স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰায় ১৬ লাখ আৰোগ্য লোকৰ সৈতে ভাৰতত আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি হৈছে

মৃ্ত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে

Posted On: 11 AUG 2020 2:03PM by PIB Guwahati

কাৰ্যকৰী নিয়ন্ত্ৰণ কৌশল, ব্যাপক পৰীক্ষণ আৰু মানসম্পন্ন ক্লিনিকেল ব্যৱস্থাপনাৰ জৰিয়তে গুৰুতৰ ৰোগীক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলতে আজি দেশত প্ৰায় আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি হৈছে৷

অধিক সংখ্যক ৰোগীৰ আৰোগ্য লাভ আৰু চিকিৎসালয় তথা গৃহ আইচলেচনৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আৰোগ্যৰ সংখ্যা ১৫,৮৩,৪৮৯ জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৪৭,৭৪৬ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

সমগ্ৰ দেশতে আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৬,৩৯,৯২৯ জন যি মুঠ পজিটিভ ৰোগীৰ কেৱল ২৮.২১% হে৷ তেওঁলোকক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে৷

সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা  লোকৰ ব্যৱধান প্ৰায় ৯.৫ লাখলৈ বৃদ্ধি পাইছে৷

WhatsApp Image 2020-08-11 at 10.25.54.jpeg

ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈ বৰ্তমানে ১.৯৯% হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

MV/SG/MANN

HFW/COVID Updates/11thAugust2020/1

 

****



(Release ID: 1645167) Visitor Counter : 189