পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

দুচকীয়া যান-বাহণৰ ‘হেলমেট’-ৰ ‘বিআইএছ’ প্ৰামাণিকীকৰণ ব্যৱস্থা প্ৰবৰ্তন সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ বিচাৰি ‘স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়’ৰ অধিসূচনা

प्रविष्टि तिथि: 01 AUG 2020 1:16PM by PIB Guwahati

দুচকীয়া যান-বাহণ আৰোহীৰ সুৰক্ষা উপকৰণ হেলমেট-ৰ বাবে ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ(বিআইএছ) আইন ২০১৬ৰ অধীনত প্ৰামাণিকীকৰণ ব্যৱস্থা প্ৰবৰ্তন সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ বিচাৰি স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়য়ে খচৰা অধিসূচনা প্ৰকাশ কৰিছে। এই ব্যৱস্থাৰ আধাৰত ভাৰতত কেৱল বিআইএছ প্ৰত্যায়িত হেলমেটহে তৈয়াৰ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিব পৰা যাব। এই ব্যৱস্থাই দুচকীয়া যানৰ হেলমেটৰ মান উ্ন্নত কৰাৰ লগতে পথ সুৰক্ষা প্ৰেক্ষাপটকো উন্নত কৰিব আৰু দুকচকীয়া যান জড়িত হোৱা দুৰ্ঘটনাৰ হাৰো বহু পৰিাণে হ্ৰাস কৰিব।

এই সন্দৰ্ভত আগবঢ়াব খোজা দিহা-পৰামৰ্শ জাননী প্ৰকাশ হোৱাৰ পৰা ৩০দিনৰ ভিতৰত যুটীয়া সচিব(এমভিএল), স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, পৰিবহণ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী-১১০০০১ (email: jspb-morth[at]gov[dot]in) লৈ প্ৰেৰণ কৰিব পাৰিব।

 

***

RCJ/MS/KB


(रिलीज़ आईडी: 1642921) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Telugu , Malayalam