কৃষি মন্ত্ৰালয়

ক’ৰোনা মহামাৰীৰ সন্ত্ৰাস স্বত্বেও সুন্দৰকৈ শস্য চপোৱা আৰু খাৰিফ শস্য ৰোৱা কথাত সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে

‘আইচিএআৰ’ আৰু ‘কেভিকে’-য়ে কৃষি উন্নয়ণৰ বাবে অঞ্চল ভিত্তিক আৰ্হি যুগুতোৱা, উত্তম আৰু ভিন্নমুখী কৃষি অনুশীলনৰ পথ প্ৰদৰ্শন কৰা উচিত : শ্ৰী তোমৰে

Posted On: 01 AUG 2020 1:18PM by PIB Guwahati

মধ্য প্ৰদেশ আৰু চত্তিশগড়ৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)সমূহৰ এক তিনিদিনীয়া মাণ্ডলিক কৰ্মশালা যোৱা ২৯ জলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত কৰা হয় কৰ্মশালাৰ পূৰ্ণকালীন অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে কয় যে কৃষি আৰু গ্ৰাম্য খণ্ডই দেশক সংকটৰ পৰা মুক্ত কৰাৰ সামৰ্থ্য সদায়ে বহণ কৰি আহিছে ক’ৰোনা মহামাৰীৰ সন্ত্ৰাস স্বত্বেও সুন্দৰকৈ শস্য চপোৱা আৰু খাৰিফ শস্য ৰোৱা কথাত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতেও দেশৰ কৃষক সমাজৰ লগতে গ্ৰামাঞ্চলবাসীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দ্ধাৰণ কৰা আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এক নেতৃত্ববহণকাৰী ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। কোনো প্ৰতিকূলতাই দেশৰ কৃষক ৰাইজ তথা গাঁওবাসীক যে কেতিয়াও সংকটাপন্ন কৰিব পৰা নাই সেই সত্য ইতিহাসৰ পাতে পাতে সিঁচৰতি হৈ আছে বুলিও তেওঁ প্ৰসংগ ক্ৰমে উল্লেখ কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰীয়ে জনোৱা ‘ভোকেল ফৰ লোকেল’-ৰ আহ্বান-ও গভীৰ ভাবে গ্ৰামোন্নয়ণৰে সংযুক্ত হৈ আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি উন্নযণৰ ক্ষেত্ৰত ‘কেভিকে’ আৰু কৃষি বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে। কৃষিৰ উত্পাদন বাঢ়িলেহে কৃষিক জীৱিকাৰ উপজীৱ্য কৰি লোৱাৰ বাবে যুৱ-প্ৰজন্ম আগবাঢ়ি আহিব। ‘আইচিএআৰ’ আৰু ‘কেভিকে’-য়ে কৃষি উন্নয়ণৰ বাবে অঞ্চল ভিত্তিক আৰ্হি যুগুতোৱা, উত্তম আৰু ভিন্নমুখী কৃষি অনুশীলনৰ পথ প্ৰদৰ্শন কৰা উচিত বুলিও মন্ত্ৰীগৰাকীয়ে অভিমত ব্যক্ত কৰে।

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এই অধিৱেশনত ‘আইচিএআৰ’-ৰ সঞ্চালক প্ৰধান ড০ ত্ৰিলোচন মহাপাত্ৰ, কৃষি সম্প্ৰসাৰণ বিভাগৰ উপ সঞ্চালক প্ৰধান ড০ এ কে সিং, আইচিএআৰ-ৰ কৃষি সম্প্ৰসাৰণ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা মাণ্ডলিক তত্বাৱধায়ক ড০ ভি পি চহল, এছএইউৰ উপাচাৰ্যসকল, ‘আইচিএআৰ’ প্ৰতিষ্ঠানৰ সঞ্চালকমণ্ডলী, বঁটা প্ৰাপক কৃষকসকল, কৃষিখণ্ডৰ উদ্ভাৱকসকল, কৃষি উদ্যোগী, মধ্য প্ৰদেশ আৰু চত্তিশগড়ৰ ‘কেভিকে’সমূহৰ মূৰব্বীসকলেও অংশগ্ৰহণ কৰে।

*****

APS/SG/KB



(Release ID: 1642925) Visitor Counter : 117