কৃষি মন্ত্ৰালয়

আত্মনির্ভৰ ভাৰত অভিযান/কৃষিৰ অধীনত কৃষক কল্যাণৰ লক্ষ্যৰে কৃষি সৰঞ্জাম আৰু প্ৰযুক্তি বিভাগে গ্ৰহণ কৰিছে একাধিক প্ৰচেষ্টা

কৃষি যান্ত্ৰিকীকৰণৰ চাব-মিচনৰ অধীনত ৫৫৩ কোটি টকা আৰু পথাৰত কৃষিৰ অৱশিষ্টসমূহ পোৰাটো ৰোধ কৰিবলৈ শস্য অৱশিষ্ট ব্যৱস্থাপনা আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষত ৰাজ্যসমূহক ৫৪৮.২০ কোটি টকা মুকলি কৰি দিয়া হৈছে

Posted On: 08 AUG 2020 1:02PM by PIB Guwahati

কৃষি খণ্ডত বহনক্ষম উন্নয়নৰ অন্যতম প্ৰধান চালিকাশক্তি হ’ল কৃষিত ব্যৱহৃত সৰঞ্জাম আৰু যন্ত্ৰপাতি। ইয়াৰ সহায়ত কৃষি খণ্ডত পাদন বৃদ্ধি পোৱাৰ উপৰি শস্যৰ ক্ষতিৰ পৰিমান কমে আৰু কৃষি খণ্ডত ব্যয়ো হ্রাস পায়। কৃষিত ব্যৱহৃত যন্ত্ৰপাতি আৰু সৰঞ্জামে প্রাকৃতিক সম্পদৰ পাদনশীলতা বৃদ্ধি কৰে আৰু কৃষি কাৰ্যৰ সৈতে জড়িত বিভিন্ন খণ্ডৰ ব্যয় হ্রাস কৰে৷ এই লক্ষ্যৰে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে '#আত্মনির্ভৰ কৃষি' অধীনত কৃষি সৰঞ্জাম আৰু প্ৰযুক্তি বিভাগে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

দেশত কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি আৰু সৰঞ্জাম উন্নয়নৰ দিশত বিশেষ জোৰ দিয়া হৈছে৷ কৃষি খণ্ডত যন্ত্রৰ ব্যৱহাৰ বৃদ্ধিত একাধিক প্ৰচেষ্টাও হাতত লোৱা হৈছে৷ ইয়াৰ অংশ হিচাপে ২০১৪ চনৰ এপ্রিল মাহত কৃষি কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি আৰু সৰঞ্জামৰ সুবিধার্থে এক প্ৰকল্প আৰম্ভ কৰা হৈছিল। ২০২০-২১ বিত্তীয় বর্ষত এই প্ৰকল্পৰ বাবে ১,০৩৩ কোটি টকা আৱণ্টন কৰা হৈছে। ইয়াৰ ভিতৰত ৫৩৩ কোটি টকা ৰাজ্য চৰকাৰসমূহক অনুমোদন জনোৱা হৈছে৷

দেশৰ উত্তৰাঞ্চলত পৰিৱেশ প্ৰদূষণত অন্যতম প্ৰধান কাৰণ হ’ল ধানৰ নৰা পোৰা৷ পাঞ্জাৱ, হাৰিয়ানাত বর্তমান ৰবি শস্য খেতিৰ বাবে ভূমি পৰিষ্কাৰ কৰি ধানৰ নৰা পোৰাৰ প্ৰৱণতা প্ৰচুৰ পৰিমানে বৃদ্ধি পাইছে। কাৰণ এই ৰাজ্যসমূহ শস্য তোলাৰ পাছ ২ৰ পৰা সপ্তাহতকৈও কম সময়ৰ ভিতৰতে পৰৱর্তী খেতিৰ বাবে ভূমি প্ৰস্তুত কৰিব লগা হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ২০১৮ চনত ধানৰ নৰা বা অৱশিষ্টসমূহ পোৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তাত কৃষকসকলৰ শস্যৰ অৱশিষ্টসমূহ পোৰাৰ বাবে 'কাষ্টম হায়াৰিং চেন্টাৰ' (চিএইচচি) গঢ়ি তোলা হৈছে৷ ইয়াৰ উপৰি কৃষকসকলৰ পৃথকে যন্ত্ৰ ক্ৰয় কৰা ৰাজসাহায্যও  প্ৰদান কৰা হৈছে৷ ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ ৰাজ্যৰ বাবে মুঠ ১১৭৮.৪৭ কোটি টকা আৱণ্টন কৰা হৈছে৷ ২০২০-২১ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেটত ইয়াৰ বাবে ৬০০ কোটি টকা আৱণ্টন কৰা হয়। ইয়াৰে ভিতৰত ৫৪৮.২০ কোটি টকা ৰাজ্যসমূহক অনুমোদন দিয়া হৈছে৷

