প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদৰ চিকিৎসালয়ত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 06 AUG 2020 9:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ চিকিসালয়ত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, আহমেদাবাদৰ চিকিসালয়ত অগ্নিকাণ্ডৰ ঘটনাত দুঃখিত হৈছো৷ মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পৰিস্থিতিৰ সন্দৰ্ভত মই মুখ্যমন্ত্ৰী @vijayrupanibjp জী আৰু মেয়ৰ @ibijalpatel জীৰ সৈতে কথা পাতিছো৷ প্ৰশাসনে পীড়িত লোকসকলক সম্ভাৱ্য সকলোপ্ৰকাৰৰ সহায় আগবঢ়াইছে৷

***

VRRK/SH /DB



(Release ID: 1643908) Visitor Counter : 125