স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনতে সৰ্বাধিত ৫৬,১১০ জন লোকে আৰোগ্য লাভ কৰিছে

ভাৰতত আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি পাইছে

ভাৰতত এদিনতে সৰ্বাধিক ৭,৩৩,৪৪৯ টা পৰীক্ষণ সম্পন্ন হৈছে

Posted On: 12 AUG 2020 2:58PM by PIB Guwahati

বিগত ২৪ ঘণ্টাত ৫৬,১১০ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত চৰকাৰৰ ঐক্যৱদ্ধ প্ৰয়াসৰ ফলত দৈনিক গড় আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷  জুলাইৰ প্ৰথম সপ্তাহত ১৫০০০ৰ গড় আৰোগ্যৰ পৰা আৰম্ভ কৰি আগষ্টৰ প্ৰথম সপ্তাহত ৫০০০০ত কৈ অধিক গড় আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে৷

WhatsApp Image 2020-08-12 at 11.35.47.jpeg

এই পৰ্যন্ত মুঠ আৰোগ্যৰ সংখ্যা ১৬ লক্ষাধিক হৈ ১৬,৩৯,৫৯৯ৰ সীমা স্পৰ্শ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০.৩৮%লৈ বৃদ্ধি পাইছে৷

দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৪৩,৯৪৮ জন আছে যি মুঠ সক্ৰিয় ৰোগীৰ ২৭.৬৪%৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য লোকৰ মাজৰ ব্যৱধান প্ৰায় ১০ লক্ষ হৈছে৷

দেশৰ মৃত্যুৰ হাৰ বিশ্বৰ মৃত্যুৰ হাৰৰ তুলনাত সবাতোকৈ নিম্ন হৈছে আৰু এয়া বৰ্তমানে ১.৯৮% হৈছে৷

ভাৰতৰ পৰীক্ষণ, অনুসৰণ, চিকিৎসা কৌশলৰ জৰিয়তে বিগত ২৪ ঘণ্টাত ৭,৩৩,৪৪৯ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ইয়াৰ জৰিয়তে মুঠ পৰীক্ষণ ২.৬ কোটিতকৈও অধিক হৈছে৷

ভাৰতত বৰ্তমানে ১৪২১ টা গৱেষণাগাৰত পৰীক্ষণসমূহ সম্পন্ন হৈ আছে৷ ইয়াৰে ৯৪৪টা হ’ল চৰকাৰী খণ্ডৰ আৰু ৪৭৭টা হ’ল ব্যক্তিগত খণ্ডৰ৷ এই সমূহৰ ভিতৰতঃ

  • বাস্তৱিক সময়ৰ আৰটি পিচিআৰভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৭২৪ (চৰকাৰী ৪৩১ + ব্যক্তিগত ২৯৩)
  • ট্ৰুনেট ভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৫৮৪ (চৰকাৰী ৪৮১ + ব্যক্তিগত ১০৩)
  • চিবিএনএএটি ভিত্তিক গৱেষণাগাৰঃ ১১৩ (চৰকাৰী ৩২ + ব্যক্তিগত ৮১)

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

MV/SG/MANN

HFW/COVID Updates/12thAugust2020/1

****



(Release ID: 1645388) Visitor Counter : 152