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে বিভিন্ন ভাষাত 'চিএইচচি-কৃষিত ব্যৱহৃত সৰঞ্জাম' শীর্ষক এক ম’বাইল এপ প্ৰস্তুত কৰিছে৷ ইয়াৰে ভিতৰত কৃষকসকলে তেওঁলোকৰ এলেকাত কিমান 'কাষ্টম হায়াৰি সেৱা' কেন্দ্ৰ আছে সেয়া জানিব পাৰিব৷ এই এপটোৰ সহায়ত ক্ষুদ্ৰ, প্রান্তীয় কৃষকসকলে উচ্চ মূল্যৰ কৃষি যন্ত্ৰপাতি নিকিনাকৈ কৃষি কাৰ্যৰ বাবে ভাড়াৰ ভিত্তিত যন্ত্ৰ নিব পাৰিব৷ এই এপটোৰ নাম দিয়া হৈছে 'ফার্মছ-এপ'

ক’ভিড মহামাৰীয়ে বিশ্বজুৰি মানুহৰ জীৱনত প্ৰভাৱ পেলাইছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়৷ কৃষি কাৰ্য আৰু কৃষকসকলৰ ওপৰতো এই মহামাৰীৰ প্ৰভাব পৰিছে। কাৰণ ক’ভিডৰ ফলত লকডাউনৰ সময়ত কৃষি কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা নাছিল৷ ৰবি শস্যৰ বতৰত শস্য চপোৱাৰৰ সময়ত এই লকডাউনৰ ফলত তেওঁলোক যথেষ্ট সমস্যাত পৰিছিল৷ একেদৰে কৃষি কাৰ্যৰ সৈতে জড়িত বহু প্ৰব্ৰজিত শ্ৰমিকে লকডাউন ঘোষণা কৰাৰ পাছতে নিজ নিজ ৰাজ্যলৈ ঘূৰি যায়৷ এনে পৰিস্থিতিত কৃষি শ্ৰমিকসকলৰ ঘাটি পুৰণত ৰবি শস্য উপযুক্ত সময়ত পথাৰৰ পৰা তোলা আৰু কৃষি সৰঞ্জাম আৰু যন্ত্ৰপাতিৰ নিৰবচ্ছিন্ন যোগান সুনিশ্চিত কৰিবলৈ কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰে। চৰকাৰৰ নির্দেশ মানি লকডাউনৰ সময়ত ভূমিত কৃষি কাৰ্য পৰিচালনা অব্যাহত ৰখা হয়। কৃষি কাৰ্যৰ সৈতে জড়িত সৰঞ্জাম আৰু যন্ত্ৰপাতি সৰবৰাহ সুনিশ্চিত কৰিবলৈ প্ৰচেষ্টা লোৱা হয়। তদুপৰি, কৃষি কাৰ্যৰ সৈতে সৰঞ্জাম আদি এখন ৰাজ্যৰ পৰা অন্য ৰাজ্য বা এখন জিলাৰ পৰা অন্য জিলালৈ যোগান সুনিশ্চিত কৰা হয়।

মূলত চাকৰিৰ সন্ধানত চহৰৰ বিভিন্ন সংস্থাত অস্থায়ীভাবে কাম কৰিবলৈ অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱনতো ক’ভিড মহামাৰীয়ে প্ৰভাৱ পেলাইছে। লকডাউনৰ কাৰণে তথা অনিশ্চিত ভৱিষ্যতৰ ভয়ত বহু প্ৰব্ৰজিত শ্ৰমিকে তেওঁলোকৰ নিজ নিজ ৰাজ্যলৈ ঘূৰি যায়৷ এই ধৰণৰ প্ৰব্ৰজিত শ্ৰমিকসকলক সহায় কৰাৰ বাবে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আগুৱাই আহিছে। তেওঁলোকক স্থানীয় এলেকাত কর্মসংস্থাপনৰ সুযোগ কৰি দিবলৈ 'আত্মনির্ভৰ ভাৰত অভিযান/কৃষি' প্ৰকল্পৰ অধীনত প্ৰব্ৰজিত শ্ৰমিকসকলৰ দক্ষতা উন্নয়নৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মধ্যপ্ৰদেশত বুদনি আৰু হৰিয়ানাৰ হিছাৰত 'কৃষি যান্ত্ৰিক প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানে' ৮টা কর্ম সংস্থাপনমুলক বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। প্ৰব্ৰজিত শ্ৰমিকসকলৰ দক্ষতা অর্জন কাৰ্যসূচীৰ বিষয়ত প্ৰয়োজনীয় নির্দেশনা জানিবলৈ এই প’ৰ্টেল চাওক http://farmech.dac.gov.in/

***

APS/SG/DB



(Release ID: 1644670) Visitor Counter : 222