ৰেল মন্ত্ৰালয়

‘এইচআৰএমএছ’ প্ৰকল্পৰ অধীনত ‘চিআৰআইএছ’-য়ে বিকশিত কৰা আৰু ৰে’ল-কৰ্মচাৰীয়ে বুকিং কৰিবলগীয়া টিকট আৰু ই-পাছ-ৰ বিশেষ ভাগ মুকলি কৰিলে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষই

ৰে’ল-কৰ্মচাৰীসকলে যিকোনো স্থানৰ পৰা এই ‘ই-পাছ’ বিচাৰি অনলাইনৰে আবেদন কৰিব পাৰিব আৰু অনলাইনৰেই এই ‘ই-পাছ’ উপলব্ধ কৰিব পাৰিব

কাৰ্যালয়ৰ বিভিন্ন কামত ৰে’ল-কৰ্মচাৰীসকলে য’লৈ ত’লৈ গৈ থাকিবলগীয়া হয়। এই ব্যৱস্থাই এনে কাম-কাজ সম্পন্ন কৰা প্ৰক্ৰিয়াটোক অধিক পাৰদৰ্শিতা প্ৰদান কৰিব

Posted On: 13 AUG 2020 12:48PM by PIB Guwahati

ৰে’ল বৰ্ডৰ অধ্যক্ষ আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বিভাগৰ ‘মানৱ সম্পদ প্ৰবন্ধন প্ৰণালী’(এইচআৰএমএছ)ৰ অধীনত ‘চিআৰআইএছ’-য়ে বিকশিত কৰা আৰু ৰে’ল-কৰ্মচাৰীয়ে বুকিং কৰিবলগীয়া টিকট আৰু ‘ই-পাছ’-ৰ বিশেষ ভাগ মুকলি কৰে।এই অনুষ্ঠানত ৰে’ল বিভাগৰ ‘এফচি’ গৰাকীৰ  লগতে ব’ৰ্ডৰ সকলো সদস্য, ‘আইআৰচিটিচি’ৰ মুখ্য পৰিচালন সঞ্চালক, ‘চিআৰআইএছ’-ৰ পৰিচালন সঞ্চালক, সকলোকেইগৰাকী মহা প্ৰবন্ধক, ‘পিচিপিঅ’এছ’, ‘পিচিচিএমএছ’, ‘পিএফএ’ আৰু ‘ডিআৰএম’সকল উপস্থিত থাকে।

অনুষ্ঠানত ‘মানৱ সম্পদ বিভাগ’ৰ সঞ্চালক প্ৰধানে এই বিশেষ ‘ই-পাছসমূহ’ৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।

‘এইচআৰএমএছ’ প্ৰকল্পৰ অধীনত ‘চিআৰএছআই’-য়ে বিকশিত কৰা এই ‘ই-পাছ’সমূহ বিভাগৰ সকলো স্তৰলৈ পৰ্যায়ক্ৰমে প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হ’ব। এই ব্যৱস্থাৰ সুবাদত ৰে’ল-কৰ্মচাৰীসকলে যিকোনো স্থানৰ পৰা এই ‘পাছ’ বিচাৰি অনলাইনৰে আবেদন কৰিব পাৰিব আৰু অনলাইনৰেই এই ‘ই-পাছ’ উপলব্ধ কৰিব পাৰিব।

কাৰ্যালয়ৰ বিভিন্ন কামত ৰে’ল-কৰ্মচাৰীসকলে য’লৈ ত’লৈ গৈ থাকিবলগীয়া হয়। এই ব্যৱস্থাই এনে কাম-কাজ সম্পন্ন কৰা প্ৰক্ৰিয়াটোক অধিক পাৰদৰ্শিতা প্ৰদান কৰিব।

‘চিআৰআইএছ’-য়ে অচিৰেই ‘মানৱ সম্পদ প্ৰবন্ধন প্ৰণালী’ৰ ‘কাৰ্যালয় নিৰ্দেশনা’ আৰু ‘নিষ্পত্তি’ সম্পৰ্কীয় প্ৰভাগ দুটাও মুকলি কৰাৰ ব্যৱস্থা কৰিব।

*****

 

DJN/MKV/KB



(Release ID: 1645609) Visitor Counter : 152