স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কৰোনাত মৃত্যুৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ভেন্টিলেটৰ ৰপ্তানিলৈ প্ৰদান কৰিছে অনুমতি

পোষ্ট কৰা হৈছে: 01 AUG 2020 4:53PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত ভিড-১৯ সংক্ৰান্তীয় মন্ত্ৰীগোটে ভাৰতত নিৰ্মিত ভেন্টিলেটৰ ৰপ্তানিত অনুমতি প্ৰদান কৰিছে। মন্ত্ৰী গোটৰ এই সিদ্ধান্ত বৈদেশিক বাণিজ্য সংক্ৰান্তীয় মহানিৰ্দেশকক ইতিমধ্যেই জনোৱা হৈছে, যাতে দেশীয় পদ্ধতিত প্ৰস্তুত কৰা ভেন্টিলেটৰসমূহ ৰপ্তানিৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰা হয়।

দেশত ভিড আক্ৰান্ত ৰোগীসকলৰ মৃত্যুৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰ্তমান কৰোনাত মৃত্যুৰ হাৰ হ্ৰাস পাই হৈছে .১৫ শতাংশ। ইয়াৰ পৰাই প্ৰমাণিত হয় যে, ভেন্টিলেটৰত থকা নিশ্চিতভাৱে কৰোনাত আক্ৰান্তৰ সংখ্যা খুব অধিক নহয়। দেশত বিগত সময়ছোৱ পৰ্যন্ত নিশ্চিতভাৱে ৰোনাত আক্ৰান্তৰ .২২ শতাংশ ৰোগীয়েই ভেন্টিলেটৰৰ সহায় লৈ আছে। ইফালে, দেশীয় পদ্ধতিত ভেন্টিলেটৰ উৎপাদনৰ ক্ষমতা লক্ষণীয় হাৰত বৃদ্ধি পাইছে। বিগত জানুৱাৰী মাহৰ তুলনাত এতিয়া দেশত ২০ তকৈও অধিক ভেন্টিলেটৰ উৎপাদনকাৰী সংস্থা আছে।

উল্লেখ্য যে ভিড-১৯ মোকাবিলাত ভেন্টিলেটৰৰ পৰ্যাপ্ত যোগান অব্যাহত ৰাখিবলৈ বিগত মাৰ্চ মাহত ভেন্টিলেটৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। বৈদেশিক বাণিজ্য বিষয়ক মহানিৰ্দেশকৰ তৰফৰ পৰা বিগত ২৪ মাৰ্চ তাৰিখে এক বিজ্ঞপ্তি জাৰি কৰি ভাৰতৰ পৰা  সকলো ধৰণৰ ভেন্টিলেটৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী কৰা হয়। এতিয়া ভেন্টিলেটৰ ৰপ্তানিত অনুমতি দিয়াৰ ফলত নিজৰ বজাৰসমূহৰ আৰু অধিক ভাৰতীয় ভেন্টিলেটৰৰ প্ৰৱেশ আৰু বিক্ৰী লক্ষণীয় হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

******

MV/RD


(ৰিলিজ আই ডি : 1642980) অতিথি কক্ষ : 298