স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ ৩ কোটিতকৈ অধিক এন৯৫ মাস্ক বিতৰণৰ লক্ষ্যত উপনীত হৈছে

কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ ১.২৮ কোটি পিপিই আৰু ১০ কোটি হাইড্ৰক্সিক্ল’ৰ’কুইন বিতৰণ কৰিছে

Posted On: 13 AUG 2020 10:23AM by PIB Guwahati

ক’ভিড-১৯ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিৰৱচ্ছিন্নভাৱে কৰি অহা কামৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে মহামাৰীৰ বিৰুদ্ধে যুঁজৰ লগতে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰে স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

ক’ভিড-১৯ সুবিধা গঢ়ি তোলাৰ লগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় হিচাপে বিনামূলীয়াকৈ চিকিসা সামগ্ৰী যোগান ধৰিছে৷ ইয়াৰে অধিকাংশ সামগ্ৰী প্ৰথম অৱস্থাত ভাৰতত নিৰ্মাণ কৰা হোৱা নাছিল৷ কিন্তু বিশ্বজুৰি চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদেশৰ বজাৰত ইয়াৰ নাটনি দেখা দিয়ে৷

এনে পৰিস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয় আৰু ফাৰ্মাচিউটিকেল মন্ত্ৰালয়, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআৰডিঅ’)আৰু অন্যান্য সংস্থাৰ সহযোগত ভাৰতৰ স্বদেশী পিপিই কিট, এন৯৫ মাস্ক, ভেণ্টিলেটৰ ইত্যাদি প্ৰস্তুত কৰাত যৌথ প্ৰচেষ্টা গ্ৰহণ কৰে৷ ফলস্বৰূপে, কেন্দ্ৰীয় চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ সংকল্প পুৰণ কৰি এনে সামগ্ৰী ভাৰততে নিৰ্মাণ কৰাটো সম্ভৱ হৈ পৰিল৷

২০২০ৰ ১১ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানক বিনামূলীয়াকৈ ৩.০৪ কোটিতকৈ অধিক এন৯৫ মাস্ক, ১.২৮ কোটিতকৈ অধিক পিপিই কিট বিতৰণ কৰিছে৷ তদুপৰি, বৰ্তমানলৈকে ১০.৮৩ কোটিতকৈ অধিক হাইড্ৰক্সিক্ল’ৰ’কুইন টেবলেটো বিতৰণ কৰিছে৷ একেদৰে, বৰ্তমানলৈকে ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ২২,৫৩৩ ভেণ্টিলেটৰ যোগান ধৰা হৈছে৷

. ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG

HFW/COVID Medical Supplies/13Aug2020/1/DB



(Release ID: 1645559) Visitor Counter : 149