ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ছিল্ক মাস্কৰ খাদী গিফ্ট বক্স উন্মোচন এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ

Posted On: 01 AUG 2020 2:23PM by PIB Guwahati

এতিয়া আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু-বৰ্গক উপহাৰস্বৰূপে প্ৰদান কৰিব পাৰিব বিশেষ খাদী ছিল্ক ফেচ মাস্কৰ এটা আকৰ্ষণীয় গিফ্ট বক্স। খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি)এ প্ৰস্তুত কৰি উলিওৱা এই গিফ্ট বক্সটো কালি কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে মুকলি কৰে। এই গিফ্ট বক্সটোত আছে ভিন্ন ৰং আৰু ছাপ (prints)ৰ হাতেৰে প্ৰস্তুত চাৰিখন ছিল্ক মাস্ক। এই মাস্ককেইখন ধুনীয়াকৈ হাতেৰে তৈয়াৰী কাগজৰ বাকচত পেক কৰা হৈছে। ক’লা ৰঙৰ এই বাকচটোত সোণালী ছাপৰ বুটা বছা আছে।

এই গিফ্ট বক্সটোৰ শলাগ লৈ শ্ৰী গাডকাৰীয়ে কয় যে উৎসৱৰ উদ্দীপনা উদযাপনত ই হ’ব এক উপযুক্ত আহিলা যিয়ে নেকি সুৰক্ষাও সুনিশ্চিত কৰিব। এনে মাস্ক প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ কেভিআইচিক প্ৰশংসা কৰি কয় যে ইয়ে ক’ৰোনা মহামাৰীসৃষ্ট অতিশয় জটিল সময়ছোৱাত শিল্পীসকলক স্থায়ী জীৱিকা প্ৰদান কৰিব।

এই ছিল্ক মাস্কৰ প্ৰতিটো গিফ্ট বক্সৰ মূল্য মাত্ৰ ৫০০ টকা আৰু দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলোবোৰ কেভিআইচিৰ বিপণীতে এতিয়া ই উপলব্ধ।

এই গিফ্ট বক্সটো মুকলি কৰাৰ আঁৰৰ লক্ষ্যৰ কথা সদৰী কৰি কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চেক্সেনাই কয় যে বিদেশৰ বজাৰ দখলৰ লক্ষ্যৰে তথা উৎসৱৰ সময়ছোৱাত দেশৰ গৰিষ্ঠসংখ্যক লোকে যাতে ব্যয়সাধ্য মূল্যত তেওঁলোকৰ প্ৰিয়জনক উপহাৰস্বৰূপে প্ৰদান কৰিব পাৰে, তাৰ অৰ্থেই ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে।

এই গিফ্ট বক্সটোত এখন ছাপযুক্ত ছিল্ক মাস্ক আৰু আন তিনিখন ডাঠ আকৰ্ষণীয় ৰঙৰ মাস্ক থাকিব। এই তিনি-তৰপীয়া ছিল্ক মাস্কসমূহ ছালৰ কাৰণে উপযোগী, ধুব পৰা, পুনৰ ব্যৱহাৰযোগ্য আৰু জীবাণুবিয়োজ্য (bio-degradable)। এই ছিল্ক মাস্কসমূহৰ তিনিটা তৰপ আছে আৰু কাণত অনায়াসে লগাই ৰাখিব পাৰি আৰু ইয়াৰ ৰছীসমূহো আকৰ্ষণীয়কৈ প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াৰ ২ টা অভ্যন্তৰীণ তৰপ ১০০% খাদী কটন ফেব্ৰিক আৰু বাহিৰৰ তৰপটো ছিল্ক ফেব্ৰিকৰে প্ৰস্তুত কৰা যায়।

*****

RCJ/SKP/IA



(Release ID: 1642982) Visitor Counter : 161