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ’ব৷
  • মিজোৰামঃ ৫৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৭১৩ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৬৫ জন৷
  • নাগালেণ্ডঃ ১৫৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩২২ জন৷
  • পাঞ্জাৱঃ ক’ভিডৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন পুনৰ সম্প্ৰসাৰিত কৰাৰ নিৰ্দেশ দিছে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ ফলত অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে হাৰিয়ানা চৰকাৰে ধৰ্মীয় স্থানসমূহৰ বিদ্যুতৰ বিল ৰেহাই দিছে৷
  • কেৰালাঃ বৰ্তমান ১৪,০৯৪ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে৷ ২৬,৯৯৬ লোকে আৰোগ্য লাভ কৰিছে৷ ১,৫৫,০২৫ জন লোক ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,২৬,৩৪৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৭১৬ জন৷ ৫৫১৪ জনৰ মৃত্যু হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,২০৯ জন৷
  • কৰ্ণাটকঃ বৰ্ধিত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত গণেশ চতুৰ্থী উপলক্ষে এইবাৰ ৰাজহুৱাকৈ গণেশ পুজা উদযাপনত বাধা প্ৰদান কৰাৰ লগতে জনসাধাৰণক ঘৰতে পুজা উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে স্বাধীনতা দিৱস উপলক্ষে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯০,২৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩,৩৭৯ জন৷ ৬৮৪ জনৰ মৃত্যু হৈছে৷ ৬৬,১৯৬ জনক মুকলি কৰি দিয়া হৈছে৷

 



(Release ID: 1646193) Visitor Counter : 254